শিশু লীলা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[  ]
শিশু লীলা (page 1 crop).jpg
শিশু লীলা।

প্ৰকাশক
এজেঞ্চি কোম্পানী।
পোঃ আঃ ৰিহাবাৰি আসাম।


১ম তাঙ্গৰণ।

১৯০৮ আগষ্ট।

ডিব্ৰুগড়।
গৌৰী শঙ্কৰ যন্ত্ৰত;
শ্ৰীৰত্নেশ্বৰ চক্ৰবৰ্ত্তীৰ দ্বাৰা ছাপা হ’ল

বেচ ৶৹ তিনি অনা মাথোন।

[  ] [  ]

শিশু লীলা।

 

ঘোষা।

কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি।

কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥
পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ।
কমল লোচন চাৰু অৰুণ অধৰ॥
সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল॥
আপাদ লম্বিত বনমালা জ্বলে গলে।
শোভে অতি শ্ৰীবৎস বহল বক্ষঃস্থলে॥
চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত।
কৰিকৰ সম উৰু বৰ্ত্তুল বলিত॥
চৰণ কমল যেন নৱ পদ্ম কোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ॥

[  ]

প্ৰসন্ন বদন জ্বলে অলকা তিলক।
বসুদেৱে দেখিলন্ত অদ্ভুত বালক॥
পড়ি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি
পিতৃত কহিলা প্ৰভু সমস্ত যুগুতি॥
ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ।
কোলে লৈয়া বসুদেৱ লড়িল তেখন॥
ভাগিল নিহাল ভৈল মেলান কপাট।
দেখি ভয়ে যমুনা আপুনি দিলা বাট॥
বৰিষে কণিকা মেঘে ওপৰত গৰ্জ্জে।
ফনায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে॥
যশোদাৰ তৈতে উপজিল যোগ মায়া।
অতি অচেতনে নিদ্ৰা গৈলা নন্দজায়া॥
তাহানে সয্যাত নিয়া থৈলন্ত তোমাক।
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক॥
শিশুভাৱে গোকুলত ক্ৰীড়িলা অপাৰ।
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ॥
অচিন্ত্য মহিমা হৰি পুৰুষ প্ৰধান।
লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ
কংশৰ পাঞ্চনি পাই যত দৈত্য আসে
তুমি অগনিত যেন পুড়ি মৰে জাসে॥

[  ]

আসিলেক পূতনা মোহিনী নাৰী বেশে।
স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে॥
কোলে ধৰি তোমাক দিলেক স্তন দান।
স্তন পানে পূতনাৰ শুষিলন্ত প্ৰাণ॥
শকটৰ তলে থৈল যশোদা শুৱাই।
লাথি হানি পেলাইলা শকট ওভোটাই॥
হেন দেখি যশোদা সুন্দৰী মহা দুঃখে।
আথে বেথে কোলে লৈয়া স্তন দিল মুখে॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুকুতি।
ৰামনাম বিনা কাৰো নাহিকে মুকুতি॥
হেন জানি নিৰন্তৰে এড়ি আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

ঘোষা।

ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে।

চক্ৰবাত অসুৰে কৃষ্ণক নিলে হৰি।
আকাশক মাৰিল গলত চিপি ধৰি॥
কৃষ্ণক হিয়াত লৈয়া পড়িল ভূমিত।
জুড়াইল তোমাক পায়া যশোদাৰ চিত্ত॥

[  ]

