সুকোমল দেশৰ সাধু

ৱিকিউৎসৰ পৰা

[  ]

সুৰেন গোস্বামী

[  ]
 

Sukomal Deshar Sadhu: A children story by Sri Suren Goswami, M.A., B.T. and published by Mrs. Sangeeta Goswami, H.P. Apartment, Dinesh Ojha Path, Bhangagarh, Guwahati-5.

First Edition : October 2008, Price : Rs. 20/-.
© Reserved by Author.



প্ৰকাশক : সংগীতা গোস্বামী
  এইচ.পি. এপাৰ্টমেন্ট
  ভঙাগড়, গুৱাহাটী-৭৮১০০৫


প্ৰথম প্ৰকাশ : অক্টোবৰ, ২০০৮


বেটুপাত আৰু চিত্ৰাংকন : লেখক


ছপা :  জয়া প্ৰেছ
  কন্বাচল পথ, শিলপুখুৰী
  গুৱাহাটী-৭৮১০০৩


মূল্য : ২০.০০ টকা মাত্ৰ।


© লেখকৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

[  ]
 

অৰ্পণ


অসমৰ সু-প্ৰসিদ্ধ সাহিত্যিক, কামৰূপ ৰত্ন
মোৰ দাদা শ্ৰীযতীন গোস্বামী,
দ্বিতীয় দাদা কাৰিকৰী কৰ্ম নিপুণ শ্ৰীঅক্ষয় কুমাৰ গোস্বামী,
তৃতীয় দাদা, অঙ্ক-শাস্ত্ৰী, সাহিত্যিক ড° কৈলাশ চন্দ্ৰ গোস্বামী,
কনিষ্ঠ ভ্ৰাতৃ, সঙ্গীত-জ্যোতিষ অনুৰাগী শ্ৰীমান শশী গোস্বামীৰ
পুত্ৰ-কন্যাবৃন্দ
যথা—
লুইত, নিজৰা, সাগৰ, মুকুট, নূপুৰ, ঝুমুৰ, জুনুকা, মৌচুম, জিনা, লিনা,
দুলনা, বৃতি, সঙ্গীতা, মৃদুল, জুৰি আৰু হিতুলকে ধৰি
অসমৰ সকলো লৰা-ছোৱালীলৈ

— লেখক

[  ]
 

এক

 তিনি দিন ধৰি বল্টুৱে পিতাকক কিমানবাৰ কাবৌ কৰিলে, তাৰ হিচাপ নাই। কিন্তু পিতাকৰ মুখত সেই একেটা কথা, “ৰচোন, হ’ব কিবা এটা; পূজাটো আহক।”আজি কিন্তু সি এৰাত নাই। এৰাত নাই মানে সি আৰু পিতাকক একো নকয়ও, নামাতেও। সামান্য গেছ ভৰোৱা বেলুন কেইটামানকে আনি দিব নোৱাৰে, আৰু কি দিব? কাবৌ কৰি আৰু কি লাভ। সিও দিব মজা ঠিকমতে। যেতিয়ালৈকে গেছ ভৰোৱা বেলুন নিদিয়ে, তেতিয়ালৈকে সি কিতাপ নপঢ়ে, কমিকচ্‌হে পঢ়িব বা সাধুকথা পঢ়িব। পাব মজা তেতিয়া৷ অৱশেষত সেইটোৱে খাটাং হ’ল।

 এইটোকে সিদ্ধান্ত কৰি বল্টুৱে বাৰান্দাৰ চকীখনত ধুপুচ্কৈ বহি পৰিল- মুখখন এপাচিমান ডাঙৰ কৰি। সি এনেভাৱে বহিল যাতে পিতাকে ওলায়ে দেখে যে সি কিতাপ পঢ়া নাই; সাধুকথা পঢ়িছে। (তাৰ মতে কিতাপ মানে স্কুলৰ কিতাপ আৰু বাকীবোৰ হয় কমিকচ্‌, নহয় সাধুকথা।)

 কিতাপখন হাতত লৈ সি এবাৰ পঢ়ে, এবাৰ বাটলৈ চায়; আৰু পঢ়ে,আৰু চায়। তাৰ মন নবহে। এই বাটতে যোৱা পৰহি পিঙ্কুৱে তাক দেখুৱাই দেখুৱাই সোপাসোপে গেছ-বেলুন উৰালে। আঃ, কি যে মজা লাগিছিল! এটাৰ পিছত এটাকৈ সোঁ-সোঁকৈ ওপৰলৈ উৰি গৈছিল! গ’ল বা ক’লৈ? কিজানি একেবাৰে আকাশ পালেগৈ! যদি ওপৰতে ঢপ্‌কৈ ফাটি গৈছে!! ‘হাৱা’ গৈ ক'ৰবাত

[  ]
 
পৰিবগৈও পাৰে!! আচলতে পিঙ্কুৱে এটা ভুল কৰিলে। সি আটাইকেইটা বেলুন একেডাল সূতাৰে বান্ধি ‘লাইন’ কৰি এৰি দিব লাগিছিল। বল্টুৱে কিন্তু তাকে কৰিলেহেঁতেন। কিন্তু তাক পিতাকে নিদিয়ে। এই কথাটো লৈ পিঙ্কুৱে তাক কম ইতিকিং কৰা নাই।

 সি আৰু একো ভাবিব নোৱৰা হ’ল। একেকোবে উঠি চকীখন ঘূৰাই ল'লে যাতে ৰাস্তাটো তাৰ চকুত নপৰে। তাৰ পিছত ধুপুচ্কৈ বহি আকৌ কিতাপখন পঢ়াত লাগিল। পিতাকো চোন ওলাই নাহে। হ’লেও সি আজি নুঠে। তাৰ এক কথা। সি কিতাপখন পঢ়ি থাকিল, পঢ়িয়েই থাকিল আৰু আনফালে কিতাপখনো লাহে লাহে পাম্প যোৱা বেলুনৰ দৰে জাপ খাই গৈ থাকিল। এটা সময়ত কিতাপখনে তাৰ আঠুৰ ওপৰত লাং খাই পৰিল।

[  ]
 
 এনেতে বল্টুৱে দেখা পালে যে তাৰ চকুৰ আগতে এথোপা ৰঙা, নীলা, হালধীয়া ৰঙৰ বেলুন। লাহে লাহে থোপাটো আগবাঢ়ি আহিল। বল্টুৱে একেকোবে উঠি বেলুনবোৰৰ পৰা ওলমি থকা সূঁতাডালত থাপ মাৰি ধৰিলে। কিন্তু কি আচৰিত! বেলুনবোৰ তৎক্ষণাৎ ওপৰলৈ উঠি গ'ল আৰু লাহে লাহে বল্টুও ওপৰলৈ উঠি গ'ল।

 বল্টুৰ মনত মহা আনন্দ। পিঙ্কুৱে বেলুনহে উৰাইছিল, বল্টুৱে কিন্তু নিজেও উৰিছে। সেয়েহে সি পিঙ্কুক চিঞঁৰিব ধৰিলে— “ঐ পিঙ্কু, চা-চা, মোক চা।” পিঙ্কু অহাৰ আগতেই সি সুঁতাডালৰ পৰা উঠি বেলুন এটাৰ ওপৰত ঘোঁৰাত উঠা দি ভালদৰে বহি ল'লে। তলত পিঙ্কুকো দেখিলে। সি এটা দীঘলীয়া কাহ মাৰি দিলে। কাহ শুনি পিঙ্কুৱে তাক দেখক আৰু হিংসাত জ্বলি-পুৰি মৰক। পিঙ্কুৰ বাহাদুৰি সি আজি উৰাই দিব।

 কিন্তু বেলুনকেইটা চোন বেছিকৈ ওপৰলৈহে উঠি গৈ আছে। তললৈ চাই দেখে যে সিহঁতৰ গাওঁখনো নাই। বল্টুৰ বুকুখন ঢপ্‌ঢপাব ধৰিলে। বেলুনে বা তাক ক'লৈ নিয়ে? যদি সূৰুযৰ ওচৰলৈ লৈ যায়, তেনেহ'লে চোন সি পুৰি মৰিব! যদি নি সমূদ্ৰত পেলাই দিয়ে?

