পৃষ্ঠা:সাৰথি (Sarothi).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাৰথি

উচিত, নাইবা তাৰ কি কি চাব লাগে থিৰ কৰিব নোৱাৰি। কিছুমান মানুহে বস্তু এটা নিজ চকুৰে চাই আহিও অনেক কথাৰ উত্তৰ দিব নোৱাৰে। ই কেবল চাবৰ সময়ত চিন্তা নকৰাৰ ফল। এই বিষয়ে এটা অখ্যান আছে। এজন ডাঙ্গৰীয়াৰ এজন মহৰি আৰু এটা লগুৱা আছিল। মহৰিৰ দৰ্ম্মহা কুৰি টকা আৰু লগুৱাৰ দৰ্ম্মহা তিন টকা আছিল। কম দৰ্ম্মহা পোৱা বাবে লগুৱা মনত বৰ বেজাৰ। সি এদিন ডাঙ্গৰীয়াক অকলশৰে লগ পাই ওজৰ কৰিলে, 'দেউতা! মই ওৰে দিনটো, পুৱাৰ পৰা গধুলিলৈ আপোনাৰ আলপৈচান ধৰি, কেৱাৰ কৰি টাকুৰী ঘুৰাদি ঘুৰি ফুৰোঁ, আৰু সেই মহৰিটোৱে এখন্তেক মাথোন আহি লিখা পঢ়া কৰে, কিন্তু সি পায় কুৰি টকা, আৰু মই পাওঁ তিন টকা, ইয়াৰ কাৰণ বন্দীয়ে বুজিব নোৱাৰোঁ। দেউতাৰ ঘৰত মোৰ আদবয়স গ'ল, ইচ্ছা কৰিলে দুখীয়াক দেউতাই কৃপা কৰিব পাৰে।' ডাঙ্গৰীয়াই লগুৱাৰ কথা শুনি সেইদিনা তাক একো সমিধান নিদিলে। কিছুমান দিনৰ পাচত ডাঙ্গৰীয়াৰ এজনী ছাগলী জগিল। ছাগলীজনী তেওঁৰ বৰ মৰমৰ বস্তু আছিল। তাই জগা বুলি শুনি কেইটা পোৱালি হৈছে চাই আহিবলৈ তেওঁ লগুৱাটোক পাচিলে। লগুৱাই গৈ চাই আহিল, আৰু পোৱালি তিনটা হৈছে বুলি খবৰ দিলে। ডাঙ্গৰীয়াই এই খবৰ পাই পোৱালি তিনটা কলা নে বগা লগুৱাটোক সুধিলে। সি সেই কথাৰ উত্তৰ দিব নোৱাৰি লৰি আকৌ চাবলৈ গ'ল, আৰু উলটি আহি ক'লে যে পোৱালি এটা কলা, দুটা বগা হৈছে। ডাঙ্গৰীয়াই তাক আকৌ সুধিলে 'পোৱালি কেইটা পঁঠা নে পাঁঠি!' এইবাৰো লগুৱাই তাৰ উত্তৰ দিব নোৱাৰিলে, সি ঘূৰি আকৌ চাবলৈ ওলাল, কিন্তু ডাঙ্গৰীয়াই তাক সেইবাৰ যাবলৈ হাক দি, তাতে থিয় হৈ থাকিবলৈ ক'লে, আৰু আন এজন মানুহ পঠিয়াই মহৰিটোক মতাই অনালে। মহৰি আহি পালত, ডাঙ্গৰীয়াই তাক ক'লে শুনিছা নে মহৰি! আমাৰ ছাগলীজনী হুনু জগিছে, যোৱাঁচোন, সঁচা নে মিছা চাই আহাঁ গৈ।' ডাঙ্গৰীয়াৰ আজ্ঞা পাই মহৰিয়ে চাবলৈ গ'ল, আৰু কিছুমান পৰৰ মূৰত উলটি আহি খবৰ দিলে যে ছাগলীজনী জগা হয়, পোৱালি তিনটা হৈছে, এটা কলা, দুটা বগা, কলাটো আৰু বগা এটা পাঁঠি, সিটো পঁঠা, পঁঠা পোৱালিটো নোদোকা, পাঁঠি দুটা লিতা। মহৰিয়ে এবাৰ চাই আহিয়েই এই এটাইখিনি খবৰ ডাঙ্গৰীয়াক বৰ্ণাই ক'লে। এই ঘটনাৰ পাচে লগুৱাই আৰু মহৰিৰ পাটণ দি সৰহ দৰ্ম্মহা খুজিবলৈ মুখ নাপালে। এতিয়া চোৱা, মহৰিৰ চোৱাৰ প্ৰণালী আৰু লগুৱাৰ চোৱাৰ প্ৰণালী কিমান বেলেগ। লগুৱাই