পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
স্যমন্ত হৰণ

ঘোষা

হৰিৰ চৰণ চিন্তিয়ো চিত্ত হৃদয়ে সৰ্ব্বথা।
মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা॥

পদ

হেন স্তুতি বাণী শুনি দৈৱকীতনয়।
চাইলা দয়াদৃষ্টি ভকতক কৃপাময়॥
মাৰ্জিলা অমৃত হাতে সমস্ত শৰীৰ।
ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ॥ ৩৬
মেঘৰ গম্ভীৰ ধ্বনি দিলা সমধান।
মণিহেতু ঋক্ষৰাজ আইলো তযু স্থান॥
তুমি আনি আছা মহামণি স্যমন্তক।
মিছাতে সমস্তে দেয় কলঙ্ক আহ্মাক॥ ৩৭
পৰম ভকত তুমি জানোহো তোহ্মাক।
দিয়া মণি মোক মই নেওঁ দ্বাৰকাক॥
গুচোক দুৰ্ঘশ দেখাওঁ লোকত প্ৰত্যয়।
শুনি আনন্দিত জাম্বৱন্ত মহাশয়॥ ৩৮
তানে কন্যাৰত্ন আছে নামে জাম্বৱতী।
কৃষ্ণক বিবাহ দিলা ৰঙ্গে ঋক্ষপতি।
লগত যৌতুক আনি দিলন্ত স্যমন্ত।
পৰম আনন্দ দেখি ভৈল ভগৱন্ত॥ ৩৯