 সি আৰু ভাবিব নোৱাৰা হ’ল। ভয়তে তাৰ কান্দোন ওলাই আহিল। কিন্তু তাৰ কান্দোন শুনোতাও কোনো নাই।

দুই

 পাহাৰখনৰ কাষতে এখন ডাঙৰ হাবি। বল্টু উৰি উৰি গৈ সেইখিনি পালে। এনেতে সি এটা ‘ধম্’কৈ শব্দ শুনিবলৈ পালে। লগে লগে সি অলপ নামি অহা যেন

[ ১০ ]
 
অনুভৱ কৰিলে। আকৌ এটা শব্দ! এইবাৰো আৰু অলপ তললৈ আহিল; আকৌ এটা, আকৌ তললৈ— যেন বল্টু খট্‌খটিয়েদিহে নামি আহিছে! শেষত আৰু এটা শব্দ ⸺ ধুপুচ্‌।

 কি হ’ল? বল্টু মাটিত পৰিল তপিনা-থেকেচা খাই। মুখৰ পৰা ‘কেক্’কৈ শব্দটো ওলাইছেহে, বল্টুৱে দেখা পালে সন্মুখত এটা কিচ্‌কিচিয়া ক’লা দৈত্য বল্টুক পাই দৈত্যটোৱে আনন্দতে ঢেক্‌-ঢেকাই হাঁহিবলৈ ধৰিলে৷ লগে লগে দীঘল দীঘল নখবোৰ উলিয়াই ওলাই আহিল আন এজাক ভূত। দাঁতবোৰ নিকটাই আৰু চকুৰে তেলেকা-তেলেকিকৈ চাই সিহঁতে বল্টুৰ সন্মুখত দোল্‌দোপ-দোল্‌দোপকৈ নাচিবলৈ ধৰিলে। লগে লগে আৰম্ভ হ'ল ঝিলিৰ কাণতাল মৰা চিঞৰ, ফেঁচাৰ উৰুলি, কুকুহা চৰাইৰ তিৰিং-বিৰিং ৰাৱ, হুদুৰ মাত, শিয়ালৰ হোৱা। ভয়তে বল্টুৰ অৱস্থা নাইকিয়া হ’ল। সি আৰু জীয়াই থকাৰ আশাকে এৰি দিলে। দৈত্যই আগবাঢ়ি আহি গৰ্জিব ধৰিলে⸺


[ ১১ ]
 

“ফাল্টু কথা ফাল্টু কাম
কৰ বল্টু তই
আন্ধাৰেৰে তোক আৱৰি ৰাখিম
তিমিৰ নিশা মই।”

 বল্টুৱে এইবাৰ বুকুখন অলপ ডাঠ কৰি লৈ সুধিলে– “কোন তই?”

 “মই ঘোপমৰা এন্ধাৰৰ ৰজা। নিষ্কৰ্মা নাম মোৰ। নিষ্কৰ্মা ল'ৰা-ছোৱালীবোৰ ধৰি আনি মইয়েই সিহঁতক এন্ধাৰৰ ভূত কৰি ৰাখোঁ।”— এইবুলি দৈত্যই তাৰ লগত থকা ভূতবোৰক দেখুৱাই দিলে।

 বল্টুৱে ক'লে— “মোক যাবলৈ দে। মই নিষ্কৰ্মা নহয়।”

 “ওহো, বিচাৰ নোহোৱাকৈ তোক যাবলৈ দিয়া নহয়।”—দৈত্যই গলগলীয়া মাতেৰে ক'লে।

 বল্টু—– “কিহৰ বিচাৰ?”

 দৈত্য— “তোৰ অকৰ্ম্মণ্যতাৰ বিচাৰ। তই ভাবিছ তই বহুত কৰ্মী, বহুত বুদ্ধিমান। তাৰেই বিচাৰ কৰিব আমাৰ ৰাণীয়ে। এতিয়া তই আমাৰ বন্দী।”

 বল্টু— “তোৰ ৰাণী ক’ত?”

 দৈত্য— “সুকোমল দেশত।”

 বল্টু— “এইখননো আকৌ কি দেশ?”

 দৈত্য— “সাংঘাতিক দেশ, কঠিন দেশ। নিষ্কৰ্মা মানুহক আমি ইয়াত প্ৰথমে পৰীক্ষা কৰোঁ। পৰীক্ষাত পাছ কৰিলেহে ৰাণীৰ ওচৰলৈ নিয়া হয়। নহ'লে আমিয়েই খাই পেলাওঁ। এতিয়া মোৰ প্ৰশ্নৰ উত্তৰ দে।”

 বল্টু— “তই কিবা মোৰ মাষ্টৰ নেকি? আমাৰ মাষ্টৰে পাঠ পঢ়াইহে প্ৰশ্ন কৰে। তইচোন এনেয়ে কৰিব ওলাইছ।”

[ ১২ ]
 
 দৈত্য— “মই তোৰ পাঠ-চাঠ, মাষ্টৰ-ফাষ্টৰ নুবুজো। ক', মই নিষ্কৰ্মা ভূতে লম্ভিলে কি হয়?”

 বল্টুৱে ভাবিছিল সি এইবুলি ক’ব— “মোৰ দৰে ল’ৰাবোৰক ধৰি ধৰি খাৱ।” – কিন্তু সি নক'লে।

 দৈত্যই ক’লে— “শুন, মূৰ্খ অকামিলা হয়; লোকৰ ওচৰত হাত পতা হয়; অবাবত সময় কটায়, ঘৰৰ আৰু ওচৰ চুবুৰীয়াৰ গলগ্ৰহ হয়। আৰু শুন, মোৰ দৰে চিৰদিন আন্ধাৰত থাকিব লগা হয়।”

 বল্টু— “তই য’তে ইচ্ছা ত’তে থাক। কিন্তু মোক যাবলৈ দে।”

 দৈত্য— “ওহো, মোৰ পৰীক্ষাত পাছ নকৰাকৈ তই যাব নোৱাৰ।”

 বল্টু— “কিন্তু মোৰ দোষ কি?”

 দৈত্য– “দেখাত তই ভালেই। পঢ়া-পাতিও কৰ, স্কুললৈও যাৱ। তাকেই তই বহুত বুলি ভাবিছ। নিজৰ দোষ কোনোবাই দেখে নেকি? তইও দেখা নাই। তোৰ সেইটোৱে দোষ।”

 বল্টু— “কথা খুলি ক'। মই তোৰ দৰে চেলবেলাই থাকিব নোৱাৰোঁ।”

 এইবাৰ দৈত্যই আকৌ ঢেক্‌ঢেকাই হাঁহিবলৈ ধৰিলে। হাঁহি হাঁহি সি দুপাক ঘূৰিল। তাৰ পিছত ক’লে— “বল্টু, তই যে একো নাজান মই বুজিলোঁ। অৱশ্যে তই নিজকে বুদ্ধিমান আৰু সৎকৰ্মী বুলি ভাব। নহ'লেনো দেউতাৰৰ লগতে জেদ পাতনে? – শুন বুৰ্বক! মানুহ সৎকৰ্মী, সৎ-সাহসী আৰু সৎ-বুদ্ধিমান হ'ব লাগিলে তিনিটা গুণৰ প্ৰয়োজন : বুদ্ধি, সাহস আৰু অনুৰাগ।”

[ ১৩ ]
 
 বল্টু— “বুদ্ধি আৰু সাহস মানে বুজিলোঁ। কিন্তু এই অনুৰাগটো কি?”

