পৃষ্ঠা:সাৰথি (Sarothi).pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেশ ভ্ৰমণ

দেশ ভ্ৰমণ বিশ্ব অধ্যয়নৰ এটা অঙ্গ। নানা দেশৰ নানা বস্তু আৰু নানা মানুহ নেদেখিলে বিশ্ব অধ্যয়ন সম্পূৰ্ণ নহয়। পুথিত যিবিলাক বস্তুৰ কথা পঢ়া যায়, দেশ ফুৰিলে সেইবিলাক বস্তু দেখা যায়। চকুৰে নেদেখিলে, কেৱল বৰ্ণনা পঢ়ি সকলো বস্তুৰ সবিশেষ তত্ত্ব পোৱা নাযায়। জগৎপ্ৰখ্যাত তাজমহল আগ্ৰা নগৰত আছে। ই মোগল খিতাপৰ যুগমীয়া চিন, দাম্পত্য স্নেহৰ বিতোপন পটন্তৰ, আৰু মন্দিৰ গাঁথনিৰ অনুপম আৰ্হি। বুৰঞ্জীত এই মন্দিৰৰ বৰ্ণনা পঢ়িবলৈ পোৱা যায়, কিন্তু বৰ্ণনাৰ পৰা তাৰ আচল গঢ়-পিট মনত ধাৰণা কৰিব নোৱাৰি। সেই দেখি চকুৰে চাই তাৰ তত্ত্ব বুজিব লাগে। পৃথিৱীৰ প্ৰধান প্ৰধান বস্তুবোৰ এইদৰে নিজে গৈ চাব পাৰিলে বহুত শিক্ষা পোৱা যায়।

উদ্‌গতিৰ আন নাম পৰিবৰ্ত্তন। পুৰণি গুচাই নতুন কথা প্ৰৱৰ্ত্তাব নোৱাৰিলে মানুহৰ বা দেশৰ উদ্‌গতি নহয়। কিন্তু ভিন দেশ নেদেখা মানুহে পুৰণি একো কথাকে লৰচৰ কৰিব নিদিয়ে; সিহঁতে পুৰণি সকলোকে ভাল আৰু ন সকলোকে বেয়া দেখে। এতেকে সেই শ্ৰেণী মানুহৰ কদাপি উন্নতি নহয়।

বিদেশত নুফুৰা মানুহৰ মন নিচেই ঠেক। সিহঁতে ঘৰৰ ঘাৰোৱাহ আৰু ওচৰচুবুৰীয়াৰ বাদে আন কাৰো লগত মিতিৰালি কৰিব নোৱাৰে। বিদেশী মানুহ সিহঁতৰ আশাঙ্কাৰ ঠাই। বিদেশী মানুহক সিহঁতে বনৰীয়া জন্তু যেন দেখে, আৰু বিপদত পৰিলে সিহঁতক আশ্ৰয় নিদিয়ে। কিন্তু বিদেশত ফুৰা মানুহৰ স্বভাৱ তেনেকুৱা নহয়, সিহঁতৰ মনত গোটেই জগত স্বদেশ আৰু সকলো মানুহ আপোন। ইয়াৰ বাদেও দেশ ভ্ৰমণৰ আৰু উপকাৰ আছে। নানা দেশৰ নানা জাতিৰ মানুহৰ লগত সঙ্গতি কৰিলে সিহঁতৰ বুদ্ধি কৌশল কেনেকুৱা ,আৰু সিহঁতে কোনটো কাম কেনেকৈ কৰে, এটাইবিলাক শিকিব পাৰি, আৰু ভাল বা সুৱলা দেখিলে সেই প্ৰণালীও নিজৰ কামত লগাব পাৰি। বিদেশত ফুৰিলে তাৰ মানুহবিলাকৰ দুষ্টালিৰ প্ৰণালীও জনা যায়,গতিকে সিহঁতৰ হাতত ঠগ খাবৰ আশঙ্কা নাথাকে। বিপদত বিমোৰ হোৱাও ফুৰা মানুহৰ স্বভাৱ নহয়, বিপদ হ'লে সিহঁতে এটা নহয় এটা বুদ্ধি উলিয়াব পাৰে। প্ৰত্যৎপন্নমতিত্ত্ব বা কাললৈ বুদ্ধি দেশ ভ্ৰমণৰ এটাই ঘাই ফল।