ছলে হামি তুলি তুমি দেখাইলা মাৱত।
গৰ্ভৰ ভিতৰে আছে সমস্তে জগত॥
কম্পিল শৰীৰ যশোদাৰ হেন দেখি।
পৰম বিস্ময় হুয়া মুদিলন্ত আখি॥
বসুদেৱে পঠাইল আসিল গৰ্গ ঋষি।
গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি॥
কহিল নন্দৰ আগে যত গুণগ্ৰাম।
বিধিৱতে থৈলন্ত তোমাৰ কৃষ্ণ নাম॥
আণ্ঠু কাঢ়ি ৰিঙ্গ পাড়ি ফুৰা ব্ৰজ মাঝে।
সোণাৰ ঘুঙ্গুৰচয় কঙ্কালত বাজে॥
বৃষৰ শুনিয়া নাদ চমকি উলটি।
আথেবেথে ধৰা গৈয়া মাৱক সাবটি॥
থিয় দঙ্গা দিয়া পাছে তুমি দামোদৰ।
অনৰ্থ কৰি ফুৰা গোৱালীৰ ঘৰ॥
আনন্দতে সমস্ত গোৱালীগণ আসি।
কৃষ্ণৰ অকীৰ্ত্তি যশোদাত দেন্ত হাসি॥
কি ভৈল তোমাৰ ইটো তনয় দুৰ্জ্জন।
কৃষ্ণৰ নিমিত্তে আৰ নৰহে জীৱন॥
গাই নতু দোহন্তে দামুৰী মেলে গৈ।
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দৈ॥

[  ]

বানৰকো খুৱাৱে গোবিন্দ কিনো চণ্ড।
বানৰে নখায় যেবে কোবাই ভাঙ্গে ভাণ্ড॥
ঢুকি যেবে নপাৱে মনত নাই তুষ্টি॥
সিকিয়াৰ পৰা আনে উৰলত উঠি॥
শৰীৰৰ ৰত্নগণে ফুৰে পসৰায়।
আন্ধাৰতো খুজি পান্ত লুকান নযায়॥
বস্তুক ন পাইলে ধৰি মাৰন্ত ছৱালী।
গৃহক ভৰ্চ্ছিয়া পলাই যান্ত বনমালী॥
মাৱৰ কোলাত আছা তুমি জগন্নাথ।
সভয় নয়ন হুই চপৰাইলা মাথ॥
হেন শুনি যশোদা পুত্ৰক নোবোলয়।
আনন্দে ৰহিল হাসি পুত্ৰ মুখ চায়॥
ভৰিবাক দেখিয়া পুত্ৰক বৰ নাৰী।
বুকত সাবটি ধৰিলন্ত চুমা পাৰি॥
মাধৱৰ শিশুলীলা শুনা সৰ্ব্ব লোক।
বোলা হৰি হৰি যত পাতক ছাৰোক॥

ঘোষা।

কেশৱ কৃষ্ণ কৰুণা সিন্ধু।
ত্ৰাহি জগন্নাথ অনাথ বন্ধু॥

[  ]

এহি মতে ব্ৰজে আনন্দে হৰি।
কৰন্ত ক্ৰীড়া শিশু ৰূপ ধৰি॥
যত গোপ শিশু বলাই আদি।
সবে ভৈল গৈয়া কৃষ্ণৰ বাদী॥
যশোদাৰ আগে দিলেক খল।
খাইলেক কৃষ্ণে মাটি এক দল॥
শুনিয়া যশোদা সুন্দৰী হাসি।
পুত্ৰৰ হাতত ধৰিল আসি॥
কেনে মাটি খাইলি অৰে গোপল।
কোবাই আজি তোৰ ফাড়িবো ছাল
শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাৱক চান্ত॥
ভয়তে যেন কাম্পে হাত ভৰি।
যশোদা দেখে পুত্ৰ গৈল ডৰি॥
মুখক চাহন্তে লাগয় বেথা।
কিয় মাটি খাইলি শোধন্ত কথা॥
লগৰ শিশু বোলে সমুদায়।
বলায়ো বোলে তোৰ শ্ৰেষ্ঠ ভাই॥
মাতন্ত কৃষ্ণে যশোদাক চাই।
মিছা মাতে সবে শুনিয়ো আই॥

[  ]