 দৈত্য– “তাৰ মানে হ’ল ইচ্ছা। ইয়াৰ লগত মনোযোগ আৰু স্বাৰ্থও জড়িত থাকে। যেতিয়াই তই কিবা কাম কৰিবি, তেতিয়া সেই কামটো তোৰ নিজৰ বুলি ভাবিব লাগিব। সেইটো হ’ল স্বাৰ্থ। স্বাৰ্থ হ'লে কামটো কৰিবলৈ তোৰ ইচ্ছা হ’ব— সেইটো অনুৰাগ। ইচ্ছা হ’লে মনোযোগ বাঢ়িব আৰু কামটো সুন্দৰ হ’ব। সুন্দৰ কামটো দেখি তই যি আনন্দ পাবি সেইটো হ'ব মহানন্দ। এই মহানন্দ যেতিয়াই পাবি তেতিয়াহে তই কামত সিদ্ধি লাভ কৰা বুলি ক'ব পাৰ। কিন্তু তোৰ অনুৰাগ বোলা বস্তুটোৱে নাই।”

 বল্টু—– “সেইবুলি মই নিষ্কৰ্মা হ'লোঁনে? মইচোন পঢ়া-পাতিও কৰোঁ, স্কুললৈও যাওঁ৷”

 দৈত্য— “অ’, তই নিষ্কৰ্মাতো!! এক নম্বৰ নিষ্কৰ্মা। তইযে চব কামতে পৰনিৰ্ভৰশীল, সেই কথা ভবা নাই হ’বলা।”

 বল্টু— “মই সৰু ল'ৰাটোৱে কি নিৰ্ভৰশীল হ'ব পাৰোঁ অ’? চাকৰিকে কৰিব পাৰোঁ, নে হাল বাবই পাৰোঁ নে দোকান দিবই পাৰোঁ?”

 দৈত্য– “এয়া ওলাই গ'ল নহয় তোৰ আচল দুৰ্বলতাটো! তোৰ এই চিন্তাৰ বাবেই যে আমাৰ লগত আন্ধাৰত থকাৰ যোগ্য হ’বি সেইটো খাটাং। আমি খোৱাৰবাবে তই বৰ উপযুক্ত মাংস হবি।”

 বল্টু— “কি খাওঁ-খাওঁকৈ থাক অ’। কি ক’ব খুজিছ ভাঙি-পাতি ক’।”

[ ১৪ ]
 
 দৈত্য— “ঠিক আছে। শেষবাৰৰ বাবে তোক বুজাই চাওঁ। এইবাৰো বুজি নাপালে তোক যে গ্ৰাস কৰিম খাটাং। সাজু হ। শুন গাধ! নিৰ্ভৰশীল হ’বলৈ সৰু ল’ৰা, ডাঙৰ ল’ৰা বুলি প্ৰশ্ন নাই। কেৱল উপাৰ্জন কৰি খাই-বই থকাকে নিৰ্ভৰশীল নোবোলে। নিজৰ আৰু পৰিয়ালৰ যিকোনো কামতে সকলোৱে নিৰ্ভৰশীল হ'ব পাৰে। নিজৰ কাপোৰ-কানি, জোতা-মোজা ধোৱা-মেলা কৰা, কিতাপ-পাতি আদি নিজে পৰিপাটিকৈ ৰখা, ঘৰৰ আচবাব যথাস্থানত ৰখা, নিজৰ কিছুমান প্ৰয়োজনীয় বস্তু নিজেই তৈয়াৰ কৰা বা মেৰামতি কৰি লোৱা আদিত আত্মনিৰ্ভৰশীল হ’ব লাগে। সেইবোৰেই জ্ঞান উপাৰ্জনত সহায় কৰে।”

 বল্টু— “কেনেকৈ?”

 দৈত্য— “অভিজ্ঞতাৰে,- ব্যৱহাৰিক জ্ঞানেৰে। জ্ঞান মানুহে তিনি প্ৰকাৰে পায়— লিখি-পঢ়ি, দেখি-শুনি

[ ১৫ ]
 
আৰু কৰি-মেলি। ইয়াৰে এটাও অৱহেলা কৰিলে জীৱনটোৱে অ-সফল। এই অ-সফল জীৱন নিজৰ বাবেতো বোজাই, আনৰ বাবেও বোজা।”

 বল্টুৱে তাক এইবাৰ ওভতাই ধৰিলে— “তইনো ইমান কথা জানিও আন্ধাৰত থাকিলি কিয়? তইও কাৰোবাৰ বোজা আছিলি নেকি?”

 এনে এটা প্ৰশ্ন সুধিব বুলি দৈত্যই কল্পনাও কৰা নাছিল। সি বল্টুলৈ কিছুসময় থৰ লাগি চাই থাকিল। তাৰ পিছত মাটিত বহি পৰি হুক্-হুকাই কান্দিব ধৰিলে। বল্টু আচৰিত হৈ গ'ল। তাৰো মনটো বেয়া লাগিল। সি দৈত্যৰ ওচৰলৈ গ'ল আৰু মৰম সনা মাতেৰে ক'লে— “মই জানিবলৈহে তোক সুধিছোঁ অ’!তোক দুখ দিবলৈ নহয়। কি হৈছে, কচোন।”

 দৈত্যই লাহে লাহে মূৰটো তুলি বল্টুলৈ চালে। তাৰপিছত মোনাৰ পৰা এখন পুথি উলিয়াই দি ক'লে— “হ’, এই কাহিনীটো পঢ়।”

 বল্টুৱে পঢ়িবলৈ ধৰিলে।

[ ১৬ ]
 

তিনি

 মণিকাঞ্চন নগৰত এজন অতি ধনী সদাগৰ আছিল। তেওঁ ইমানেই ধনী আছিল যে সেই ৰাজ্যৰ ৰজাইও তেওঁক সন্মান কৰিছিল আৰু প্ৰয়োজনত ধন ধাৰলৈ লৈছিল। সদাগৰ যেনে ধনী, তেনে মানী আৰু দানীও আছিল।

 সদাগৰৰ তিনিজনী কন্যাৰ পিছত এজন ল’ৰা সন্তানৰ জন্ম হৈছিল। তাৰ নাম ৰাখিছিল সদানন্দ। কন্যা তিনিজনীৰ বিয়াৰ পিছত সদানন্দ ঘৰত অকলেই আছিল। সৰু ল’ৰা বুলি মাক-বাপেক, লিগিৰা-লিগিৰী, ওচৰ-চুবুৰীয়া আদি সকলোৰে আলাসৰ লাড়ু হৈ পৰিছিল সদানন্দ।

 সদানন্দৰ আলপৈচান ধৰাৰ বাবে এজন লিগিৰা আৰু এজনী লিগিৰীক সুকীয়াকৈ নিয়োগ কৰিছিল। সিহঁতে তাক খুৱাইছিল, ধুৱাইছিল, পিন্ধাইছিল, বোকোচাত তুলি ফুৰাবলৈ নিছিল, স্কুললৈ নিছিল, স্কুলৰ পৰা আনিছিল ইত্যাদি। মুঠতে সদানন্দই নিজে একো কৰিব লগা হোৱা নাছিল।

 সদানন্দই নিজে কৰা কামৰ ভিতৰত আছিল প্ৰয়োজন হ’লেই সিহঁতক হুকুম দিয়া; এঠাইৰ পৰা আহি জোতা-মোজা, কাপোৰ-কানি আদি খুলি সিহঁতলৈ দলিয়াই দিয়া; সময়ত খোৱা, খোৱাত অলপ হেৰ-ফেৰ হ’লেই ঠেহ-ফস্তি মাৰি গুচি যোৱা বা খোৱাবস্তুকে দলিয়াই দিয়া; ঘৰুৱা মাষ্টৰৰ ওচৰত পঢ়া; পাঠ্য পুথিকেইখনত বাদে অন্য পুথি-পত্ৰ নপঢ়া; নাচ-গান চোৱাত মগ্ন হৈ থকা; লগৰ ল'ৰাৰ

[ ১৭ ]
 
