পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
স্যমন্ত হৰণ

গৰ্ত্তৰ বাজত যত প্ৰজা আছে ৰহি॥
কৃষ্ণক চাহন্তে বাৰ দিন গৈল বহি॥
নাসিবাৰ দেখি ভৈল পৰম দুখিত।
নিবৰ্ত্তিয়া জান দিলা দ্বাৰকাপুৰীত॥ ৪০
গৰ্ত্তত পশিলা মণিহেতু যদুৰায়।
বাৰদিন তথাতে আছিলো বাট চাই॥
উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ।
বোলা হৰি হৰি তৰা সংসাৰ সাগৰ॥ ৪১

ঘোষা

ত্ৰাহি যদুনন্দন দেৱ।
পাৱে পৰি কৰ সেৱ॥

পদ

বসুদেৱ হেন শুনি।
ৰুক্মিণী মূৰ্চ্ছিতা আতি।
শোকে যায় প্ৰাণ ফুটি।
পুত্ৰ হৰুৱাওঁ যো নো।
পীতবস্ত্ৰে শোভে কায়।

   

স্তৱধ ভৈলন্ত গুণি॥
কান্দন্ত দৈৱকী সতী॥ ৪২
ভূমিত পাৰন্ত লুটি।
শ্যামল সুন্দৰ তনু॥ ৪৩
মেঘত বিজুলী প্ৰায়॥