কদাচিতো মই নখাওঁ মাটি।
দদা বলভদ্ৰে মাতন্ত ঘাটি॥
পতিয়ান নাই চোৱা বিচাৰি।
হেন শুনি মাতে যশোদা নাৰী॥
বায়ো বেন্ত যেবে মাটি নখাইলি।
শুনিয়া শিশুৰূপী বনমালী॥
চোৱা মুখ বুলি মাৱক মাতি।
বাইলন্ত বেন্ত প্ৰকাশিয়া আতি॥
যশোদা সুন্দৰী দেখন্ত পাছে।
সমস্ত জগত গৰ্ভতে আছে॥
সাতো খান দ্বীপ সাতো সাগৰ।
গিৰি বন নদী গ্ৰাম নগৰ॥
বায়ু সূৰ্য্য শশী দিশ আকাশ।
তাৰাগণ তৈতে কৰে প্ৰকাশ॥
সমস্তে জীৱ জ্যোতিস্তেজ জল।
সত্ত্ব ৰজস্তম ইন্দ্ৰিয় বল॥
মন বুদ্ধি কাল কৰ্ম্ম যতেক।
সবাকো গৰ্ভতে দেখে প্ৰত্যেক॥
যতেক ধেনু গোপ গোপী ঝাক।
যশোদা দেখে তৈতে আপোনাক॥

[ ১০ ]

পৰম শঙ্কাক পাইলন্ত সতী।
অদ্ভূত দেখিয়া বোলন্ত মাতি॥
কিবা ভ্ৰম ভৈল মোহক পায়া।
দেখিলো স্বপ্ন কিবা দেৱ মায়া॥
কিবা জানে মায়া মোৰ তনয়।
কৰিবে নোৱাৰো একো নিশ্চয়।
নুহিকন্ত মোৰ পুত্ৰ মানুষ।
এহেন্তেসে বিষ্ণু আদিপুৰুষ॥
এহি বুলি চিত্তে দঢ়ায়া সতী।
কৰযোড়ে কৰে কৃষ্ণক স্তুতি॥
যিটো ব্ৰহ্ম নোহে তৰ্ক গোচৰ।
নপাৱে বচনে মনে ওচৰ॥
নাহি উতপতি নাহি মৰণ।
সদায়ে প্ৰণামো তানে চৰণ॥
মই যশোদা মোৰ পুত্ৰ স্বামী।
ব্ৰজৰ সবে অধিকাৰী আমি॥
হেন অহম্মম সদায় কৰো।
যাহাৰ মায়াত উপজো মৰো॥
হেন জগন্নাথ হুয়োক গতি।
খণ্ডায়োক আবে মোৰ কুমতি॥

[ ১১ ]

গুণন্ত শুনি ত্ৰিজগতপতি।
বিষ্ণু হেন মোক জানিল সতী॥
কৰিল বৈষ্ণবী মায়া বিস্তাৰ।
গুচিল বিষ্ণু জ্ঞান যশোদাৰ॥
কৃষ্ণত পুত্ৰ বুদ্ধি ভৈল জাত।
ধূলা জাৰি তুলি লৈল কোলাত॥
পাড়ন্ত চুমা মুখে স্তন দিয়া।
মোৰ আয়ু লৈ পুতাই জীয়া॥
ব্ৰহ্মায়ো নজানে যাৰ মহিমা।
চাৰি বেদে কহি নপাৱে সীমা
হেন মাধৱক তনয় পাইল।
যশোদা নন্দে কিনো তপসাইল॥
সুনন্দ আদি যত যোগীগণ।
চিন্তিয়ো নেদেখে যাৰ চৰণ॥
হেন পৰমব্ৰহ্ম যশোদা সুত।
ভৈলন্ত কিনো অতি অদভূত॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
শুনা শিশুলীলা সমস্ত জনে॥
যেবে সুখে যাইবা বৈকুণ্ঠপুৰী।
সদায় ডাকিয়া ঘুষিয়ো হৰি॥

[ ১২ ]