লগত চুপতি মৰা, আনৰ দোষ খুচৰা ইত্যাদি। মুঠতে তাৰ কোনো কথাই ভাবিব লগা হোৱা নাছিল। আচলতে সি ভাবিবৰ শক্তিকে হেৰুৱাইছিল।

 এনেদৰে সদানন্দ লাহে লাহে ডাঙৰ হ'ল। কিন্তু সি কোনো কামেই কৰিব নোৱৰা হ'ল।

 এদিন তাৰ বাপেক মৰিল। ঘৰ-সংসাৰৰ দায়িত্ব সদানন্দৰ ওপৰত পৰিল। কিন্তু সি সকলো কামতে লিগিৰা-লিগিৰীবোৰৰ ওপৰতহে নিৰ্ভৰ কৰিব লগা হ'ল। তাৰ অনভিজ্ঞতাৰ সুযোগ লৈ সেই মানুহবোৰে তাক ঠগাবলৈ ধৰিলে। সকলো কামতে অভিজ্ঞ এই মানুহবোৰৰ চলাহি কথাতে সদানন্দই সন্তুষ্ট থাকিব লগা হ'ল।

 সৰুৰে পৰা হুকুম দিয়েই চলা সদানন্দৰ কথা-বতৰাবোৰ সদায় গৰম গৰম আৰু খেং-খেঙীয়া হ’ল। সি ভাবে যে এই মানুহবোৰৰ প্ৰতি তাৰ কোনো দায়িত্ব নাই;তাৰ প্ৰতিহে মানুহৰ দায়িত্ব আৰু সকলোৱে তাৰ কথাহে শুনিব লাগিব। তাৰ এনে স্বভাৱত লিগিৰা-লিগিৰীবোৰ অধৈৰ্য্য হৈ এজন এজনকৈ গুচি যাবলৈ ধৰিলে। ওচৰ-পাজৰৰ মানুহেও সদানন্দক দেখিলে মুখ ঘূৰাই গুচি যায়। সকলোৱে সদানন্দৰ সম্পত্তিবোৰ চলে-বলে লুটি-পুতি নিবলৈ ধৰিলে।

 লাহে লাহে সদানন্দ দুখীয়া হৈ পৰিল। উপায় নাপাই বাপেকে দি থৈ যোৱা মাটি-সম্পত্তিকে বিক্ৰী কৰি চলিবলৈ ধৰিলে। পিছত বিক্ৰী কৰিবলৈ সম্পত্তিও নোহোৱা হ'ল। সি আন্ধাৰত ডুব গ’ল। দিনবোৰ তাৰ বাবে ৰাতি হ'ল; ৰাতিবোৰ ভূত। সিও হৈ পৰিল ৰাতিৰে ভূত।

 * * *

[ ১৮ ]
 
 এইখিনিলৈ পঢ়াৰ পিছত বল্টুৱে দৈত্যটোক ক'লে— “মোৰ পঢ়া হ'ল।”

 দৈত্য— “পালিনে এতিয়া তোৰ প্ৰশ্নটোৰ উত্তৰ? সেই সদানন্দ কোন বুজিলিনে?⸺ সেইটোৱে এই অভাগা সদানন্দ। আজি ‘তিমিৰ’ নামেৰে এন্ধাৰৰ ৰজা বুলি বিখ্যাত। পঢ়ি-শুনিও কেৱল অকৰ্মণ্য হোৱাৰ বাবেই এই আন্ধাৰ ৰাজ্যখনত পচি-পচি মৰিব ধৰিছোঁ।” এইবুলি সি বুকুত জোৰকৈ ভুকুৱাই ভুকুৱাই কান্দিব ধৰিলে।

 বল্টু— “দৈত্য ভাই! নাকান্দিবি, ধৈৰ্য্য ধৰ। আমাৰ মাষ্টৰে কৈছে- ‘ধৈৰ্য্যই বোলে বল দিয়ে; সাহস দিয়ে; হেৰোৱা বুদ্ধি ঘূৰাই দিয়ে।”

 দৈত্যই কিছুপৰ কান্দি নিজকে চম্ভালি ল'লে। সি বল্টুৰ মুখলৈ মৰমৰ দৃষ্টিৰে চাই ক’বলৈ ধৰিলে—– “তোৰ মাষ্টৰে ভাল কথাই কৈছে অ' বল্টু! কিন্তু মোৰ দোষ সিমানেই নাছিল। সেই কথাইহে মোক দুখ দিছে। এই লিখাখিনিত এটা আচল কথা থাকিয়েই গৈছে।”

 বল্টু— “সেয়া কি বাৰু?”

 দৈত্য— “মানুহে মোৰ ভিখাৰী ৰূপটো দেখিয়েই মুখ ঘূৰাই গুচি যোৱা নাছিল। মোৰ পশুত্ব ৰূপটোহে ঘিণ কৰিছিল।”

 বল্টু— “মানুহৰ পশুত্ব ৰূপ? সেয়া আকৌ কি?

 দৈত্য— শুন! মই সকলো হেৰুৱাই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ বেয়া মানুহৰ সঙ্গ লৈ মদ-ভাং খোৱা অভ্যাস কৰিছিলোঁ। নিচাসক্ত হৈ বহুতো সময়ত খালে-দোঙে পৰি আছিলোঁ। মানুহে মোক লঠিয়াইছিল; মৰিবলৈ ৰাস্তাৰ কাষতে পেলাই থৈছিল। জ্ঞান পাই মই মোৰ দুৰৱস্থাৰ কথা অনুভৱ কৰিছিলোঁ যদিও অভ্যাস

[ ১৯ ]
 
ত্যাগ কৰিব পৰা নাছিলোঁ। মোৰ লিভাৰ দুৰ্বল হৈছিল, শৰীৰৰ তেজ মৰি গৈছিল, মই দুৰ্বল হৈ ঢলং-পলংকৈ বাগৰি পৰিছিলোঁ। মোক দেখি সকলোৱে হাঁহিছিল; ছিঃ ছিঃ বুলি আঁতৰি গৈছিল; কুকুৰবোৰে ভুকিছিল।

 দৈত্যৰ কথাবোৰ শুনি বল্টুৰ মনত পৰিল সিহঁতৰ স্কুললৈ যোৱা বাটত সি সদায় দেখা মদাহী মানুহজনৰ কথাটো। তাৰ চকু দুটা ডাঙৰকৈ মেল খালে। অবাক দৃষ্টিৰে সি দৈত্যলৈ চাই থাকিল।

 দৈত্যই হাত দুখন কপালত থৈ মাটিৰ ফালে দৃষ্টি দি পুনৰ ক’বলৈ ধৰিল — “আজি মই আৰু ক’বলৈ লাজ নকৰো বল্টু! অভাৱত পৰি এটা সময়ত মই চুৰো কৰিছিলোঁ; কথাই কথাই মিছা মাতিছিলো। সঁচা কথা ক’লেই যেন মই শাস্তি পাম, তেনে ভাব হৈছিল। তাতেহে মই পুলিচৰ কোব; মানুহৰ চৰ, ভুকু, কিল আদি খাইছিলোঁ। আজিহে বুজিছোঁ, সঁচা কথা ক’লে তেনে নহ'লহেঁতেন।”

 এটা উশাহ দীঘলকৈ লৈ দৈত্যই ক’লে— “শুনিছ বল্টু! মোৰ স্বভাৱবোৰেই মানুহৰ ওচৰত মোক ঘৃণনীয় কৰি তুলিছিল। মোৰ দৰিদ্ৰতাই নহয়। দৰিদ্ৰক মানুহে ঘিণ নকৰে। বৰং পুতৌ কৰে আৰু সহানুভূতি দেখুৱায়। কিন্তু চৰিত্ৰ বেয়া হ'লে কোনেও নাচায়। সেয়েহে মই মণিকাঞ্চন নগৰত এটা ঘৃণনীয় পশুৰ দৰে জীয়াই আছিলোঁ। বল্টু!- এতিয়া তয়ে ক'চোন যে এনেকৈ জীয়াই থকা আৰু মৰাৰ মাজত প্ৰভেদ কি?”

