পৃষ্ঠা:সাৰথি (Sarothi).pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


জ্ঞানৰ সাৰ পোৱা যায়। নীতি শিক্ষাৰ নিমিত্তে চাণক্য, বিধি শিক্ষাৰ নিমিত্তে মনু বা ধৰ্ম্ম শিক্ষাৰ নিমিত্তে পাতঞ্জলি চৰ্চ্চা কৰিবৰ কোনো সকাম নাই। পুৰুষাৰ্থ কৰিলে নীতিৰ নেতা, বিধিৰ বিধাতা, আৰু জ্ঞানৰ সমষ্টি বিশ্বকৰ্ত্তাৰ কাৰ্য্যৰ পৰা সকলো শিক্ষা লাভ কৰিব পাৰি।

বিশ্ব পুথিত উজু আৰু টান দুই বিধৰ পাঠ আছে। পৃথিৱীত জীৱন ধৰিবলৈ যিখিনি জ্ঞানৰ প্ৰয়োজন হয়, তাক বিশ্বৰ উজু পাঠ পঢ়িয়েই লাভ কৰিব পাৰি। সূৰ্য্য বুৰিলে আন্ধাৰ হয়,আৰু চৰাই চিৰকটি বাহলৈ যায়। ইয়াৰ পৰা বুজিব পাৰি যে, ৰাতিৰ কাল জিৰিণিৰ সময়,কামৰ সময় নহয়, এতেকে তেতিয়া কাম এৰি জিৰণি লোৱা উচিত। পুৱা সকলো প্ৰাণীয়ে টোপনি এৰি আপোন আপোন কামত ধৰা উচিত। জন্তুবিলাকে আহাৰ আনি পোৱালিক খুৱাই ডাঙ্গৰ কৰে, আমিও সেইদৰে ধন আৰ্জি নিজৰ ল'ৰা-ছোৱালীক লালি পালি ডাঙ্গৰ কৰিব লাগে। টিপচী চৰায়েও নিজৰ পোৱালিক কাউৰী চিলনীৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে মানুহও সিঁহতৰ ল'ৰা-ছোৱালীক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা উচিত। এজনী কাউৰী বিপদত পৰিলে হাজাৰ কাউৰীয়ে ৰমলিয়াই কোৰ্হাল কৰে,আৰু তাইক সৰুৱাবলৈ চেষ্টা কৰে। সেইদৰে মানুহৰো এজন বিপদত পৰিলে সকলোৱে গোট খাই তাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। পুৱায় উঠা গালৈ ভাল, এই কথা শিকিবলৈ চৰক সুশ্ৰুত পঢ়িবৰ সকাম নাই, নিশাৰ আন্ধাৰ আঁতৰ হ'লেই শালিকী কাউৰীয়ে তাক শুনাই দিয়ে। দুখ কৰিলেহে মুখ ভৰে, ইয়াক শিকিবলৈও পণ্ডিত নালাগে, জগতৰ সকলো প্ৰাণীয়েই ৰিঙ্গিয়াই ইয়াৰ জাননী দিছে।

বিশ্ব পুথিৰ এটাইবিলাক পাঠ এনেকুৱা উজু নহয়,তাত কিছুমান টান পাঠো আছে,দকৈ গমি নাচালে সেইবিলাক পাঠৰ আচল মৰ্ম্ম বুজিব নোৱাৰি। এজোপা গছত ঘৈয়াই ঘা কৰি থ'লে সেই ঘা কিছুমান দিনৰ মূৰত আপোনা-আপুনি পূৰ হয়, মাটিত গাঁত খানি থ'লে সিও কালত আপোনা-আপুনি মাৰ যায়। প্ৰকৃতিৰ এইবিলাক কাৰ্য্য সাধাৰণ তৰপৰ মানত সামান্য যেন লাগে ,কিন্তু চিন্তাশীল মানুহে তাৰ পৰা প্ৰকৃতিৰ ক্ষতিপূৰণ স্বভাৱ আৱিষ্কাৰ কৰি ৰোগ চিকিৎসা বিষয়ত বহুত বহুমূলীয়া নিয়ম প্ৰণালীৰ ব্যৱস্থা কৰিছে। আম সৰিলে মাটিতে পৰে,এই কথাও