ঘোষা।

  হে কৰুণাময়!
  ৰাম কৃষ্ণ প্ৰভূ ৰঘুপতি॥

দিনেক যশোদা নন্দজায়া।
আপুনি মথন্ত দধি গৈয়া।
কৃষ্ণৰ শৈশৱ লীলাক স্মৰি।
কৃষ্ণগীত গাৱন্ত সুন্দৰী॥
ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে।
কটিত মেখলা বান্ধি আছে॥
পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন।
আজোড়ন্তে লড়ে ঘনে ঘন॥
ৰুণ ঝুন কৰৰ কঙ্কণ।
শ্ৰম জলে উজ্জ্বল বদন॥
কৰ্ণত কুণ্ডল দোলে আতি।
খসি পড়ে খোপাৰ মালতী॥
এহি মতে মথন্তে প্ৰয়াসি।
মাৱক ধৰিল কৃষ্ণে আসি॥
মথনিত ধৰিয়া নিষেধি।
মথিবাক নেদে আৱৰ দধি॥

[ ১৩ ]

হাসি কোলে লৈয়া নন্দজায়া।
দিলা স্তন পুত্ৰমুখ চায়া॥
দেখন্তে উথলি দুগ্ধ পড়ে।
পুত্ৰ এড়ি গৈলন্ত লৱড়ে॥
স্তন পিবে নপায়া কৃষ্ণৰ।
কোপে কাম্পে অৰুণ অধৰ॥
দশন কামুড়ি অতি চাণ্ড।
শিলায়ে ভাঙ্গিলা দধি ভাণ্ড॥
মহা কোপে কোঠা পশিলন্ত।
সিঞ্চৰাই লৱনু ভুঞ্জন্ত॥
আসিলা যশোদা নমাই ক্ষীৰ।
দেখে হাণ্ডি ভাঙ্গিল দধিৰ॥
জানিল পুত্ৰৰ কৰ্ম্ম গোপী।
হাসিয়া দেখিল পশি খুপি॥
উড়ল ওপৰে বসি হৰি।
ভুঞ্জন্ত লৱনু চুৰি কৰি॥
শিকিয়াৰ পৰা নমাই আনি।
বানৰকো দেন্ত দলি হানি॥
শঙ্কিত নয়নে নাই সাড়ি।
দেখিয়া যশোদা লৈল বাড়ি॥

[ ১৪ ]

মাধৱে আসন্ত জানি ডৰে।
দিলা লড় নামি উড়লৰে॥
পাছে পাছে যশোদা খেঁদন্ত।
ভয়ে লাগ মাৱক নেদন্ত॥
যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত॥
পুত্ৰক খেদন্ত মহা সতী।
শ্ৰোণী ভৰে আক্ৰমিল গতি।
বেগত মেলান ভৈল খোপা।
খসি পড়ে মালতীৰ থোপা॥
গোবিন্দে মাৱৰ শ্ৰম দেখি।
ৰহিল কান্দন্তে মুদি আখি॥
সভয় নয়নে চান্ত ডৰে।
যশোদা ধৰিল আসি কৰে॥
ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো অজি কৃষ্ণ তোৰ মাথা॥
সকল লৱনু কৈলি নাশ।
শুনি প্ৰভু ভৈল মহাত্ৰাস॥
দেখি বাড়ি এড়িলন্ত সতী।
কৃষ্ণক বান্ধিবে ভৈল মতি।

[ ১৫ ]

নাহি আদি অন্ত পূৰ্ব্বাপৰ।
পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ॥
তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উড়ুখলে॥
বান্ধন্ত কৃষ্ণক আনি ধৰি।
নোযোড়ে অঙ্গুল দুই জৰি॥
আৰু জৰি আনি যোড়া দিল
সিয়ো দুই অঙ্গুলে নাটিল॥
হেন দেখি আৰো জৰি আনি
যশোদা বান্ধন্ত টানি টানি॥
শৰীৰৰ বল দিয়া আঁটে।
তথাপি আঙ্গুল দুই নাটে।
গৃহত পাইলেক যত জৰি।
এহি মতে ঘুড়িয়া সুন্দৰী।
উড়ুখলে এৰে বান্ধে চাপি।
নাটে দুই আঙ্গুল তথাপি॥
হেন দেখি হাসে গোপীগণে।
যশোদা বিস্ময় ভৈল মনে।
শৰীৰৰ ঘৰ্ম্ম যায় বহি।
হাসিয়া থাকিল শ্ৰমে ৰহি॥

