এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোটাই মেলি ন-সাজ দিওঁ তৃতীয়জনে ক'লে— “হাতত পাওঁ বহু সময় সিহঁতৰ কথা শুনি আইদেউৰ ভাল লাগিল। তেওঁ আটাইৰে গালত একোটাকৈ চুমা দিলে আৰু মূৰত হাত বুলাই আশীৰ্বাদ দিলে— “ধন্য ধন্য বাচাহঁত, দীৰ্ঘজীৱি হোৱা লগে লগে আটাইৰে মুখবোৰ হেঙুলৰ কিৰণত সোণালী হৈ উঠিল। মুখবোৰ বেছি মৰম লগা হ’ল। উলহ-মালহেৰে নাচি-বাগি ল'ৰা-ছোৱালীবোৰে গীত জুৰিলে- সোণ বৰণীয়া আমি অকণি |
সুকোমল দেশৰ সাধু / ২১