সমললৈ যাওক

পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
স্যমন্ত হৰণ

মুখচন্দ্ৰো নুহি সৰি।
কৰ্ণত কুণ্ডল দোলে।
ভ্ৰমৰে নছাৰে লোভে।
কণ্ঠত কৌস্তুভ মণি।
একো অঙ্গে মুহি ৰুজ।
কেয়ূৰ কঙ্কণে ৰঞ্জৈ।
ৰত্নৰ নূপুৰ বাজে।
কোটি কন্দৰ্পক জিনি।
হেন কৃষ্ণ মোৰ বাপ।
যতেক বান্ধৱ জ্ঞাতি।
সমস্ত নগৰী লোক।
সত্ৰাজিত ধূমকেতু।
নাৰীগণে পাৰে গালি।
কৃষ্ণক কলঙ্ক দিয়া।
দ্বাৰকাপুৰক ছানি।
কৃষ্ণৰ কিঙ্কৰে ভণে।
কৃষ্ণৰ কীৰ্ত্তন কৰি।

   

কমললোচন হৰি॥ ৪৪
বনমালা শোভে গলে॥
শিৰত কিৰীটি শোভে॥ ৪৫
প্ৰভাতৰ সূৰ্য্য যেনি॥
আজানুলম্বিত ভুজ॥ ৪৬
পাদ পঙ্কজক গঞ্জৈ।
মেখলা কটিৰ মাজে॥ ৪৭
প্ৰকাশন্ত যদুমণি॥
এৰাওঁ কৈত তান তাপ॥ ৪৮
কৰন্ত বিলাপ আতি॥
কৰন্ত বিলাপ শোক॥ ৪৯
তইসে নাশৰ হেতু।
সত্ৰাজিত পুত্ৰ খালি॥ ৫০
এভু পাপী আছে জীয়া॥
কৰৈ হাহাকাৰ ধ্বনি॥ ৫১
শুনিয়োক সৰ্ব্বজনে॥
ডাকি বোলা হৰি হৰি॥ ৫২