পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাৰথি

সংসাৰত যেতিয়া থাকিবই লাগিব সুখ কৰি থকাই ভাল। এতেকে ঈশ্বৰে দিয়া জ্ঞান বুদ্ধি চালনা কৰি, সংসাৰৰ বিভূতি বৈভৱ গোটাই লৈ, নিজৰ আৰু আনৰ সুখ সম্পদ বঢ়াবলৈ, আৰু সৰ্ব্বসাধাৰণ জগতবাসীক বৰ্ত্তমান অৱস্থাৰ পৰা উচ্চ অৱস্থাত তুলিবলৈ চেষ্টা কৰি জীৱন কটোৱা উচিত। সংসাৰত এই সিদ্ধান্ত মতে চলা মানুহৰ সংখ্যা সৰহ আৰু আজি পৰিমিতি জগতৰ যি উদ্‌গতি হৈছে সিও এইবিলাক মানুহৰ পুৰুষাৰ্থত হে হৈছে। এতেকে আমিও এই সিদ্ধান্ত মতেই চলা উচিত।

       ওপৰত কোৱা কথাৰ পৰা জনা যায় যে, সংসাৰত উদ্‌গতি কৰাই মানুহৰ জীৱনৰ সঙ্কল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্‌গতিৰ ওৰ, আৰু জ্ঞান বুদ্ধিৰ শেষ কৰ্ম্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙ্গা পায়, তেতিয়ালৈকে উদ্‌গতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সঙ্গতি লাগি উঠাৰ পাচত সিহঁতৰ জীৱন পশুজীৱনৰ নিচিনা কেৱল শয়ন ভোজনৰ আবৰ্ত্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱা হেঁতেন, আমি বৰ্ত্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁ হেঁতেন। যথাৰ্থ পক্ষত মনুষ্য জাতিৰ উদ্‌গতিৰ কোনো নিৰ্দ্ধাৰ্য্য সীমা নাই। আদিৰ পৰা আজিলৈকে মানুহে উদ্‌গতিৰ পথ ধৰি চলি আছে, তেও তাৰ ওৰ পৰা নাই, আৰু আগলৈ যে কেতিয়াবা পাব তাৰো আগন্তুক দেখা নাযায়। আগৰ দিনৰ মানুহে যিমানখিনি বিদ্যাৰে পণ্ডিত বোলাইছিল, বা যিমান খিনি ধনেৰে ধনী বোলাইছিল, এতিয়াৰ দিনত সেই বিদ্যাৰে পণ্ডিত বা সেই ধনেৰে ধনী বোলাব নোৱাৰে। এতিয়াৰ এজন ধনীয়ে আগৰ শ জন ধনীক কিনিব পাৰে, এতিয়াৰ পণ্ডিতে আগৰ পণ্ডিতক এশ বছৰ শিকাব পাৰে। ইয়াৰ পৰা দেখা যায় যে আগৰ দিনৰ মানুহতকৈ আজিকালিৰ মানহে বহুত গুণে বেচি উদ্‌গতি কৰিছে। এই উদ্‌গতি সোঁতে সৱশেষত মনুষ্য জাতিক নি ক'ত তুলি দিয়ে, কোনে ক'ব পাৰে? এতেকে অন্ন জলতে যত্ন চেষ্টা শেষ নকৰি সকলোৱে জীৱনৰ অন্তলৈকে উদ্‌গতিৰ অনন্ত পথত চলি থকা উচিত। যদি কোনো কাৰণে উদ্‌গতিৰ ওখ আসন লাভ কৰাত বিঘাত মিলে, তেওঁ তাত লাগি থকা বাবে সংসাৰৰ অনুষ্টুপীয়া সুখ সম্পদৰ নাটনি নহয়। নীতি বচন আছে যে লাগি থাকিলে মাগি নাখায়।