পৃষ্ঠা:স্যমন্ত হৰণ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
স্যমন্ত হৰণ

ঘোষা

হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি।
তাৰিয়া ঘোষিয়ো শীঘ্ৰ কৰি॥

পদ

দেওঁ কন্যা বিবাহ কৃষ্ণক।
দিবো মণি স্যমন্ত যৌতুক॥
যেৱে বা সন্তুষ্ট হোন্ত হৰি।
নেদেখো উপায় আত কৰি॥ ৬২
হেন মনে নিয়ম কৰিয়া।
মণি সমে কন্যা দিলেক নিয়া॥
পায়া সত্যভামাক অচ্যুতে।
কৰিলা বিবাহ বিধিমতে॥ ৬৩
ৰূপে গুণে জগতৰে ধন্যা।
খুজিলা অনেকে সিটো কন্যা॥
কাহাকো নিদিলা সত্ৰাজিত।
কৃষ্ণে পাই ভৈলা কৃত কৃত্য॥৬৪
শশুৰক বুলিল বচন।
নাহিকে মণিত প্ৰয়োজন॥
তোহ্মাতে থাকোক স্যমন্তক।
তুমি সত্ৰাজিত অপুত্ৰক॥ ৬৫
তোহ্মাৰ সৰ্ব্বস্ব সবে মোৰ।
নিয়া মণি এবা চিন্তা ঘোৰ॥