পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
স্যমন্ত হৰণ

ঘোষা।

ও হৰি হৰি দীন দয়াল
গোপাল পালিয়ো নিয়া।
তোহ্মাৰ নাম মুখে ফুৰো লৈয়া
তোহ্মাৰ চৰণ চিন্তোক হিয়া॥

পদ

পাচে যদুবংশ যতেক আছে।
কৃষ্ণ আসন্তোক মনত বাঞ্ছে॥
যাৰ যেন শক্য পাৰিল মানে।
পূজিলা দুৰ্গাক বলি বিধানে॥ ৫৩
মায়াক আৰাধি সাধন্ত বৰ।
সত্বৰে আসন্তোক দামোদৰ॥
পঢ়ি স্তুতি স্তোত্ৰ কৰে মঙ্গল।
সিটো আশীৰ্ব্বাদ ভৈলা সাম্ফল॥ ৫৪.
ভাৰ্যায়ে সহিতে আসিলা হৰি।
গ্ৰীৱাত সমন্ত মণিক ধৰি॥
দেখন্ত সবে আইলা যদুৰায়।
মৰি উপজিল যেন দুনাই॥ ৫৫
লগতে কন্যাক আসিলা লই।
সমস্ত সুহৃদে বেঢ়িলা গই॥
পৰম ৰঙ্গে কৰে শুভ শুভ।
শিৰত সিঞ্চিলা অক্ষত দূৰ্ব্ব॥ ৫৬