গঢ়াটোৱে সুন্দৰ। সুন্দৰহে সত্য। সুন্দৰৰ ধ্বংসকাৰী হয় দৈত্য।”
বল্টুৱে কথাখিনি আওৰালে। তাৰ মুখত মিচিকিয়া হাঁহি ওলাল। এনেতে সোণ বুটলা ল’ৰা-ছোৱালীবোৰ গীত গাই গাই বল্টুৰ ওচৰ পালে সিও সিহঁতৰ লগত যোগ দি গানটো গাবলৈ ধৰিলে— “সোণ বৰণীয়া আমি অকণি....” ইত্যাদি। সুকোমল ৰাণীয়ে সকলোৰে মূৰত হাত বুলাই আশীৰ্বাদ দিলে। তেওঁ ল’ৰা ছোৱালীবোৰক লৈ যাবলৈ ‘বেলি’ক হুকুম দিলে। বেলিয়ে ৰথখন আনি বল্টুহঁতক ডাঁৱৰৰ মাজে মাজে উৰাই লৈ গ'ল। সিহঁতৰ লগে লগে বতাহবোৰেও দৌৰিবলৈ ধৰিলে।
একে উশাহতে ঘৰ পাই “আমি সোণ বুটলি বেলুন কিনিম” বুলি ক’বলৈ সি পিতাকক চিয়ঁৰিলে : “পিতা! অ’ পিতা!!” পিতাকে তাৰ চিঞঁৰত ওলাই আহি কাণ এখনত ধৰি ক’লে— “ঐ, কিতাপ পঢ়িছ নে চকীত বহি কলমটিয়াই আছ?— উঠ, যা, বিচনাত শুগৈ।” বল্টুৱে ঘপকৈ উঠি চেয়াৰখনত বহি লৈ চকু দুটা মোহাৰি ল’লে। সি মাছে খুটিওৱা বৰশীৰ পুঙাটোৰ দৰে দুবাৰমান দোলন দি ভঙা ভঙা মাতেৰে ক'ল — “পিতা, মই আজিৰ পৰা চব কাম নিজে কৰিম।” “তই কিবা পগলা হলি নেকি অ’?”— পিতাকে ক'লে। |
পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/৩৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুকোমল দেশৰ সাধু / ২৭