পৃষ্ঠা:সাৰথি (Sarothi).pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সকলোৱে দেখিছিল, কিন্তু তাৰ তত্ত্ব বিচৰা নাছিল, আৰু সেই দেখি তাৰ পৰা একো শিক্ষাও পোৱা নাছিল। পাচত এজন চিন্তাশীল মানুহে তাৰ তত্ত্ব বিচাৰ কৰি পৃথিৱীৰ মাধ্যাকৰ্ষণ আৱিষ্কাৰ কৰিলে। আচল কথা এই যে তদ্‌গত মনেৰে পাঠ নকৰিলে বিশ্ব পুথিৰ বহুত পাঠৰ ধাতু ধৰিব নোৱাৰি। বিশ্ব পুথিৰ পৰা জ্ঞান গোটাব খুজিলে তাক একাণপতীয়া হৈ অন্য আলজাল এৰি দি পাঠ কৰিব লাগে। যিবিলাক পণ্ডিতে বিশ্ব পাঠ কৰি ডাঙ্গৰ ডাঙ্গৰ কথা আৱিষ্কাৰ কৰিছিল তেওঁলোকৰ পাঠৰ প্ৰণালী তেনেকুৱা আছিল। আজিকালি বহুত পণ্ডিতে গছ-গছনিৰ তত্ত্ব বিচাৰি বা পশু-পক্ষীৰ স্বভাব চাই সংসাৰৰ আন চিন্তা পৰিত্যাগ কৰি হাবিয়ে হাবিয়ে দেশে ফুৰাব লাগিছে, কোনোৱে বা গ্ৰহ-উপগ্ৰহৰ গতি বিধি নিৰীক্ষণ কৰি, ৰাতি জাগি জীৱন কটাইছে। পণ্ডিতবিলাক এইদৰে প্ৰাকৃতিক ঘটনাৰ মূল তত্ত্ব বিচাৰ কৰি অনেক শিক্ষা লাভ কৰিছে। মানুহৰ মুখৰ পৰা বা মানুহৰ ৰচিত পুথিৰ পৰা যি শিক্ষা পোৱা যায়, তাৰ মৰ্ম্ম সময়ে সময়ে পৰিবৰ্ত্তন হয়। যি কথা মানুহে এক সময়ত গধুৰ জ্ঞানগৰ্ভ বুলি বিশ্বাস কৰে,সেই কথাও কালত গৈ মিছা বা অমূলক হয়। আগৰ দিনত চট্‌ফটাই ফুৰিলে মানুহে ভাল নুবুলিছিল, চট্‌ফটীয়াক পাতল বুলি নিন্দা কৰিছিল। কিন্তু আজিকালি শিক্ষিত তৰপৰ ভিতৰত চট্‌ফটীয়া মানুহৰ বৰ আদৰ, তেনে মানুহক উৎসাহী আৰু কামিলা বুলি সকলোৱে প্ৰশংসা কৰে। আগৰ দিনত আন মানুহৰ ঘৰলৈ গ'লে চাল বাৰ কেনিও নাচাই থিৰ হৈ বহি থকা নিয়ম আছিল, কিন্তু আজি কালি তেনে নিয়ম কোনেও নবখানে। এতিয়াৰ মানুহৰ বিবেচনাত যি ঠাইলৈ যোৱা যায়, তাৰ চাৰিও চুক চাই য'ত যি আছে সকলোৰে ভু-ভা আতি-গুৰি লৈ অহাহে উচিত। এইদৰে আগৰ কালৰ বহুত কথা এতিয়া লৰচৰ হৈছে, কিন্তু বিশ্ব পুথিৰ কথা লৰচৰ নাই। বিশ্ব পুথিৰ উপদেশ শিলৰ ৰেখ। পানী কেতিয়াও উজাই নবয়, কলৰ কেতিয়াও দোথোক নপৰে। ইয়াৰ বাজেও, বিশ্ব পুথিৰ শিক্ষাৰ পাহৰণ নাই। বিশ্ব সততে সমুখত আছে, সেই দেখি তাৰ উপদেশবোৰ সদায় আওৰাই থকা হয়।