ত্যাগ কৰিব পৰা নাছিলোঁ। মোৰ লিভাৰ দুৰ্বল হৈছিল, শৰীৰৰ তেজ মৰি গৈছিল, মই দুৰ্বল হৈ ঢলং-পলংকৈ বাগৰি পৰিছিলোঁ। মোক দেখি সকলোৱে হাঁহিছিল; ছিঃ ছিঃ বুলি আঁতৰি গৈছিল; কুকুৰবোৰে ভুকিছিল।
দৈত্যৰ কথাবোৰ শুনি বল্টুৰ মনত পৰিল সিহঁতৰ স্কুললৈ যোৱা বাটত সি সদায় দেখা মদাহী মানুহজনৰ কথাটো। তাৰ চকু দুটা ডাঙৰকৈ মেল খালে। অবাক দৃষ্টিৰে সি দৈত্যলৈ চাই থাকিল। দৈত্যই হাত দুখন কপালত থৈ মাটিৰ ফালে দৃষ্টি দি পুনৰ ক’বলৈ ধৰিল — “আজি মই আৰু ক’বলৈ লাজ নকৰো বল্টু! অভাৱত পৰি এটা সময়ত মই চুৰো কৰিছিলোঁ; কথাই কথাই মিছা মাতিছিলো। সঁচা কথা ক’লেই যেন মই শাস্তি পাম, তেনে ভাব হৈছিল। তাতেহে মই পুলিচৰ কোব; মানুহৰ চৰ, ভুকু, কিল আদি খাইছিলোঁ। আজিহে বুজিছোঁ, সঁচা কথা ক’লে তেনে নহ'লহেঁতেন।” এটা উশাহ দীঘলকৈ লৈ দৈত্যই ক’লে— “শুনিছ বল্টু! মোৰ স্বভাৱবোৰেই মানুহৰ ওচৰত মোক ঘৃণনীয় কৰি তুলিছিল। মোৰ দৰিদ্ৰতাই নহয়। দৰিদ্ৰক মানুহে ঘিণ নকৰে। বৰং পুতৌ কৰে আৰু সহানুভূতি দেখুৱায়। কিন্তু চৰিত্ৰ বেয়া হ'লে কোনেও নাচায়। সেয়েহে মই মণিকাঞ্চন নগৰত এটা ঘৃণনীয় পশুৰ দৰে জীয়াই আছিলোঁ। বল্টু!- এতিয়া তয়ে ক'চোন যে এনেকৈ জীয়াই থকা আৰু মৰাৰ মাজত প্ৰভেদ কি?” বল্টুৱে ইমান ডাঙৰ কথা ভাবিব নোৱাৰে। ‘মৰা’ আৰু ‘জীয়াই থকা’ মানে কি সি বুজি নাপায়। সি দৈত্যৰ প্ৰশ্নৰ উত্তৰ নিদি মাথো সুধিলে— |
পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/১৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুকোমল দেশৰ সাধু / ১৩