পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
 ৰাণীয়ে সকলোবোৰ হিচাপ দিবলৈ ‘মলয়া বতাহী’ক ইঙ্গিত দিলে। তেওঁ সাগৰৰ ঢৌৰে লিখি থোৱা কাকতখন পঢ়ি গ'ল—

 “পিঙ্কুৰ বেলুন এই দেশলৈ আহিছিল,
 অহা বাটৰ মেঘবোৰ আউল-বাউল হৈছিল,
 বাউলি মেঘে বতাহ গৰম কৰিছিল,
 গৰম বতাহ লাগি বেলুন ফাটিছিল,
 ফটা বেলুনৰ বিকট শব্দ হৈছিল,
 শব্দৰ লগে লগে ধূলিবোৰ উৰিছিল,
 উৰি যোৱা ধূলিবোৰ ফুলত পৰিছিল,
 ধূলি পৰা ফুলৰ মৌ নষ্ট হৈছিল,
মৌ নাপাই ভোমোৰা-পখিলা ব্যাকুল হৈছিল,
উদ্বাউল পতঙ্গবোৰে ফুলে ফুলে জঁপিয়াইছিল,
জঁপিয়নীত ফুলৰ পাহিবোৰ সৰিছিল,
সৰি পৰা পাহিবোৰ দুবৰিত পৰিছিল,
দুবৰি-কাণৰ নিয়ঁৰ-মুকুতা সৰি পৰিছিল,
সৰা মুকুতাবোৰ পানী হৈ গৈছিল।

 এনেদৰে পিঙ্কুৰ বেলুনে আমাৰ সুকোমল ৰাজ্যৰ অপূৰণীয় ক্ষতি কৰিছিল। ই বৰ দুখ লগা কথা।”

 বল্টুৱে অনুভৱ কৰিলে— আঃ, ইমান সুন্দৰ আৰু কোমল পৃথিৱীখন! অথচ এইবোৰ ধ্বংস কৰা সি যেন এটা দৈত্য!! তাৰ মুখ শুকাই গ'ল। ওঁঠ দুটা কঁপিবলৈ ধৰিলে। চকু দুটা মুদ খাই সি অচেতন হৈ পৰাৰ দৰে হ’ল। তাকে দেখি ৰাণীয়ে তৎক্ষণাৎ ৰশ্মি আৰু নিয়ঁৰেৰে তৈয়াৰ কৰা এবিধ গোলপীয়া চন্দন তাৰ মুখত সানি দিলে। বল্টৰ মুখত পানী আহিল। লগে লগে তাৰ কাণত যেন কোনোবাই ফুচফুচাই ক'লে— “নতুন

২৬ / সুকোমল দেশৰ সাধু