পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
লগত চুপতি মৰা, আনৰ দোষ খুচৰা ইত্যাদি। মুঠতে তাৰ কোনো কথাই ভাবিব লগা হোৱা নাছিল। আচলতে সি ভাবিবৰ শক্তিকে হেৰুৱাইছিল।

 এনেদৰে সদানন্দ লাহে লাহে ডাঙৰ হ'ল। কিন্তু সি কোনো কামেই কৰিব নোৱৰা হ'ল।

 এদিন তাৰ বাপেক মৰিল। ঘৰ-সংসাৰৰ দায়িত্ব সদানন্দৰ ওপৰত পৰিল। কিন্তু সি সকলো কামতে লিগিৰা-লিগিৰীবোৰৰ ওপৰতহে নিৰ্ভৰ কৰিব লগা হ'ল। তাৰ অনভিজ্ঞতাৰ সুযোগ লৈ সেই মানুহবোৰে তাক ঠগাবলৈ ধৰিলে। সকলো কামতে অভিজ্ঞ এই মানুহবোৰৰ চলাহি কথাতে সদানন্দই সন্তুষ্ট থাকিব লগা হ'ল।

 সৰুৰে পৰা হুকুম দিয়েই চলা সদানন্দৰ কথা-বতৰাবোৰ সদায় গৰম গৰম আৰু খেং-খেঙীয়া হ’ল। সি ভাবে যে এই মানুহবোৰৰ প্ৰতি তাৰ কোনো দায়িত্ব নাই;তাৰ প্ৰতিহে মানুহৰ দায়িত্ব আৰু সকলোৱে তাৰ কথাহে শুনিব লাগিব। তাৰ এনে স্বভাৱত লিগিৰা-লিগিৰীবোৰ অধৈৰ্য্য হৈ এজন এজনকৈ গুচি যাবলৈ ধৰিলে। ওচৰ-পাজৰৰ মানুহেও সদানন্দক দেখিলে মুখ ঘূৰাই গুচি যায়। সকলোৱে সদানন্দৰ সম্পত্তিবোৰ চলে-বলে লুটি-পুতি নিবলৈ ধৰিলে।

 লাহে লাহে সদানন্দ দুখীয়া হৈ পৰিল। উপায় নাপাই বাপেকে দি থৈ যোৱা মাটি-সম্পত্তিকে বিক্ৰী কৰি চলিবলৈ ধৰিলে। পিছত বিক্ৰী কৰিবলৈ সম্পত্তিও নোহোৱা হ'ল। সি আন্ধাৰত ডুব গ’ল। দিনবোৰ তাৰ বাবে ৰাতি হ'ল; ৰাতিবোৰ ভূত। সিও হৈ পৰিল ৰাতিৰে ভূত।

 * * *

সুকোমল দেশৰ সাধু / ১১