এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অনুভৱ কৰিলে। আকৌ এটা শব্দ! এইবাৰো আৰু অলপ তললৈ আহিল; আকৌ এটা, আকৌ তললৈ— যেন বল্টু খট্খটিয়েদিহে নামি আহিছে! শেষত আৰু এটা শব্দ ⸺ ধুপুচ্।
কি হ’ল? বল্টু মাটিত পৰিল তপিনা-থেকেচা খাই। মুখৰ পৰা ‘কেক্’কৈ শব্দটো ওলাইছেহে, বল্টুৱে দেখা পালে সন্মুখত এটা কিচ্কিচিয়া ক’লা দৈত্য বল্টুক পাই দৈত্যটোৱে আনন্দতে ঢেক্-ঢেকাই হাঁহিবলৈ ধৰিলে৷ লগে লগে দীঘল দীঘল নখবোৰ উলিয়াই ওলাই আহিল আন এজাক ভূত। দাঁতবোৰ নিকটাই আৰু চকুৰে তেলেকা-তেলেকিকৈ চাই সিহঁতে বল্টুৰ সন্মুখত দোল্দোপ-দোল্দোপকৈ নাচিবলৈ ধৰিলে। লগে লগে আৰম্ভ হ'ল ঝিলিৰ কাণতাল মৰা চিঞৰ, ফেঁচাৰ উৰুলি, কুকুহা চৰাইৰ তিৰিং-বিৰিং ৰাৱ, হুদুৰ মাত, শিয়ালৰ হোৱা। ভয়তে বল্টুৰ অৱস্থা নাইকিয়া হ’ল। সি আৰু জীয়াই থকাৰ আশাকে এৰি দিলে। দৈত্যই আগবাঢ়ি আহি গৰ্জিব ধৰিলে⸺
|
৪/ সুকোমল দেশৰ সাধু