পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তিনি

 মণিকাঞ্চন নগৰত এজন অতি ধনী সদাগৰ আছিল। তেওঁ ইমানেই ধনী আছিল যে সেই ৰাজ্যৰ ৰজাইও তেওঁক সন্মান কৰিছিল আৰু প্ৰয়োজনত ধন ধাৰলৈ লৈছিল। সদাগৰ যেনে ধনী, তেনে মানী আৰু দানীও আছিল।

 সদাগৰৰ তিনিজনী কন্যাৰ পিছত এজন ল’ৰা সন্তানৰ জন্ম হৈছিল। তাৰ নাম ৰাখিছিল সদানন্দ। কন্যা তিনিজনীৰ বিয়াৰ পিছত সদানন্দ ঘৰত অকলেই আছিল। সৰু ল’ৰা বুলি মাক-বাপেক, লিগিৰা-লিগিৰী, ওচৰ-চুবুৰীয়া আদি সকলোৰে আলাসৰ লাড়ু হৈ পৰিছিল সদানন্দ।

 সদানন্দৰ আলপৈচান ধৰাৰ বাবে এজন লিগিৰা আৰু এজনী লিগিৰীক সুকীয়াকৈ নিয়োগ কৰিছিল। সিহঁতে তাক খুৱাইছিল, ধুৱাইছিল, পিন্ধাইছিল, বোকোচাত তুলি ফুৰাবলৈ নিছিল, স্কুললৈ নিছিল, স্কুলৰ পৰা আনিছিল ইত্যাদি। মুঠতে সদানন্দই নিজে একো কৰিব লগা হোৱা নাছিল।

 সদানন্দই নিজে কৰা কামৰ ভিতৰত আছিল প্ৰয়োজন হ’লেই সিহঁতক হুকুম দিয়া; এঠাইৰ পৰা আহি জোতা-মোজা, কাপোৰ-কানি আদি খুলি সিহঁতলৈ দলিয়াই দিয়া; সময়ত খোৱা, খোৱাত অলপ হেৰ-ফেৰ হ’লেই ঠেহ-ফস্তি মাৰি গুচি যোৱা বা খোৱাবস্তুকে দলিয়াই দিয়া; ঘৰুৱা মাষ্টৰৰ ওচৰত পঢ়া; পাঠ্য পুথিকেইখনত বাদে অন্য পুথি-পত্ৰ নপঢ়া; নাচ-গান চোৱাত মগ্ন হৈ থকা; লগৰ ল'ৰাৰ

১০ / সুকোমল দেশৰ সাধু