পৃষ্ঠা:সাৰথি (Sarothi).pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৯
সাৰথি

ছাগলীৰ পোৱালি তিনটা চায়েই গুচি আহিল, সি সেই বিষয়ে মনক আৰু কোনো প্ৰশ্ন নুসুধিলে, সেই দেখি গিৰিহঁতে সোধা আনবোৰ কথাৰ উত্তৰ দিব নোৱাৰিলে। কিন্তু মহৰিটো বুধিয়ক মানুহ, সি চাবলৈ গৈ পোৱালি কেইটাক আগত লৈ সিহঁতৰ বিষয়ে হ'ব পৰা এটাইবোৰ প্ৰশ্ন মনক সুধি। উত্তৰ গোটাই লৈ গিৰিহঁতৰ আগ হৈছিল, আৰু সেই কাৰণে সি লাগতিয়াল কথা এটাইখিনি ক'ব পাৰিছিল। ওপৰত কোৱা এই লগুৱাটোৰ নিচিনা মানুহ পৃথিবীত বহুত আছে, সিহঁত চকু থাকিও কণা।

 চিন্তা মনৰ জেউতি, তাৰ গুণত আন্ধাৰ সমস্যা পোহৰ হয়, টান কাম উজু হয়। চিন্তাৰ অতুল প্ৰভাৱ। আগৰ কালত যোগীবিলাকে ধ্যান কৰি ভূত ভৱিষ্যৎ সকলো জানিছিল, আৰু কৈবল্য লাভ কৰিছিল। ধ্যান চিন্তাৰেই এটা ৰকম মাথোন। চিন্তা উগ্ৰ আৰু দীৰ্ঘকাল স্থায়ী হ'লেই ধ্যান নাম পায়। পাচে, যদি যোগীবিলাকে চিন্তাৰ বলত দুৰ্লভ কৈবল্যকেই লাভ কৰিব পাৰিছিল, সংসাৰীয়ে সংসাৰ চলাবৰ জোখাৰে জ্ঞান বুদ্ধি লাভ কৰিব নোৱাৰিবৰ কোনো কাৰণ নাই।

 চিন্তা কৰিবলৈ কোনো নিৰ্দ্দিষ্ট সময় নালাগে। শোওঁতে, খাওঁতে, ফুৰোঁতে সকলো সময়তেই চিন্তা কৰিব পাৰি। বহুত পণ্ডিতে এনেবোৰ সময়তেই চিন্তা কৰি ডাঙ্গৰ কথা, আৱিষ্কাৰ কৰিছে। এজন পণ্ডিতে গা ধুবৰ সময়ত চিন্তা কৰি জল-জোখৰ* প্ৰণালী আৱিষ্কাৰ কৰিছিল। চিন্তাৰ অসীম ক্ষমতা চকুৰে নেদেখা বস্তুকো চিন্তাৰে দেখা যায়, হাতেৰে ধৰিব নোৱাৰা বস্তুকো চিন্তাৰে ধৰিব পাৰি। মনুষ্য আকাৰত সৰু, কিন্তু সিহঁতে চিন্তাৰে ভূমণ্ডল, নভোমণ্ডল সমস্ত ব্ৰহ্মাণ্ড আঁকোৱালি ধৰিব পাৰি।

------------

* ভিতৰত লা থকা অলঙ্কাৰৰ লা বাদে সোণ বা ৰূপৰ আচল পৰিমাণ জুখি উলিয়াব লাগিলে তৰ্জুপানীত পেলাই জুখিব লাগে, ইয়াকে জলজোখ বোলা হৈছে।