দিলে। কোকিলে কুহু-কুহু সুৰেৰে গীত জুৰিলে। নিজৰা নামৰ নৰ্ত্তকীজনীয়ে ভৰিত নূপুৰ পিন্ধি ল’লে। তাই কুলু কুলু সুৰেৰে গীত গাই নৃত্য কৰিব ধৰিলে। গছপাতবোৰে সুৰৰ ছন্দে ছন্দে হাত চাপৰি মাৰিব ধৰিলে।
অলপ পিছতে সুকোমল মহাৰাণীয়ে তেওঁৰ টিকটিকীয়া ৰঙা সাজযোৰ পিন্ধি ওলাই আহিল। হালধীয়া, সেউজীয়া আদি নানা ধৰণৰ বুটা দিয়া সাজযোৰে চৌদিশ জকমকাই তুলিলে। ৰাণী পাটত উঠাৰ লগে লগে ‘মলয়া বতাহী’ নামৰ লিগিৰীজনীয়ে গছপাতৰ বিছনীৰে ৰাণীক বা দিব ধৰিলে। নিয়ঁৰবোৰে টোপাটোপে সকলোৰে মূৰত তুলসীৰ পানী ছটিয়াই দিলে। উষ্ম জলৰাজৰ অকণমানি জীয়াৰী ‘কুহুমীয়া’ইও আহি ৰাণীৰ চৰণ দুখনি ধুই দিলে। বল্টুৱে থৰ লাগি চাই থাকিল। সি দেখিলে,দুবৰিবোৰে সাতৰঙী মুকুতা পিন্ধি সাজি-কাচি ওলাইছে। পখিলাবোৰে ৰং-বিৰঙৰ সাজ পিন্ধি ফুলবোৰৰ কাণে কাণে কথা পাতিব ধৰিছে। ফুলবোৰেও মিচিক-মাচাককৈ হাঁহি সিহঁতৰ লগত খেলিছে। তাকে দেখি লাজত বল্টুৰ কাণ দুখন ৰঙা পৰি গ'ল। এনেতে দূত ‘কেঁচা ৰ’দ’ক পঠিয়াই ৰাণীয়ে বল্টুক মাতি লৈ গ'ল। ৰাণীৰ ওচৰ পাই বল্টুৰ অলপ ভয়ো লাগিল। কিন্তু ৰাণীয়ে তাক নম্ৰভাৱে ক'লে— “বল্টু,তোমাৰ সকলো কথা মই শুনিছোঁ। পিছে তোমাৰ বুদ্ধি আৰু সাহস দেখি মই সন্তুষ্ট হৈছোঁ। হ'লেও আমাৰ নিয়ম নমনাৰ বাবে তোমাক শাস্তি দিয়া হ’ব।” বল্টুৱে অসহায় হৈ ক'লে— “মই একো দোষ কৰা নাই।” |
পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/৩০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪/সুকোমল দেশৰ সাধু