[ ১৬ ]

হেন দেখি প্ৰভু নাৰায়ণ।
স্নেহে লৈল আপুনি বন্ধন॥
জগতৰ আপুনি ঈশ্বৰ।
তুমি বশ্য ভৈলা ভকতৰ॥
ব্ৰহ্মা লক্ষ্মীদেবী মহাদেৱে।
নপাইল আনন্দ হেন কেৱে॥
যশেদো প্ৰসাদ যেন পাইল।
ইটো গোপী কিনো তপসাইল॥
ভকতৰ বশ্য তুমি হৰি!
সুখে পাৱে গৃহতে সুমৰি॥
ভণিল শঙ্কৰে কৃষ্ণপদে।
হৰি হৰি বোলা সভাসদে।

ৰাম গোপাল হৰি কৃষ্ণ গোবিন্দ হৰি

কৃষ্ণে দেখিলন্ত মাৱ গৃহকৰ্ম্মে গৈল।
আঠু কাঢ়ি উড়ুখল টানিবাক লৈল॥
অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি।
কঙ্কাল ফান্দিয়া বল দিলা বনমালী॥

[ ১৭ ]

কাম্পে দুয়ো গোটা বৃক্ষ উড়ুখলে লাগি।
উভৰি পড়িল মচ মচ কৰি ভাগি॥
শাপ এড়াই দুয়ো পাছে কুবেৰ তনয়।
তোমাক নমিয়া গৈল আপোন নিলয়॥
নিৰ্ঘাত শঙ্কিয়া খেদি আইল গোপঝাক।
বন্দি হুয়া আছা নন্দে দেখিলে তোমাক॥
হাসিলেক কোনে হেন কৰিলেক বুলি।
বান্ধ মেলি কৃষ্ণক কোলাত লৈল তুলি॥
কিনো অতি নন্দ যশোদাৰ মহাভাগ।
পূৰ্ণব্ৰহ্ম তোমাক গৃহতে পাইলে লাগ॥
ভকতৰ আনন্দ বঢ়ায়া সৰ্বক্ষণ।
শিশুলীলা অনেক কৰিলা নাৰায়ণ॥
কেহো বেলা গোপীগণে পাঞ্চে গাৱে গীত
তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য॥
মালাৰী কৰাহা কতো গোপৰ বচনে।
ছায়া পুতলাক যেন নচাৱে যতনে॥
কেহো বেলা গোপিকাৰ শুনি আজ্ঞা বাণী
পাদুকা পীড়াক প্ৰভু ধৰি থাকা আনি॥
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত।
ভকতৰ বশ্য হেন দেখায়া লোকত॥

[ ১৮ ]

কোনে ফল লৈবে বুলি ডাকিল পসাৰী।
ধান্য দিয়া ফুল তুমি খুজিলা মুৰাৰি॥
তোমাৰ হস্তক ভৰি দিলে ফল বাছি।
সুবৰ্ণ ৰতনে তাইৰ উপচিল পাছি॥
আসিল দানৱ গোট বৎসৰূপ ধৰি।
লাঙ্গুল সহিতে তাৰ ধৰি পাছ ভৰি॥
আলগতে ফুৰাই পাক হানিলাহা দলি।
কপিত্থত পড়ি যমপুৰে গৈল চলি॥

