পৃষ্ঠা:সাৰথি (Sarothi).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰথি

লগাই ৰাখে, তাৰ চঞ্চলতা অনুক্ৰমে কমি যায়, আৰু কালত গৈ সি এটা বিষয়ত একাণপতীয়া হৈ লাগিব পাৰে।

 পুথি পঢ়াৰ আৰু এটা বহুমূলীয়া গুণ আছে। সৎসঙ্গৰ পৰা যে মানুহৰ সৎ স্বভাৱ ওপজে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ লয়। মানুহ ভাল সঙ্গত থাকিলে ভাল হয়,আৰু বেয়া সঙ্গত থাকিলে বেয়া হয়। মানুহৰ সঙ্গৰ নিচিনা পুথিৰ সঙ্গয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য্য কৰে। প্ৰত্যেক পুথিয়েই ৰচোঁতা জনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় ,আৰু সদায় একে পুথিকে পঢি়লে তেওঁৰ সঙ্গত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢি়লে ভাল সঙ্গত থকা যেন,আৰু বেয়া পুথি পঢ়িলে বেয়া সঙ্গত থকা যেন ফল হয়।

বৰ লোকৰ চৰিত্ৰ অধ্যয়ন

 আজিকালি বিদ্যাৰ চৰ্চ্চা জগতময়, সেই দেখি পুথিৰ সংখ্যাও সৰহ। কিন্তু উদ্‌গতি বিচৰা মানুহৰ পক্ষে সকলো বিধ পুথি গুণকাৰী নহয়। উদ্‌গতি কৰিবলৈ মানুহক আদিতে এটা সুগম পথ লাগে। যি পুথিত সেই সুগম পথ পোৱা যায় তেনে পুথি পঢ়িলেহে উপকাৰ হয়। উদ্‌গতিৰ সুগম পথ বিচাৰি উলিয়াবলৈ বৰ টান। উদ্‌গতিৰ চেষ্টা নকৰা মানুহ পৃথিৱীত নাই, তেওঁ সৰহ ভাগ মানুহৰ দুৰ্গতি দুৰৱস্থা হে দেখা যায়। ইয়াৰ কাৰণ এই যে উদ্‌গতি কৰিবলৈ সকলোৱে ভাল পথ বিচাৰি উলিয়াব নোৱাৰে। পৃথিৱীত উদ্‌গতিৰ পথ বহুত আছে, কিন্তু সেইদৰে অধোগতিৰ পথো বহুত আছে। কিছুমান মানুহে কোনটো উদ্‌গতিৰ,আৰু কোনটো অধোগতিৰ পথ তাক চিনিব নোৱাৰি, অধোগতিৰ পথ উদ্‌গতিৰ পথ যেন বিবেচনা কৰি, সেই পথত চলিবলৈ আৰম্ভ কৰে। শেষ ফলত সিহঁতে উদ্‌গতিৰ অময়াপুৰিৰ সলনি দুৰ্গতিৰ ধামখুমীয়াত পৰে। উদ্‌গতিৰ আচল পথ বিচাৰি পালেও যে তাত সুকলমে চলি যাব পাৰি, সিও নহয়। সেই পথত বহুত বিঘিনি আছে, সেই বিঘিনিবোৰে সংসাৰ যাত্ৰীক আদ্‌বাটতে চৌঠেঙ্গীয়া কৰে। বুদ্ধিৰ বলত বা চতুৰালিৰ গুণত