 বল্টুৱে ইমান ডাঙৰ কথা ভাবিব নোৱাৰে। ‘মৰা’ আৰু ‘জীয়াই থকা’ মানে কি সি বুজি নাপায়। সি দৈত্যৰ প্ৰশ্নৰ উত্তৰ নিদি মাথো সুধিলে—

[ ২০ ]
 
  বল্টু— “পিছে তহঁতৰ সেই মণিকাঞ্চন নগৰখন ক’ত?”

 দৈত্য— “ইয়াৰ পৰা চিধাই পূৱত— য’ত সূৰ্য্য উঠে। তাত সূৰ্য্য উঠিলেই চৌদিশে মণি-মুক্তাৰ দৰে উজ্বলি উঠে। সেয়েহে সেই ৰাজ্যৰ নাম মণিকাঞ্চন।”

 বল্টু— “পশ্চিমৰ এই আন্ধাৰ ৰাজ্যখনলৈ সূৰ্য্য নাহে নেকি?”

 দৈত্য— “আহে। কিন্তু সূৰ্য্যদেৱতাৰ মাতৃ ঊষাৰাণীয়ে হুকুম দি থৈছে যে এই আন্ধাৰ ৰাজ্যলৈ আহিলে সূৰ্য্যদেৱতাই তেওঁৰ গাৰ ৰশ্মিবোৰ দুই ককায়েক ‘মধ্যাহ্ন’ আৰু ‘অপৰাহ্ন’ৰ ঘৰত থৈ আহিব লাগিব। ইয়ালৈ আহি তেওঁ বিনা ৰশ্মিৰে নিশাটো বিশ্ৰাম লৈ পুৱাতে পূৰ্বদিশ পাব লাগিব।”

 বল্টু— “মোক যে তোৰ ৰাণীৰ ওচৰলৈ পঠাম বুলিছিলি, নপঠাৱ নেকি?”

 দৈত্য—– “বল্টু! তোৰ মগজুও আছে, সাহসো আছে। গতিকে তোক মই বন্ধ কৰি ৰখাটো উচিত নহ'ব। তই যা বোপা! এই সুৰুঙাইদি গৈ থাক। যাওঁতে বাটত কিছুমান সোণ—বুটলা ল’ৰা-ছোৱালী পাবি। তই সিহঁতৰ লগতে সোণ বুটলিব শিকিবি। যদি নোৱাৰ তেন্তে ঊষাৰাণীয়ে তোক আদৰি নল’ব আৰু মোৰ ওচৰলৈ পঠিয়াই দিব। তেতিয়া কিন্তু মোৰ তোক খোৱাত বাহিৰে উপায় নাথাকিব। গতিকে সাৱধানে আগবাঢ়। কথাবোৰ মনত ৰাখিবি। মই তোক ইয়াৰ পৰা নজৰ কৰি থাকিম। এতিয়া যা।”

 বল্টুৱে ভয়ে ভয়ে আগবাঢ়িল।

[ ২১ ]
 

চাৰি

 ঘিট্‌মিটিয়া আন্ধাৰ সুৰুঙাটোৰে বল্টু গৈ আছে। ক’তো একো শব্দ নাই। কিন্তু দূৰৰ পৰাই দৈত্যই চিঞৰি কোৱা শুনিলে— “বল্টুু! গৈ থাক, ভয় নাখাবি।” বল্টুুৰ সাহস বাঢ়িল। অলপ দূৰ গৈ সি দেখা পালে এটা ঘৰৰ মজিয়াত পোহৰ। তাৰ আৰু সাহস বাঢ়িল। ওচৰলৈ গৈ দেখা পালে যে ভিতৰত কিছুমান ল'ৰা ছোৱালীয়ে বহি একান্ত মনে কিবা কৰি আছে। সি ভিতৰলৈ সোমাই গ'ল। দেখিলে যে সিহঁতে কিছুমান পুৰণা বহী, কিতাপ, খবৰ কাকতত আঠা লগাই ঠোঙা তৈয়াৰ কৰি আছে। কিছুমানে আকৌ দৰ্জ্জিয়ে পেলাই দিয়া টুকুৰা কাপোৰবোৰেৰে পুতলা সজাইছে; কিছুমানে এপিঠিত নিলিখা পেলনীয়া কাগজেৰে লেফাফা তৈয়াৰ কৰিছে; কিছুমানে কণীৰ চোকোৰা, বটল আদিৰেই নানা ধৰণৰ সজোৱা বস্তু তৈয়াৰ কৰিছে। সেইবোৰ কিছুপৰ ৰ’ লাগি চাই বল্টুৱে ভাবিলে— “আঃ! পেলনীয়া বস্তুৰেও ইমান সুন্দৰ বস্তু তৈয়াৰ কৰিব পাৰিনে? সি চোন সেইবোৰকে বজাৰৰ পৰা কিনি আনে। সিওতো তৈয়াৰ কৰি ল'ব পাৰে।” সি ভেবা লাগি চাই থাকিল।

 কিন্তু হঠাতে তাৰ তিমিৰ দৈত্যই কোৱা সোণ বুটলা কথাটো মনত পৰিল তাৰ বুকুখন চিৰিংকৈ মাৰিলে। সি তৎক্ষণাৎ এজন ল'ৰাক সুধিলে— “এ ভাই, সোণ বুটলা ল’ৰা-ছোৱালীবোৰ ক’ত?” ল’ৰাজনে উত্তৰ দিলে—

“দুবৰি বনতো বাঘ থাকে
 সাগৰৰ পানীত লোণ,
বিচাৰিলে ইয়াতে পাবা

[ ২২ ]
 

 ফটা-চিটাত সোণ।
সোণ যদি লাগে সাজা
 ঠোঙা, খাম, পুতলা
হেঙুল দেশ পোৱাগৈ লৈ
 বান্ধি টোপোলা।

 তাকে শুনি বল্টুৱেও সিহঁতৰ লগত বহি কাগজ, ফটা কাপোৰৰ ফুল, লেফাফা, ঠোঙা, চিলা, ৰং-বিৰঙৰ কাগজ কাটি আঠা লগাই প্ৰাকৃতিক দৃশ্য আদি সজাব ধৰিলে৷ হঠাতে ‘এইবোৰ কৰি থাকিলে সি সোণ বুটলা ল'ৰা-ছোৱালীবোৰক লগ নাপাব’ বুলি ভাবি তাৰ পৰা ওলাই গুচি গ'ল।

 অলপ দূৰ আগবাঢ়ি গৈ সি আন এটা কোঠা দেখিলে। খিৰিকীৰে ভিতৰলৈ চাই দেখে তাতো কিছুমান ল’ৰা-ছোৱালীয়ে টুকুৰা বাঁহ, বটল, টুথপেষ্টৰ সাঁফৰ, পুৰণা কলম, টিফিনৰ ভগা বাকচ আদি গোটাই লৈছে। তাৰ পিছত নিমখ জলকীয়া সানি চকলাই লোৱা জলফাইৰ দৰে ভগাই লৈছে। তাৰ পিছত ভাগে ভাগে বাঢ়নী, বিচনী, পেঞ্চিল থোৱা চুঙা, ফুলদানি, বেৰত

[ ২৩ ]
 
সজোৱা বস্তু, পুতলা আদি বিবিধ বস্তু পটাপট্ তৈয়াৰ কৰিব ধৰিছে। বল্টুই দেখি হতভম্ব। চুচুক-চামাক্‌কৈ সি ভিতৰলৈ সোমাই গৈ সেইবোৰ সজোৱা কৌশলবোৰ মনে মনে শিকি ল'লে। কিন্তু হঠাতে তাৰ পুনৰ সোণ বুটলা ল’ৰা-ছোৱালীৰ কথাবোৰ মনত পৰিল। সি এইবাৰ ছোৱালী এজনীক সুধিলে— “ভণ্টি, সোণ বুটলা ল’ৰা-ছোৱালী ক’ত আছে?”