⸻⸻

ঘোষা

ৰাম চৰণে ধৰো স্বামি!
আমি যেন তৰো।

বকাসুৰে কৃষ্ণক গিলিলে ঠোটে ধৰি।
দেখি গোপ শিশুগণ যেন গৈল মৰি॥
পাছে তাৰ তালুত লাগিল যেন জুই।
ছাদিলে কৃষ্ণক বকে বিমূৰ্চ্ছিত হুই॥
দুনাই ঠোটে গিলিবাক আসে দেখি তাক।
ধৰিয়া চিৰিলা যেন বিৰিণা পতাক॥
সবান্ধৱে ধেনুককো নিলা ৰসাতল।
গোপ শিশুগণক ভুঞ্জাইলা তাল ফল॥

[ ১৯ ]

ময়ৰ তনয় ব্যোম গোপৰূপ ধৰি।
গোপ শিশুগণক নিলেক চুৰি কৰি॥
গহ্বৰত থৈলে নিয়া চাকিয়া শিলায়।
তাক মাৰি শিশুসব আনিলা লীলায়॥
গোপ গৰুঝাকক বেড়িলে বন জুই।
কৃষ্ণত শৰণ সবে লৈল ত্ৰাস হুই॥
চক্ষু মুদাই সবাকো ক্ষণেক যোগ বলে।
গোকুলক লাগিয়া আনিলা অবিকলে॥
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি।
তোমাৰ প্ৰসাদে হৰি দিব্য ৰূপ ধৰি॥
শাপ এড়াই গৈল বিদ্যাধৰৰ নিলয়।
দেখি গোপগণ ভৈল পৰম বিস্ময়॥
শয়ন সময়ে সব গোপ গোপীগণ।
যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ॥
বৈকুণ্ঠ বাসীৰ সবে মহিমা দেখাই।
গোকুলক লাগি প্ৰভু আনিলা দুনাই॥
নন্দক নিলেক বৰুণৰ দূতে ধৰি।
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি॥
কৃষ্ণৰ মহিমা নন্দে কহিলা ব্ৰজত।
শুনিয়া বিস্ময় ভৈল সবাৰ মনত॥

[ ২০ ]

ইন্দ্ৰে কৰিলন্ত সাত দিন বৰিষণ।
একে হাতে উভাৰি ধৰিলা গোবৰ্দ্ধন॥
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গোপপুৰ।
কৰিলা লীলায়ে মহেন্দ্ৰৰ দৰ্প চূৰ॥
সুৰভি সহিতে ইন্দ্ৰে আসিলা প্ৰত্যেক
গোৰ ইন্দ্ৰ পাতিয়া কৰিলে অভিষেক॥
অনেক ভকতি কৰি দুয়ো স্বৰ্গে গৈল।
সেহি দিন কৃষ্ণৰ গোবিন্দ নাম থৈল॥
গোপ কুমাৰিকা সবে বস্ত্ৰ থৈয়া তীৰে।
বিবস্ত্ৰে নামিল গৈয়া যমুনাৰ নীৰে।
বস্ত্ৰ লৈয়া উঠিলাহা কদম্বৰ গাছে।
নানা উপহাস কৰি বস্ত্ৰ দিলা পাছে॥
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে॥
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন।
বোল হৰি হৰি আছে যাৱত চেতন॥

ঘোষা॥

ও কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি॥

দুষ্ট অঘে পাতিলেক কাপ।
বাট ভেণ্টি ভৈল ঘোৰ সাপ॥

[ ২১ ]

