পৃষ্ঠা:স্যমন্ত হৰণ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্যমন্ত হৰণ

ঘোষা

গোপাল গোবিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ॥

পদ

শুনিয়া হাসি চাহি চক্ৰপাণি।
নোহন্ত আদিত্য বুলিলা বাণী।
মণিৰ ৰশ্মি হুয়া প্ৰকাশিত।
গৃহক লাগি আসে সত্ৰাজিত॥ ৮
সত্ৰাজিতে পচে গৃহক পাইলা।
অনেক মাঙ্গল্য বাদ্য বজাইলা।
দেৱৰ গৃহে পশি প্ৰণিপাতে।
নিবেদিল মণি বিপ্ৰৰ হাতে॥ ৯
মণিৰ মহিমা কি কৈবো আৰ।
সুৱৰ্ণ নিতে স্ৰৱৈ অষ্টভাৰ॥
যি থানে থাকৈ সিটো স্যমন্তক।
নাহিকে দুৰ্ভিক্ষ মাৰী মড়ক॥ ১০
নাহিকৈ ব্যাধি ব্যাঘ্ৰ সৰ্পভয়।
একো উপসৰ্গ নোপজৈ তয়॥
দিনেক মণি খুজিলন্ত হৰি।
নিদিলা সত্ৰাজিতে গহ কৰি॥ ১১