 ছোৱালীজনীয়ে ‘এইটো ক’ৰ জধামূৰ্খ আহিল ঐ' বুলি ভাবি ভেঁকাহি মাৰি ক'লে—

“ৰঙীন আকাশ ধৰাৰ ৰূপ
 নেদেখে যিটো জনে
সাত ৰঙৰ সোণৰ মোল
 জানো পাব সেই জনে?
সোণ চেঁকুৰা লাগে যদি
 বহা আমাৰ স’তে
জানি লোৱা ৰঙৰ স’তে
 সোণে কথা পাতে।”

 বল্টুৱে অলপ লাজো পালে। সি পেটে পেটে ভাবিলে— “এইজনী আৰু এখোপ চৰা। সোণ কি বস্তু ইহঁতে বুজিয়েই নাপায় হ’বলা। তিমিৰ দৈত্যইনো বাৰু কোনবোৰ ল'ৰা-ছোৱালীৰ কথা ক’লে? নে মোক খোৱাৰ মতলবতে এনেদৰে কৈছে?”— এনেদৰে ভাবি সি এখোজ দুখোজকৈ আগবাঢ়িল।

[ ২৪ ]
 

পাঁচ

 জোনৰ পোহৰৰ বাবে ৰাতি কিমান হৈছে ধৰিব নোৱাৰি। বল্টুৱে এটা ফেঁচাৰ উৰুলি শুনিবলৈ পালে। মাজে মাজে এটা বালিমাহী চৰায়ে ‘চিঁ-চিঁ’কৈ মাতিছে। বল্টুৰ মনটো ভাল লাগি গ'ল। বহুত দূৰৰ পৰা শিয়ালেও হুৱা দিয়া সি শুনিলে। তাৰ ভাব হ’ল : “ৰাতি পুৱাবৰ হ’লেই কিজানি!”

 কিছুদূৰ গৈ সি দেখা পালে এখন সুন্দৰ ফুলৰ বাগিছা। তাৰে আন এটা ফালে এখন শাক-পাচলিৰ খেতি। কিছুমান ল'ৰা-ছোৱালীয়ে সেই বাগিছাত ব্যস্ত হৈ পৰিছে। মাটি খুচৰা, পানী দিয়া, বন নিঁয়াৰী দিয়া আদি কাম কৰি আছে। বল্টুৰ এনেহে লাগিল যেন ফুলবোৰে মিচিক-মাচাককৈ হাঁহি আছে। লহপহীয়া শাক- পাচলিবোৰে যেন ল'ৰা-ছোৱালীবোৰৰ লগত কথাহে পাতিছে! কিছুপৰ সি আপোনমনে চাই থাকিল। কিন্তু হঠাতে তাৰ তিমিৰ দৈত্যৰ কথা মনত পৰিল। সি এজন ল’ৰাক সোণ বুটলিব ক’ত পাৰি সুধিলে।

 ল’ৰাজনে উত্তৰ দিলে—

“ঘৰৰ কাষত মাটি আছে
 চামে চামে পৰি
জনাবুজাই তাতে পায়
 সোণমণি বিচাৰি
ফুল খেতি, পাচলি খেতিত
 আমি পাওঁ সোণ
সময়তো নহয় সোণতকৈ
 কম মূল্যবান।

[ ২৫ ]
 

খনিজাত সোণ হ’ল
 নাৰীৰ অলঙ্কাৰ,
সময়ৰ সৎ-ব্যৱহাৰে কৰে
 পুৰুষক জাতিষ্কাৰ।
কোন বিধনো সোণৰ কথা
 কোৱা বাপু তুমি
ছোৱালী নে ল’ৰা তুমি
 চোৱাচোন বাৰু গমি।

 তাকে শুনি আটাইবোৰ ল'ৰা-ছোৱালীয়ে বল্টুলৈ চাই হাঁহিবলৈ ধৰিলে। সি মৰি যোৱাৰ সমান লাজ পালে। সি ভাবিলে— ‘এইবোৰ তাকেই কাটিং মাৰিলে। কিনো দৰ্কাৰ আছিল ইহঁতৰ? কথা এটা সুধিলেও ভালকৈ উত্তৰ নিদিয়ে!’

 এনেতে দূৰৰ পৰা তিমিৰ দৈত্যই কোৱা শুনিলে “বল্টু! ফেঁহুজালি আহিব ধৰিছে। মোৰ যাবৰ হ’ল। তই ফেঁহুজালিৰ দেশলৈ যা। তাতে উত্তীৰ্ণ হ'লেহে মহাৰাণীৰ ওচৰলৈ যাব পাৰিবি।”

 এইবুলি তিমিৰ দৈত্য অন্তৰ্ধান হ’ল। বল্টুৱে দেখিলে আকাশখনে লাহে লাহে ঘিৰ বৰণ ধৰিছে। ল'ৰা-ছোৱালীবোৰেও ‘ফেঁহুজালি-ফেঁহুজালি’ বুলি কিৰিলি পাৰি নাচি-বাগি দৌৰিব ধৰিলে। পানীত তিতা মেকুৰীটোৰ দৰে বল্টুৱেও পিছে পিছে গৈ থাকিল।

 লয়লাস ভঙ্গীমাৰে ফেঁহুজালি আগবাঢ়ি আহিল। মাহ-হালধীৰে গা ধুই অহা ফেঁহুজালিৰ গোন্ধত গোটেই পৃথিৱী আমোলমোলাই গ'ল। ফেঁচাই উৰুলি-জোকাৰ দিলে, দূৰৈত কেতেকীজনীয়ে ‘বৌ কাকা ক’ত’ শীৰ্ষক গীতটি জুৰিলে; দুবৰিবোৰেও কাণত নিয়ঁৰ-মুকুতা পিন্ধি

[ ২৬ ]
 
সাজি-কাচি ওলাল; কুঁৱলিয়ে আলিবাটত বগা দলিচা পাৰি দিলে। কাউৰী এজনীয়ে কা-কা কৰি ফেঁহুজালি আইদেউৰ আগমণৰ বতৰা সকলোকে দিলে।

 এনে বিমল আয়োজন দেখি বল্টুৰ হৃদয় পমি গ’ল। সি ক’ত আছে সকলো পাহৰি গ'ল। ল'ৰাবোৰৰ সৈতে সিও আইদেউক প্ৰণাম জনালে। ফেঁহুজালিয়ে সকলোৰে মূৰত হাত বুলাই দিলে। বল্টুৰ মূৰত হাত দিয়াৰ লগে লগে তাৰ গোটেই গাতে এচাটি শীতল বতাহে বিছি দিলে। তাৰ মনটো ভাল লাগি গ'ল। সি সদায় এইখিনি সময়তে শুৱাৰ পৰা উঠি ফেঁহুজালিৰ এনে পৰশ পাবলৈ পেটে পেটে কামনা কৰিলে।

 আইদেৱে মিচিকিয়া হাঁহি মাৰি সকলোকে চালে। তাৰ পিছত ল'ৰা-ছোৱালীবোৰক সুধিলে— “বাচাহঁত! আজি কোনে কেনেকৈ সোণ বুটলিলা কোৱাচোন।”

 প্ৰথম ল’ৰাজনে উত্তৰ দিলে—

“ফঁটা-চিটা কাগজ কাপোৰ
 য’তে যিমান পাওঁ,
তাকে কাটি বাৰে-বৰণৰ
 পুতলা সজাওঁ॥
ঘৰ সজাওঁ, বেহা কৰোঁ,
 সময়ো নহ'ল নষ্ট,
বহী পেঞ্চিল লওঁ কিনি
 আনক নিদিওঁ কষ্ট।”

 দ্বিতীয়জনে ক'লে—

“বাঁহ, বটল, কলম যত
 পাওঁ অ'ত-ত'ত,

[ ২৭ ]
 

