এক তিনি দিন ধৰি বল্টুৱে পিতাকক কিমানবাৰ কাবৌ কৰিলে, তাৰ হিচাপ নাই। কিন্তু পিতাকৰ মুখত সেই একেটা কথা, “ৰচোন, হ’ব কিবা এটা; পূজাটো আহক।”আজি কিন্তু সি এৰাত নাই। এৰাত নাই মানে সি আৰু পিতাকক একো নকয়ও, নামাতেও। সামান্য গেছ ভৰোৱা বেলুন কেইটামানকে আনি দিব নোৱাৰে, আৰু কি দিব? কাবৌ কৰি আৰু কি লাভ। সিও দিব মজা ঠিকমতে। যেতিয়ালৈকে গেছ ভৰোৱা বেলুন নিদিয়ে, তেতিয়ালৈকে সি কিতাপ নপঢ়ে, কমিকচ্হে পঢ়িব বা সাধুকথা পঢ়িব। পাব মজা তেতিয়া৷ অৱশেষত সেইটোৱে খাটাং হ’ল। এইটোকে সিদ্ধান্ত কৰি বল্টুৱে বাৰান্দাৰ চকীখনত ধুপুচ্কৈ বহি পৰিল- মুখখন এপাচিমান ডাঙৰ কৰি। সি এনেভাৱে বহিল যাতে পিতাকে ওলায়ে দেখে যে সি কিতাপ পঢ়া নাই; সাধুকথা পঢ়িছে। (তাৰ মতে কিতাপ মানে স্কুলৰ কিতাপ আৰু বাকীবোৰ হয় কমিকচ্, নহয় সাধুকথা।) কিতাপখন হাতত লৈ সি এবাৰ পঢ়ে, এবাৰ বাটলৈ চায়; আৰু পঢ়ে,আৰু চায়। তাৰ মন নবহে। এই বাটতে যোৱা পৰহি পিঙ্কুৱে তাক দেখুৱাই দেখুৱাই সোপাসোপে গেছ-বেলুন উৰালে। আঃ, কি যে মজা লাগিছিল! এটাৰ পিছত এটাকৈ সোঁ-সোঁকৈ ওপৰলৈ উৰি গৈছিল! গ’ল বা ক’লৈ? কিজানি একেবাৰে আকাশ পালেগৈ! যদি ওপৰতে ঢপ্কৈ ফাটি গৈছে!! ‘হাৱা’ গৈ ক'ৰবাত |
পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুকোমল দেশৰ সাধু / ১