পৃষ্ঠা:সাৰথি (Sarothi).pdf/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


সাৰথি

প্ৰথম ভাগ

মনুষ্য জীৱনৰ লক্ষ্য


       সংসাৰখন কেৱল এটা জীৱৰ সোঁত। এই সোঁত অনাদি কালৰ পৰা বৈ আছে, আৰু অনন্ত কাললৈ বৈ থাকিব। ইয়াত জীৱবিলাক জাকে জাকে, চামে চামে আহি আছে গৈ আছে, পশু, পক্ষী, গছ, লতা সকলো এচাম মৰিছে, এচাম ওলাইছে। নদীৰ পানী যেনেকৈ লেথাৰি ধৰি আহি আছে গৈ আছে, আৰু সেই দেখি পানীৰ এটা সোঁত পৰিছে, সেই দৰে জীৱবিলাকো লেথাৰি ধৰি, মাজত শূন্য নোহোৱাকৈ আহি আছে গৈ আছে, আৰু সেই দেখি জীৱৰ এটা সোঁত পৰিছে। এই সোঁতটোক সাধাৰণ কথাত মানুহে সংসাৰ বোলে। জীৱৰ জাতি অনুসৰি সংসাৰ সোঁতক ভাগ কৰিব পাৰি। পশু, পক্ষী, পোক, পৰুৱা আদি অমাত প্ৰাণীবিলাক এচাম মৰি এচাম ওলাইছে, এইদৰে চামে চামে আহি গৈ থকাত সিহঁতৰ এটা অখণ্ড সোঁত পৰিছে, সেই সোঁতটোক পশু জাতিৰ সুঁতি বা পশুসুঁতি বুলিব পাৰি। এইদৰে গছ, লতা, তৃণ আদি গজন জীৱবিলাকো মাজত শূন্য নপৰাকৈ এচাম মৰি এচাম আহিছে, আৰু এইদৰে আহি গৈ থকাত সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে, এই সোঁতটোক গজন সুঁতি বা উদ্ভিদ সুঁতি বুলিব পাৰি। এই দুই সুঁতিৰ মাজে সংসাৰত আৰু এক সুঁতি আছে। পশু, পক্ষী, গছ-গছনিৰ নিচিনা মানুহো সংসাৰত লানী পাতি চামে চামে আহি আছে গৈ আছে, আৰু এইদৰে আহি গৈ থকাৰ নিমিত্তে সিহঁতৰো এটা অখণ্ড সোঁত পৰিছে, এই সোঁতটোক মনুষ্য সুঁতি বুলিব পাৰি। সংসাৰ সোঁত এই তিনটা ভিন ভিন সুঁতিৰ সমষ্টি মাথোন। সংসাৰ সোঁতক তিনি ভাগ নকৰি মুঠতে দুভাগ কৰিবও পৰা যায়। পৃথিৱীতে মুঠতে দুই শ্ৰেণীৰ জীৱ আছে; এক শ্ৰেণীৰ জীৱবিলাক লৰি চৰি ফুৰিব পাৰে যেনে, মনুষ্য, পশু, পক্ষী, পোক, পৰুৱা ইত্যাদি, সি শ্ৰেণীৰ বিলাকে নোৱাৰে যেনে গছ, লতা, তৃণ ইত্যাদি। লৰি চৰি ফুৰিব পৰা