পৃষ্ঠা:স্যমন্ত হৰণ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্যমন্ত হৰণ

ঘোষা

বনমালী জগমোহন ৰাম।
সুখে দুখে মুখে যো নো ছাৰে ৰাম নাম।

পদ

ভ্ৰাতৃক নেদেখি অনন্তৰে সত্ৰাজিত।
মহাশোকে ক্ৰন্দন কৰিলা বিপৰীত॥
স্যমন্তক পিন্ধি গৈলি বনক ভৈয়াই।
জানিলো মাৰিলা কৃষ্ণে নিৰ্জনত পাই॥ ১৬
খুজি নাপাই ভাইক মাৰি কৃষ্ণে নিলা মণি।
শুনি সকলোৱে আক কৰে কাণাকাণি॥
বেকত নকৰৈ কেহো মাধৱক ডৰে।
পাইলেক কলঙ্ক মোক জানি দামোদৰে॥ ১৭
কিমতে দুৰ্যশ গুচাওঁ গুণি ভগৱন্ত।
লগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত॥
প্ৰসেনৰ পথে চলি যান্ত বনমালী।
প্ৰৱন্ধে ঘোৰাৰ সিটো খোজক নিহালি॥ ১৮
কতোদূৰে গৈয়া পচে দেখিলা মহীত।
প্ৰসেন পৰিয়া আছে ঘোৰায়ে সহিত॥
সিংহে মাৰি মণি নিলা জানি বনমালী।
উঠিলা পৰ্ব্বতে তাৰ খোজক নিহালি॥ ১৯