পৃষ্ঠা:স্যমন্ত হৰণ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

স্যমন্ত হৰণ

তুষ্ট হুয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা।
সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা॥ ৩
সূৰ্য্য যেন প্ৰকাশিয়া আসৈ দ্বাৰকাক।
ৰশ্মিয়ে চক্ষুক পীড়ৈ দেখি প্ৰজাজাক॥
আসন্ত আদিত্য বুলি মনত শঙ্কিয়া।
কৃষ্ণৰ পাশক সবে যায় লৱৰিয়া॥ ৪
সভাত খেলান্ত পাশা প্ৰভু পীতাম্বৰ।
আথেবেথে দেয় জান প্ৰজা নিৰন্তৰ॥
নমো নাৰায়ণ শঙ্খ-চক্ৰ-গদাধৰ।
অৰবিন্দলোচন গোবিন্দ দামোদৰ॥ ৫
তোহ্মাক দেখিবে লাগি ত্ৰিজগত পতি।
আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি।
সবাৰো চক্ষুত পীড়ি আসৈ ৰশ্মিজালে।
তোহ্মাক অন্বেষ কৰে দশ দিগপালে॥ ৬
পুৰাণ পুৰুষ তুমি সনাতন হৰি।
যদুকুলে অৱতৰি আছ ছদ্ম কৰি॥
তাতেসে আসন্ত সূৰ্য্য দেখিবে তোহ্মাক।
বোলা হৰি হৰি উদ্ধাৰিয়ে আপোনাক॥ ৭