পৃষ্ঠা:সাৰথি (Sarothi).pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কিছুমান বিঘিনি পাৰ হৈ গ'লেও ,আন কিছুমান আহি যাত্ৰীৰ পথ আগচি ধৰে। এটাইবোৰ বিঘিনি পাৰ হৈ উদ্‌গতিৰ মোহন মন্দিৰত প্ৰবেশ কৰা বৰ টান কাম, কিন্তু বৰ লোকৰ চৰিত্ৰ পাঠ কৰিলে সেই কাম উজু হয়, কাৰণ তাত উদ্‌গতিৰ পথ,আৰু তাৰ বিঘিনি তৰিবৰ উপায় দুয়োকো পোৱা যায়।

       একে উচালে কোনেও জগতত উদ্‌গতিৰ ওখ টিঙ্গত উঠিব নোৱাৰে। কোনো কোনো মানুহে কেতিয়াবা সুঘটনাৰ গুণত আনে আৰ্জি থোৱা বিভূতিৰ গৰাকী হৈ, সেই বিভূতিৰ বলত ডাঙ্গৰ মানুহ বোলায়, কিন্তু তেনেকুৱা ঘটনা সংসাৰত অলপহে ঘটে। বিশেষত পৰে আৰ্জি থোৱা ধনেৰে ডাঙ্গৰ হ'লে তাত পুৰুষালি নাই, নিজৰ বাউসিৰ বলেৰে যি ডাঙ্গৰ হয় সেই পুৰুষ হে ধন্য। আৰু ধন হ'লেই যে মানুহৰ সম্পূৰ্ণ উদ্‌গতি হ'ল এনে বুলি ধৰাও উচিত নহয়। ঐশ্বৰ্য্য বিভূতি উদ্‌গতিৰ এটা অঙ্গ মাথোন; তাৰ লগত আৰু কেইবাটাও অঙ্গ গোট খালেহে উদ্‌গতিৰ অবয়ব পূৰ হয়। পূৰ্ণ উদ্‌গতি বহুত পুৰুষাৰ্থ কৰি, আৰু বহুত খকা খুন্দা খাই হে লাভ কৰিব পাৰি। এইদৰে পুৰুষাৰ্থৰ গুণত ডাঙ্গৰ হোৱা মানুহৰ জীৱন চৰিত্ৰ পাঠ কৰিলে, তেওঁ কোন বাটৰে উদ্‌গতি কৰিছিল, আৰু সেই বাটৰ বিঘিনিবিলাক কেনেকৈ তৰিছিল এই সকলো কথাৰ আঁতিগুৰি পোৱা যায়।

       মানুহৰ স্বভাৱ চৰিত্ৰ আৰু অৱস্থা অনুসৰি উদ্‌গতিৰ বাট ভিন ভিন হয়। একেটা বাটেৰে সকলোৱে উদ্গতি কৰিব নোৱাৰে। যাৰ পক্ষে যিটো বাট সুগম সি সেই বাট লোৱা উচিত। উদ্‌গতি পথৰ নতুন যাত্ৰীয়ে বৰ লোকৰ জীৱন চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব পাৰে। কেইবাজন মানুহৰ চৰিত্ৰ পাঠ কৰিলে কেইবাটাও বাটৰ ভু পোৱা যায়, এই বাটবোৰৰ ভিতৰত যিটো সুচল বোধ হয় তাকে যাত্ৰীয়ে লোৱা উচিত।

       সকলো কাম আদিতে দুষ্কৰ যেন লাগে, কিন্তু এজনে এদিন সমুখত কৰি দেখুৱালে সেই কাম উজু হয়। এই নিমিত্তে সকলো কামত আদিতে এজন শিক্ষকৰ প্ৰয়োজন। শিক্ষকৰ মুখে নিশিকাকৈ কোনেও কোনো কামত নিখুঁতি পাৰ্গতালি লাভ কৰিব নোৱাৰে, নিশিকাকৈ ৰান্ধনীয়ে ৰান্ধিব নোৱাৰে, নিশিকাকৈ বোৱনীয়ে ব'ব নোৱাৰে, আন কি, নিশিকাকৈ হালোৱায়েও হাল বাব নোৱাৰে। এনেবোৰ অনুৰূপীয়া কামতেই যদি একোজন শিক্ষক লাগে,তেনেহ'লে উদ্‌গতিৰ টান কামত যে শিক্ষক নহ'লে নচলে ইয়াক এনেই বুজিব পাৰি। উদ্‌গতিৰ পথত সুকলমে