পৃষ্ঠা:সাৰথি (Sarothi).pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰথি

জীৱবিলাকক সাধাৰণ কথাত ভ্ৰমণ জীৱ আৰু নোৱাৰা বিলাকক গজন জীৱ বোলে। এতেকে সংসাৰ সোঁতটোক মুঠতে দুটা সুঁতিত ভগাব পৰা যায়,এটা ভ্ৰমণ সুঁতি আৰু এটা গজন সুঁতি, এই দুই সুঁতি গোট খাই বিৰাট সংসাৰসোঁত হৈছে।

 ভ্ৰমণ সুঁতি আৰু গজন সুঁতি চিৰকাল বৈ আছে, কিন্তু কিয় বৈ আছে, তাকে কোনেও এই পৰিমিত ছিদাংকৈ ক'ব পৰা নাই, আৰু সেই কথা আমাৰ আলোচনাৰ বিষয়ো নহয়। নানা জীৱৰ নানা সুঁতি আদিৰ পৰা আজিলৈকে চলি আছে, আৰু আগলৈকো চলি থাকিব, তাক কোনেও বাধিব নোৱাৰে। বনৰ পশু, আকাশৰ পক্ষী বা পানীৰ মাছ একোৱে নোপজোঁ বুলি নুপজি, বা নমৰোঁ বুলি নমৰি থাকিব পৰা নাই। সকলোৱে নিয়তিৰ দণ্ডিত জনম লৈ, নিয়তিৰ ডঁৰিয়লিত আয়ুস ভুগি অন্তত অনিচ্ছাতো সংসাৰ এৰি যাব লাগিছে। মানুহো এই অখণ্ডনীয় নিয়তিৰ অধীন, তাৰ দণ্ডিত সিহঁতেও সংসাৰত জনম ধৰি, নানা সুখ দুখ ভোগ কৰি অৱশেষত প্ৰাণ এৰিছে, নহওঁ বুলি নহৈ, বা নযাওঁ বুলি নগৈ থাকিব পৰা নাই। এতেকে দেখা যায় যে অলপ হওক, সৰহ হওক, কিছুমান দিন সংসাৰত বাস কৰাটো মানুহৰ পক্ষে অখণ্ডনীয় বাসনা। এতিয়া আলোচনাৰ কথা এই যে সংসাৰত থকা কালখিনি মানুহে কি কৰি কটোৱা উচিত।

 গজন জীৱ সম্বন্ধে জগত গৰাকীয়ে এটা নিয়ম বান্ধি দিছে, সেই নিয়ম অনুসৰি সিহঁতে সংসাৰত জীৱন কটায়। ভ্ৰমণ জীৱৰ ভিতৰতো পশু জাতি সম্বন্ধে নিয়ম বন্ধা আছে, পশুবোৰেও সেই নিয়ম অনুসৰি আহাৰ কৰে, সেই নিয়ম অনুসৰি টোপনি যায়, আৰু সন্তান উৎপাদন কৰি জীৱন কটায়। কিন্তু মনুষ্য সম্বন্ধে কোনো বন্ধা নিয়ম নাই। মনুষ্য জীৱন গজন বা পশুৰ নিচিনা নহয়, মনুষ্য বহুত বিষয়ত স্বাধীন। সিহঁতে নিজ বুদ্ধিৰে ভাল বেয়া,যুগুত অযুগুত, সুচল অসুচল বিবেচনা কৰি চলিব পাৰে। জগত স্ৰজোঁতা জনে মানুহক সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ কৰি স্ৰজন কৰিছে, মানুহক তেওঁ জ্ঞান দিছে, আন প্ৰাণীক দিয়া নাই। জ্ঞান মানুহৰ সুকীয়া বিভূতি, ই পশু জীৱনত দুৰ্ল্লভ; দৰাচল পক্ষত চাবলৈ গ'লে জ্ঞানৰ নিমিত্তেহে মানুহ মানুহ নাম পাইছে, আন সকলো বিষয়তে পশু আৰু মানুহ একে। পশুবোৰেও খায়, শোৱে আৰু সন্তান জন্মাই সংসাৰৰ পশু সুঁতি অটুট ৰাখে। মানুহেও সেইদৰে খায়,শোৱে, আৰু সন্তান জন্মাই সংসাৰৰ মনুষ্য সুঁতি অটুট ৰাখে। এতেকে দেখা যায় যে জ্ঞান যেন আপুৰুগীয়া বিভূতীৰ গৰাকী যে মানুহ,