গোটাই মেলি ন-সাজ দিওঁ
 উকা সময়ত॥
বেচি-মেলি ধন পাওঁ
 ঘৰটো সজাওঁ
সোণ বুটলাৰ মহানন্দ
 মনে-প্ৰাণে পাওঁ॥

 তৃতীয়জনে ক'লে—

“হাতত পাওঁ বহু সময়
 স্কুলত পঢ়ি-মেলি
মহানন্দে কৰোঁ আমি
 ফুল-শাক-পাচলি।
ঘৰৰ কাষত মাটি আছে
 চামে চামে পৰি
সময় বচাওঁ, ধনো ঘটো
 তাতে খেতি কৰি।

 সিহঁতৰ কথা শুনি আইদেউৰ ভাল লাগিল। তেওঁ আটাইৰে গালত একোটাকৈ চুমা দিলে আৰু মূৰত হাত বুলাই আশীৰ্বাদ দিলে—

“ধন্য ধন্য বাচাহঁত, দীৰ্ঘজীৱি হোৱা
খাটি সোণ গোটোৱাৰ আশীৰ্বাদ লোৱা।
সোণৰ বৰণ হওক বদন, সদা হাঁহিমুখৰ
স্বাৱলম্বিতাৰে হোৱা, ধৰণী দেশৰ।”

 লগে লগে আটাইৰে মুখবোৰ হেঙুলৰ কিৰণত সোণালী হৈ উঠিল। মুখবোৰ বেছি মৰম লগা হ’ল। উলহ-মালহেৰে নাচি-বাগি ল'ৰা-ছোৱালীবোৰে গীত জুৰিলে-

সোণ বৰণীয়া আমি অকণি
 ধৰাৰ বুকুৰ জোন,

[ ২৮ ]
 

শুকান মাটিত হেঙুল বোলাই
 গঢ়োঁ চপৰা সোণ॥
প্ৰাণে প্ৰাণে আমাৰ
 নতুন গঢ়াৰ সপোন
প্ৰতিক্ষণ আমাৰ ধন
 বজ্ৰমুঠিৰে নিজে গঢ়ি পূৰ্ণ কৰোঁ
আমাৰ যত প্ৰয়োজন।
আকাশ ধৰাৰ সুন্দৰতাত
 হৃদয় আমাৰ মগণ
ভেদভাব অলসতা, সমাজৰ মলিনতা
 ধ্বংস কৰিম আমি, কৰিছোঁ পণ।

 গীত গাই গাই সিহঁত দোলদোপ-হেন্দোলদোপে সুকোমল ৰাজ্যৰ ফালে আগবাঢ়িল। মুখখন টেমীহেন কৰি বল্টু তাতেই থিয় হৈ থাকিল।

 তাৰ অৱস্থা দেখি ফেঁহুজালি আইদেউৰ দুখ লাগিল।

[ ২৯ ]
 
তেওঁ তাক ওচৰলৈ মাতি নি সুধিলে— “বল্টু, সোণ বুটলা কাক বোলে এতিয়া বুজি পালানে?”

 বল্টুৱে কান্দনমুৱা হৈ লাহেকৈ মূৰটো দুপিয়ালে। সি নাকৰ পৰা ওলাই অহা সেঙুনখিনি সুৰুতকৈ ভিতৰলৈ সোঁহা মাৰি নিলে। তাৰ পিছত বাউসীটোৰে নাকটো মচি হাতখন তপিনাত মচিলে। সি একেথৰে আইদেউৰ ফালে চাই থাকিল। আইদেৱে ক'লে— “তেন্তে তুমি সুকোমল ৰাজ্যলৈ যাব পাৰা।”

 এইবুলি বল্টুক সুকোমল ৰাজ্যলৈ লৈ যাবলৈ ‘হেঙুল’ক আদেশ দি ফেঁহুজালি আইদেউ অন্তৰ্ধান হ’ল।

সাত

 মেঘেৰে সজা কোমল বাটটোৱেদি ৰথত উঠি বল্টু গৈ আছে। গোলাপী ডাঁৱৰবোৰে ৰাণীৰ আগমণৰ বাবে ব্যস্ত হৈ পৰিছে। ‘বতাহী’ বাইদেৱে আকাশখন নীলা বৰণেৰে নিৰ্মলকৈ সাৰি-মচি থৈছে। মেঘবোৰৰ অহা-যোৱা ব্যস্ততা দেখি বল্টুৰ মনত আনন্দই নধৰা হ’ল। সি তাৰ শাস্তিৰ কথা পাহৰিয়েই গ'ল। সি হেঙুলক সুধিলে— “সুকোমল ৰাজ্যলৈ আৰু কিমান দূৰ?”

 হেঙুলে উত্তৰ দিলে— “পালোহিয়েই। দেখিছানে সৌখন নীলা বৰণৰ পৰ্বত? সেয়েই তেওঁৰ সিংহাসন। তুষাৰৰ ধৱল চন্দনেৰে সজোৱা সেই সিংহাসন। তুমি ইয়াতেই ৰোৱা। ৰাণী আহি এতিয়াই পাটত বহিব।”

 তন্ময় দৃষ্টিৰে বল্টুৱে চাৰিওফালে চাবলৈ ধৰিলে। এচাটি সুগন্ধি মলয়া বতাহ বলিল। ৰশ্মি নামৰ লিগিৰীজনীয়ে সকলোৰে গালে মুখে ফাকুগুৰি ছটিয়াই

[ ৩০ ]
 
দিলে। কোকিলে কুহু-কুহু সুৰেৰে গীত জুৰিলে। নিজৰা নামৰ নৰ্ত্তকীজনীয়ে ভৰিত নূপুৰ পিন্ধি ল’লে। তাই কুলু কুলু সুৰেৰে গীত গাই নৃত্য কৰিব ধৰিলে। গছপাতবোৰে সুৰৰ ছন্দে ছন্দে হাত চাপৰি মাৰিব ধৰিলে।

 অলপ পিছতে সুকোমল মহাৰাণীয়ে তেওঁৰ টিকটিকীয়া ৰঙা সাজযোৰ পিন্ধি ওলাই আহিল। হালধীয়া, সেউজীয়া আদি নানা ধৰণৰ বুটা দিয়া সাজযোৰে চৌদিশ জকমকাই তুলিলে।

 ৰাণী পাটত উঠাৰ লগে লগে ‘মলয়া বতাহী’ নামৰ লিগিৰীজনীয়ে গছপাতৰ বিছনীৰে ৰাণীক বা দিব ধৰিলে। নিয়ঁৰবোৰে টোপাটোপে সকলোৰে মূৰত তুলসীৰ পানী ছটিয়াই দিলে। উষ্ম জলৰাজৰ অকণমানি জীয়াৰী ‘কুহুমীয়া’ইও আহি ৰাণীৰ চৰণ দুখনি ধুই দিলে।

 বল্টুৱে থৰ লাগি চাই থাকিল। সি দেখিলে,দুবৰিবোৰে সাতৰঙী মুকুতা পিন্ধি সাজি-কাচি ওলাইছে। পখিলাবোৰে ৰং-বিৰঙৰ সাজ পিন্ধি ফুলবোৰৰ কাণে কাণে কথা পাতিব ধৰিছে। ফুলবোৰেও মিচিক-মাচাককৈ হাঁহি সিহঁতৰ লগত খেলিছে। তাকে দেখি লাজত বল্টুৰ কাণ দুখন ৰঙা পৰি গ'ল।

 এনেতে দূত ‘কেঁচা ৰ’দ’ক পঠিয়াই ৰাণীয়ে বল্টুক মাতি লৈ গ'ল। ৰাণীৰ ওচৰ পাই বল্টুৰ অলপ ভয়ো লাগিল। কিন্তু ৰাণীয়ে তাক নম্ৰভাৱে ক'লে— “বল্টু,তোমাৰ সকলো কথা মই শুনিছোঁ। পিছে তোমাৰ বুদ্ধি আৰু সাহস দেখি মই সন্তুষ্ট হৈছোঁ। হ'লেও আমাৰ নিয়ম নমনাৰ বাবে তোমাক শাস্তি দিয়া হ’ব।”

