পৃষ্ঠা:স্যমন্ত হৰণ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্যমন্ত হৰণ

প্ৰসেন নামে তাৰ ভ্ৰাতৃ আছে।
কণ্ঠত মণিক পিন্ধিলা পাচে॥
ঘোৰাত চৰি মহা ৰঙ্গমনে।
মৃগক মাৰি ফুৰা বিজুবনে॥ ১২
দেখি সিংহে তাক নখে বিদাৰি।
ঘোৰায়ে সহিতে পেলাইলা মাৰি॥
কণ্ঠৰ মণিক ছিণ্ডিয়া লই।
পশিলা গিৰিশৃঙ্গে সিংহে গই॥ ১৩
দেখি জাম্বৱন্ত বীৰ বীড়িঙ্গ।
লৈলন্ত মণিক মাৰিয়া সিংহ॥
সমস্ত মণিক গৰ্ত্তক নিলা।
উমলিবে লাগি শিশুক দিল॥ ১৪
বিচিত্ৰ মণিগোট ধৰি ধাই।
বাটত ফুৰে শিশু ওমলাই॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ১৫