পৃষ্ঠা:সুকোমল দেশৰ সাধু.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
 এনেতে বল্টুৱে দেখা পালে যে তাৰ চকুৰ আগতে এথোপা ৰঙা, নীলা, হালধীয়া ৰঙৰ বেলুন। লাহে লাহে থোপাটো আগবাঢ়ি আহিল। বল্টুৱে একেকোবে উঠি বেলুনবোৰৰ পৰা ওলমি থকা সূঁতাডালত থাপ মাৰি ধৰিলে। কিন্তু কি আচৰিত! বেলুনবোৰ তৎক্ষণাৎ ওপৰলৈ উঠি গ'ল আৰু লাহে লাহে বল্টুও ওপৰলৈ উঠি গ'ল।

 বল্টুৰ মনত মহা আনন্দ। পিঙ্কুৱে বেলুনহে উৰাইছিল, বল্টুৱে কিন্তু নিজেও উৰিছে। সেয়েহে সি পিঙ্কুক চিঞঁৰিব ধৰিলে— “ঐ পিঙ্কু, চা-চা, মোক চা।” পিঙ্কু অহাৰ আগতেই সি সুঁতাডালৰ পৰা উঠি বেলুন এটাৰ ওপৰত ঘোঁৰাত উঠা দি ভালদৰে বহি ল'লে। তলত পিঙ্কুকো দেখিলে। সি এটা দীঘলীয়া কাহ মাৰি দিলে। কাহ শুনি পিঙ্কুৱে তাক দেখক আৰু হিংসাত জ্বলি-পুৰি মৰক। পিঙ্কুৰ বাহাদুৰি সি আজি উৰাই দিব।

 কিন্তু বেলুনকেইটা চোন বেছিকৈ ওপৰলৈহে উঠি গৈ আছে। তললৈ চাই দেখে যে সিহঁতৰ গাওঁখনো নাই। বল্টুৰ বুকুখন ঢপ্‌ঢপাব ধৰিলে। বেলুনে বা তাক ক'লৈ নিয়ে? যদি সূৰুযৰ ওচৰলৈ লৈ যায়, তেনেহ'লে চোন সি পুৰি মৰিব! যদি নি সমূদ্ৰত পেলাই দিয়ে?

 সি আৰু ভাবিব নোৱাৰা হ’ল। ভয়তে তাৰ কান্দোন ওলাই আহিল। কিন্তু তাৰ কান্দোন শুনোতাও কোনো নাই।

দুই

 পাহাৰখনৰ কাষতে এখন ডাঙৰ হাবি। বল্টু উৰি উৰি গৈ সেইখিনি পালে। এনেতে সি এটা ‘ধম্’কৈ শব্দ শুনিবলৈ পালে। লগে লগে সি অলপ নামি অহা যেন

সুকোমল দেশৰ সাধু / ৩