পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্যমন্ত হৰণ

ঘোষা

ৰাম কৃষ্ণ গোপাল। ত্ৰাহি হৰি কপাল॥

পদ

হেন শুনি জাম্বৱন্ত।
নিচিনি স্বামীক পাচে।
সামান্য মনুষ্য বুলি।
নজানি প্ৰভাৱ আতি।
দুয়ো হুয়া মহক্ৰুদ্ধ।
দুয়ো মতিঙ্গৰ লীলা।
কতো বেলি হানে গাছ।
যুজিলন্ত মালবান্ধে।
দুইকো দুই নাহি তুষ্টি।
মাংসৰ কাৰণে যেন।
কেহো বলে নুহি ক্ষীণ।
কৃষ্ণৰ প্ৰহাৰ পাই।
শ্ৰান্ত ভৈলা মহাদুখে।
ভাগে যেন কটি স্কন্ধ।
গোড়ে ঘাম যায় বহি।
সমস্ত সমাজে ঢাকি।

ধাইল মহা বলৱন্ত॥
ধৰিলন্ত যুদ্ধ কাছে॥ ২৪
মহাক্ৰোধে গৈলা জ্বলি॥
লগাইলেক হাতাহাতি॥ ২৫
লগাইলেক ঘোৰ যুদ্ধ॥
বৰিষে পৰ্ব্বত শিলা॥ ২৬
কতো কোপে চাপে কাছ॥
ধৰি ভৰি ভৰি চান্দে॥ ২৭
হানৈ বজ্ৰ সম মুষ্টি॥
যুজন্ত দুগোটা শেন॥ ২৮
যুজন্ত আঠাইশ দিন॥
পচে মহা ঋক্ষৰায়॥ ২৯
নিশ্বাস বজাইলা মুখে॥
শৰীৰৰ ছিণ্ডে বন্ধ॥ ৩০
ক্ষণেকে স্তম্ভিলা ৰহি॥
হৰি হৰি বোল ডাকি॥ ৩১