পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
 বল্টু— “বুদ্ধি আৰু সাহস মানে বুজিলোঁ। কিন্তু এই অনুৰাগটো কি?”

 দৈত্য– “তাৰ মানে হ’ল ইচ্ছা। ইয়াৰ লগত মনোযোগ আৰু স্বাৰ্থও জড়িত থাকে। যেতিয়াই তই কিবা কাম কৰিবি, তেতিয়া সেই কামটো তোৰ নিজৰ বুলি ভাবিব লাগিব। সেইটো হ’ল স্বাৰ্থ। স্বাৰ্থ হ'লে কামটো কৰিবলৈ তোৰ ইচ্ছা হ’ব— সেইটো অনুৰাগ। ইচ্ছা হ’লে মনোযোগ বাঢ়িব আৰু কামটো সুন্দৰ হ’ব। সুন্দৰ কামটো দেখি তই যি আনন্দ পাবি সেইটো হ'ব মহানন্দ। এই মহানন্দ যেতিয়াই পাবি তেতিয়াহে তই কামত সিদ্ধি লাভ কৰা বুলি ক'ব পাৰ। কিন্তু তোৰ অনুৰাগ বোলা বস্তুটোৱে নাই।”

 বল্টু—– “সেইবুলি মই নিষ্কৰ্মা হ'লোঁনে? মইচোন পঢ়া-পাতিও কৰোঁ, স্কুললৈও যাওঁ৷”

 দৈত্য— “অ’, তই নিষ্কৰ্মাতো!! এক নম্বৰ নিষ্কৰ্মা। তইযে চব কামতে পৰনিৰ্ভৰশীল, সেই কথা ভবা নাই হ’বলা।”

 বল্টু— “মই সৰু ল'ৰাটোৱে কি নিৰ্ভৰশীল হ'ব পাৰোঁ অ’? চাকৰিকে কৰিব পাৰোঁ, নে হাল বাবই পাৰোঁ নে দোকান দিবই পাৰোঁ?”

 দৈত্য– “এয়া ওলাই গ'ল নহয় তোৰ আচল দুৰ্বলতাটো! তোৰ এই চিন্তাৰ বাবেই যে আমাৰ লগত আন্ধাৰত থকাৰ যোগ্য হ’বি সেইটো খাটাং। আমি খোৱাৰবাবে তই বৰ উপযুক্ত মাংস হবি।”

 বল্টু— “কি খাওঁ-খাওঁকৈ থাক অ’। কি ক’ব খুজিছ ভাঙি-পাতি ক’।”

সুকোমল দেশৰ সাধু-৭