সমললৈ যাওক

পৃষ্ঠা:স্যমন্ত হৰণ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
স্যমন্ত হৰণ

শুনি সত্ৰাজিত ৰঙ্গ ভৈল।
স্যমন্তক লৈয়া ঘৰে গৈল॥ ৬৬
অনন্তৰে জগতৰে নাহ।
কৰি সত্যভামাক বিবাহ॥
ক্ৰীড়িলা আনন্দে নাৰায়ণ।
যিটো শুনে স্যমন্ত হৰণ॥৬৭
এৰায়া কলঙ্ক মহাপাপ।
দূৰে যায় সংসাৰৰ তাপ॥
হোৱে সিদ্ধি মনৰ বাঞ্চিত।
জানি শুনা কৃষ্ণৰ চৰিত॥ ৬৮
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে।
কীৰ্ত্তন নেৰিবা একো নৰে॥
আতপৰে নাহিকে উপায়।
বেদৰ এহিসে অভিপ্ৰায়॥ ৬৯
মায়াময় পুত্ৰ দাৰা গেহ।
কেতিক্ষণে পৰৈ ইটো দেহ॥
আক নেদেখয় কিনো অন্ধ।
বিষয়ত তথাপি প্ৰৱন্ধ॥ ৭০
আন চিন্তা সবে পৰিহৰা।
মিছা মোৰ মোৰ কৰি মৰা॥
অন্তকে কেশত আছে ধৰি।
জানি ডাকি বোলা হৰি হৰি॥৭১

—সমাপ্ত—