পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্যমন্ত হৰণ

ঘোষা

ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ
 দীন দয়াশীল স্বামী।
কৰাই নিস্তাৰ তোহ্মাৰ চৰণে
 শৰণ পশিলো আমি॥

দুলড়ী

কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ
 পৰম বিস্ময় মনে।
স্বামী হেন জানি বুলিবে লাগিলা
 প্ৰণামি কৃষ্ণ চৰণে॥
জানিলে তোহ্মাক জগত ঈশ্বৰ
 তুমি সনাতন হৰি।
সমন্তে ভূতৰ তুমি প্ৰাণ বল
 জগতকে আছা ধৰি॥ ৩২
স্ৰষ্টাৰো স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা
 উদ্ধাৰি ধৰিলা ভূমি।
জীৱৰ নিয়ন্তা পৰমা আতমা
 মৃত্যুৰো অন্তক তুমি॥
জানিলো তোহ্মাক সেহি ৰঘুনাথ
 যিটো ইষ্টদেৱ মোৰ।