পৃষ্ঠা:সাৰথি (Sarothi).pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰথি

চলিবলৈ সদায় এজন ভাল শিক্ষকৰ প্ৰয়োজন হয়। বৰ লোকৰ জীৱন চৰিত্ৰ পাঠ কৰিলে তেনেকুৱা শিক্ষক পোৱা যায়,অৰ্থাৎ যাৰ চৰিত্ৰ পাঠ কৰা তেওঁ তোমাৰ শিক্ষকৰ নিচিনা আৰু তেওঁৰ কাৰ্য্যবিলাক উপদেশৰ নিচিনা হয়।

       উদ্‌গতিৰ পথত বহুত হুল জোং আছে, আকাংক্ষাৰ চোকা ৰাগীত পৰি মতলীয়া নহ'লে কোনেও তালৈ বেগেতে আগ নাবাঢ়ে। উদ্‌গতি কৰি ডাঙ্গৰ হ'বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুৱঁলি, অনিশ্চিত ৰকমৰ বাঞ্ছা আছে,কিন্তু তেনেকুৱা ধুৱঁলি বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয়। উদ্‌গতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ'ব লাগে, তেহে উদ্গতি পথৰ বিকট বাধাবোৰৰ সমুখ হ'ব পাৰি। এনেকুৱা উদণ্ড বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হৈছে। উদ্‌গতিৰ দৃষ্টান্ত দেখিলে, আৰু সেই বিষয়ে সদায় আন্দোলন কৰিলে, মানুহৰ মনত তেনে বিধৰ আকাংক্ষাৰ উদ্ভৱ হয়। মানুহৰ মনৰ ওপৰত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা। শস্যক্ষেত্ৰত যেনেকৈ হালোৱাই হালৰ গৰুক আগুৱাই যাবলৈ খুঁচি দিয়ে, কাৰ্য্যক্ষেত্ৰতো সেইদৰে দৃষ্টান্তই মানুহৰ মনক উদ্‌গতিৰ পথত আগুৱাই যাবলৈ খুঁচি দিয়ে। বৰ লোকৰ চৰিত্ৰ উদ্‌গতি চেষ্টাৰ এটা দৃষ্টান্ত, তাক পঢি়লে মানুহৰ তেনেকুৱা হ'বলৈ বাঞ্ছা জনমে, আৰু নিতৌ তাকে পঢ়ি থাকিলে বাঞ্ছাৰ তেজ অনুক্ৰমে বৃদ্ধি হৈ অৱশেষত সি উদণ্ড আকাংক্ষাত পৰে। ভাল নাটক পঢি়লে পঢ়োঁতাৰ মনত নাটকৰ নায়ক এটা আৰ্হি হৈ উঠে; সি সেই নায়কৰ নিচিনা হ'বলৈ ইচ্ছা কৰে। চৰিত্ৰ পুথিও এবিধ নাটক মাথোন, আৰু যাৰ চৰিত্ৰ, তেওঁ সেই নাটকৰ নায়ক। যদি অসাৰুৱা নাটকৰ নায়কে পাঠকৰ মন অধিকাৰ কৰিব পাৰে, তেনেহলে চৰিত্ৰ পুথিৰ নায়কে নোৱাৰিবৰ একো কাৰণ নাই। আনৰ মহতালি দেখিলে, দেখোঁতাৰ মনত তেনেকুৱা মহৎ হ'বলৈ ইচ্ছা জন্মে। ই মানুহৰ স্বভাৱ। নাটকৰ নায়কৰ পুৰুষালি দেখি পঢ়োঁতাৰ মন উতলা হয়,আৰু তেনেকুৱা পুৰুষালি লাভ কৰিবলৈ ইচ্ছা জন্মে। উদ্‌গতি কৰা মানুহৰ চৰিত্ৰ পঢ়িলেও সেইদৰে উদ্‌গতি কৰি ডাঙ্গৰ হ'বলৈ ইচ্ছা জন্মে।

       উদ্‌গতি পথৰ প্ৰত্যেক যাত্ৰীয়েই তাৰ মনত এটা ডাঙ্গৰ আৰ্হি থিৰ কৰি লোৱা উচিত। ডাঙ্গৰ আৰ্হিয়ে মানুহৰ মন ডাঙ্গৰ কৰে ,আৰু ডাঙ্গৰ পদলৈ অভিলাষ জন্মায়। যি ডাঙ্গৰ আৰ্হি দেখা নাই, সি সামান্য পদকে ডাঙ্গৰ বুলি ভাবে। সাগৰ নেদেখা মানুহে বিলকে ডাঙ্গৰ জলাহ যেন বিবেচনা কৰে। সেইদৰে নিধনী দেশত