 বল্টুৱে অসহায় হৈ ক'লে— “মই একো দোষ কৰা নাই।”

[ ৩১ ]
 
 ৰাণীয়ে ক'লে- “দোষ কৰিছা। প্ৰথম দোষ : ফেঁহুজালি আইদেউক আওহেলা কৰি বেলিলৈ বিছনাত শুই থাকা। দ্বিতীয়তে : নিজৰ ফলি-পুথি,কাপোৰ-কানি, জোতা-মোজা আদি সজাই-পৰাই আৰু চাফ্-চিকুণকৈ নাৰাখি আমাৰ ডাঙৰ ছোৱালী ‘পৰিপাটি’ক ঘৰৰ পৰা উলিয়াই দিছা। তাইৰ লগতে ঘৰৰ পৰা আমাৰ ডাঙৰ ল’ৰা ‘মহানন্দ’ও ওলাই আহিছে। তৃতীয়তে : পিঙ্কুৰ দৰে গেছ ভৰোৱা বেলুন উৰাই তুমিও আমাৰ সৰ্বনাশ কৰিবলৈ ওলাইছা।”

 এইবাৰ বল্টুই অলপ থৰ লাগিল। সি তাৰ ঢিলা হৈ পৰা পটলুংটো কঁকালৰ ওপৰলৈ টানি ল’লে। তাৰ পিছত নাকটো মচি লৈ সুধিলে— “পিঙ্কুৰ বেলুনেনো কি কৰিলে!”

[ ৩২ ]
 
 ৰাণীয়ে সকলোবোৰ হিচাপ দিবলৈ ‘মলয়া বতাহী’ক ইঙ্গিত দিলে। তেওঁ সাগৰৰ ঢৌৰে লিখি থোৱা কাকতখন পঢ়ি গ'ল—

 “পিঙ্কুৰ বেলুন এই দেশলৈ আহিছিল,
 অহা বাটৰ মেঘবোৰ আউল-বাউল হৈছিল,
 বাউলি মেঘে বতাহ গৰম কৰিছিল,
 গৰম বতাহ লাগি বেলুন ফাটিছিল,
 ফটা বেলুনৰ বিকট শব্দ হৈছিল,
 শব্দৰ লগে লগে ধূলিবোৰ উৰিছিল,
 উৰি যোৱা ধূলিবোৰ ফুলত পৰিছিল,
 ধূলি পৰা ফুলৰ মৌ নষ্ট হৈছিল,
মৌ নাপাই ভোমোৰা-পখিলা ব্যাকুল হৈছিল,
উদ্বাউল পতঙ্গবোৰে ফুলে ফুলে জঁপিয়াইছিল,
জঁপিয়নীত ফুলৰ পাহিবোৰ সৰিছিল,
সৰি পৰা পাহিবোৰ দুবৰিত পৰিছিল,
দুবৰি-কাণৰ নিয়ঁৰ-মুকুতা সৰি পৰিছিল,
সৰা মুকুতাবোৰ পানী হৈ গৈছিল।

 এনেদৰে পিঙ্কুৰ বেলুনে আমাৰ সুকোমল ৰাজ্যৰ অপূৰণীয় ক্ষতি কৰিছিল। ই বৰ দুখ লগা কথা।”

 বল্টুৱে অনুভৱ কৰিলে— আঃ, ইমান সুন্দৰ আৰু কোমল পৃথিৱীখন! অথচ এইবোৰ ধ্বংস কৰা সি যেন এটা দৈত্য!! তাৰ মুখ শুকাই গ'ল। ওঁঠ দুটা কঁপিবলৈ ধৰিলে। চকু দুটা মুদ খাই সি অচেতন হৈ পৰাৰ দৰে হ’ল। তাকে দেখি ৰাণীয়ে তৎক্ষণাৎ ৰশ্মি আৰু নিয়ঁৰেৰে তৈয়াৰ কৰা এবিধ গোলপীয়া চন্দন তাৰ মুখত সানি দিলে। বল্টৰ মুখত পানী আহিল। লগে লগে তাৰ কাণত যেন কোনোবাই ফুচফুচাই ক'লে— “নতুন

[ ৩৩ ]
 
গঢ়াটোৱে সুন্দৰ। সুন্দৰহে সত্য। সুন্দৰৰ ধ্বংসকাৰী হয় দৈত্য।”

 বল্টুৱে কথাখিনি আওৰালে। তাৰ মুখত মিচিকিয়া হাঁহি ওলাল।

 এনেতে সোণ বুটলা ল’ৰা-ছোৱালীবোৰ গীত গাই গাই বল্টুৰ ওচৰ পালে সিও সিহঁতৰ লগত যোগ দি গানটো গাবলৈ ধৰিলে— “সোণ বৰণীয়া আমি অকণি....” ইত্যাদি।

 সুকোমল ৰাণীয়ে সকলোৰে মূৰত হাত বুলাই আশীৰ্বাদ দিলে। তেওঁ ল’ৰা ছোৱালীবোৰক লৈ যাবলৈ ‘বেলি’ক হুকুম দিলে। বেলিয়ে ৰথখন আনি বল্টুহঁতক ডাঁৱৰৰ মাজে মাজে উৰাই লৈ গ'ল। সিহঁতৰ লগে লগে বতাহবোৰেও দৌৰিবলৈ ধৰিলে।

  • * *

 একে উশাহতে ঘৰ পাই “আমি সোণ বুটলি বেলুন কিনিম” বুলি ক’বলৈ সি পিতাকক চিয়ঁৰিলে : “পিতা! অ’ পিতা!!”

 পিতাকে তাৰ চিঞঁৰত ওলাই আহি কাণ এখনত ধৰি ক’লে— “ঐ, কিতাপ পঢ়িছ নে চকীত বহি কলমটিয়াই আছ?— উঠ, যা, বিচনাত শুগৈ।”

 বল্টুৱে ঘপকৈ উঠি চেয়াৰখনত বহি লৈ চকু দুটা মোহাৰি ল’লে। সি মাছে খুটিওৱা বৰশীৰ পুঙাটোৰ দৰে দুবাৰমান দোলন দি ভঙা ভঙা মাতেৰে ক'ল — “পিতা, মই আজিৰ পৰা চব কাম নিজে কৰিম।”

 “তই কিবা পগলা হলি নেকি অ’?”— পিতাকে ক'লে।

[ ৩৪ ]
 
 “নহয়, মই আজি এটা বৰ সুন্দৰ সপোন দেখিলোঁ।”

 সি তেনেকৈ কোৱা সময়তে মাকো ওলাই আহি তাত থিয় হ’ল। বাপেকে হাঁহি মাৰি সুধিলে– “কি সপোন দেখিছ, আমাকো ক’চোন!”

 মাকে লগে লগে ক'লে- “এনে সুন্দৰ সপোন দেখি থাকিলেনো টি-ভি, চিনেমা চোৱাৰ দৰ্কাৰ কি? হওক দে তেও, আজিৰ পৰা তেনেহ'লে আমাৰ টি ভিটোৱে অলপ সকাহ পাব।”

 বল্টুৱে মাকলৈ ঘোপাকৈ চালে।

 বল্টুৰ স্বপ্ন ভংগ হ’ল। কিন্তু সি বাস্তৱ জীৱনৰ এটা সত্য পথৰ সন্ধান পালে। সি বুজিলে যে এটা সুন্দৰ আৰু সত্য পথেৰে গ'লেহে পৃথিৱীৰ আচল সৌন্দৰ্য্য টো দেখিব পৰা যাব। সি একেজাপে চকীখনৰ পৰা উঠি আনন্দতে গীত গাবলৈ ধৰিলে। হাত দুখন ওপৰলৈ নি, এঙামুৰি দি এটা দীঘল হুমুনিয়াহ এৰি দিলে।

সমাপ্ত

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।