পৃষ্ঠা:সাৰথি (Sarothi).pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাৰথি

আজি কালি অসমৰ দুই চাৰি জনে দেশ ভ্ৰমণ কৰে, কিন্তু তেওঁলোকৰ ভ্ৰমণৰ নিয়মলৈ চালে, তাৰ পৰা যে কিবা ফলোদয় হব, এনে মনে নধৰে। যাবৰ আগেয়ে চাবলৈ ওলোৱা ঠাইত খোৱা, শোৱা থকা সকলো বিধৰ আয়োজন কৰাই লৈ যাত্ৰা কৰিলে দেশ ফুৰাৰ ফল পোৱা নাযায়। এইদৰে হিমালয়ৰ টিঙ্গলৈ বা মেৰুৰ অন্তলৈ গ'লেও চকুৰ তৃপ্তিৰ বাদে একো শিক্ষা লাভ নহয়। দেশ ফুৰি শিক্ষা লাভ কৰিব খুজিলে বিদেশৰ অসুবিধাবোৰেৰে সৈতে সমুখ সমৰ কৰিব লাগে।

 ভিন দেশলৈ গ'লে তাৰ মানুহৰ লগত বা সংসৰ্গত থকা উচিত, আৰু সিহঁতৰ লগত সেই দেশৰ আচাৰ ব্যৱহাৰ অনুসৰি চলা উচিত। কোনো দেশৰ জাতীয় আচাৰ ব্যৱহাৰ জানিব খুজিলে, সেই দেশৰ সামান্য তৰপৰ মানুহৰ চলন ধৰণলৈ চকু ৰাখিব লাগে, কেৱল শিক্ষিত সমাজত ফুৰিলে জাতীয় আচাৰ ব্যৱহাৰ জনা নাযায়, শিক্ষিত মানুহৰ ব্যৱহাৰ প্ৰায় সকলো ঠাইতে একে ৰকম। প্ৰয়োজন নহ'লে বিদেশত নিজৰ চিনাকি নিদিয়াই ভাল, চিনাকি দিলে কেতিয়াবা শিক্ষাৰ অসুবিধা হয়। ডাঙ্গৰ মানুহ বুলি চিনাকি দি আলহি হ'লে ঘৰৰ গিৰিহঁতে তেওঁলোকৰ বেয়া খিনি লুকাই ৰাখি তোমাক ভাল খিনিহে দেখুৱাব, এতেকে তুমি বেয়া মানুহকো ভাল বুলি বিস্বাস কৰি অহাৰ আটক নাই। যি দেশলৈ যোৱা যায় তাৰ প্ৰসিদ্ধ ঠাইবোৰ, আৰু হাট বজাৰ চাব লাগে। সুচল হ'লে সেই দেশৰ পণ্ডিতবিলাকৰ সৈতেও দেখা সাক্ষাত হোৱা ভাল। বাতৰি কাকত দেশৰ চলিত অৱস্থাৰ আৰ্চিৰ নিচিনা, এতেকে তাকো পঢ়া উচিত, আৰু সভা সমিতি হ'লে তাতো উপস্থিত থাকিব লাগে।

 বিদেশত নানা ৰকম আলৈ-আহুকালৰ আশঙ্কা থাকে, আৰু তাত দেখা নতুন বস্তুবিলাকৰ বিষয়ে আন এজনৰ লগত আলোচনা বা ব্যাখ্যা-ব্যাখ্যি নকৰিলে শিক্ষা পৈণত নহয়, এতেকে বিদেশলৈ অকলশৰে নগৈ, দুই এজন লগৰীয়া লৈ যোৱা উচিত। লগৰীয়া থাকিলে বিপদত সহায়ো পোৱা যায়, আৰু আলোচনাৰো লগ হয়। কিন্তু লগৰীয়াৰ সংখ্যা সৰহ হ'লে ফুৰাত বৰ জঞ্জাল হয়, সেই দেখি তিনি জনতকৈ সৰহ লগৰীয়া নিয়া উচিত নহয়।