পৰ্ব্বত সমান কলেৱৰ।
বাইলে বেন্ত সম্যকে গহ্বৰ॥
তল ওঁঠ মাটিত পাতিল।
ঊৰ্দ্ধ ওঁঠ মেঘত লাগিল॥
জিহ্বা খান যেন ৰাজ আলী।
বৎস লৈয়া আইলা বনমালী॥
গোৰক্ষ দামুৰি নিৰন্তৰ।
নজানিয়া পশিল ভিতৰ॥
দেখি তুমি ভক্তৰ স্নেহত।
পশিলাহা অঘৰ গৰ্ভত॥
দেখি আঁটি ধৰিল দশন।
তুলিলেক হাসি দৈত্যগণ॥
দেৱগণে কৰে হাহাকাৰ।
গল চুঙ্গি ভেণ্টি কৈল তাৰ॥
পেট ফিঙ্কি বায়ু দিলে টান।
মূৰ্দ্ধ স্ফুটি বাজ ভৈল প্ৰাণ॥
তযু পৰশনে কৰ্ম্ম ক্ষীণ।
অসুৰ কৃষ্ণতে গৈল লীন॥
দেখি নিশবদ দৈত্য কুল।
হৰিষে বৰিষে দেৱে ফুল॥

[ ২২ ]

অমৃত নয়নে চাইলা হৰি।
জীল সবে গোৰক্ষ দামুৰি॥
ৰঙ্গে বাজ ভৈলা বংশী বাই।
ফুৰা সবে দামুৰি চৰাই॥
ব্ৰহ্মা আসি কৰিলন্ত চুৰি।
নিল সব গোৰক্ষ দামুৰি॥
মায়া কৰি থৈলেক গহ্বৰে।
কাহাকো নেদেখি দামোদৰে॥
ব্ৰহ্মা নিল জানিলাহা গুণি।
ভৈল গোৰু গোৰক্ষ আপুনি॥
নিচিনিল গোৱালী গোৱালে।
এদিনাত কৰি প্ৰতি পালে॥
ব্ৰহ্মা আসি দেখিলন্ত পাছে।
গোৰক্ষ দামুৰি সবো আছে॥
পৰম বিস্ময়ে আছে চায়া।
কৰিলাহা পাছে প্ৰভু মায়া॥
গোৰক্ষ দামুৰি ৰূপ এৰি।
ভৈল সবে চতুৰ্ভুজ হৰি॥
সজল জলদ যেন শ্যাম।
সবে পীত বস্ত্ৰে অনুপাম॥

[ ২৩ ]

কেয়ূৰ কঙ্কণে কৰে কান্তি।
হৃদয়ত শ্ৰীবৎসৰ পান্তি॥
কম্বুকণ্ঠ কৌস্তুভে শোভিত।
বনমালা আপাদ লম্বিত॥
জিলিমিলি জ্বলে বক্ষঃস্থলে।
শোভে কৰ্ণ মকৰ কুণ্ডলে॥
শঙ্খ চক্ৰ গদা পদ্ম ধৰি।
আছে সবে চতুৰ্ভুজ হৰি॥
গাৱে গাৱে এক সৃষ্টি কৰে।
চৰাচৰ সমে সেৱা কৰে॥
মোহ হুয়া ব্ৰহ্মা ভৈল চুপ।
দেখন্তে গুচিল সবে ৰূপ॥
পূৰ্ব্বৱতে আছা মাত্ৰ হৰি।
হংসৰ নামিল ব্ৰহ্মা ডৰি॥
যেন সুবৰ্ণৰ দণ্ড প্ৰায়।
ভূমিতে পেলাই নিজ কায়॥
মাধৱৰ পাদ পদ্ম দুই।
চাৰি মুকুট আগে ছুই॥
আনন্দতে নয়নৰ জলে।
সিঞ্চিলন্ত চৰণ কমলে॥

[ ২৪ ]

উঠি উঠি দুয়ো পাৱে ধৰি।
প্ৰণামন্ত মহিমা সুমৰি॥
মুকুন্দক চাই কথমপি।
মাথা দোঁৱাই কৃষ্ণ কৃষ্ণ জপি॥
প্ৰসাদিয়া অনেক ভকতি।
কৰিবে লাগিল ব্ৰহ্মা স্তুতি॥
কৃষ্ণকথা শুনিয়ো সমাজে।
জন্ম লভি ভাৰতৰ মাঝে॥
আক বৃথা কৰা কোন কামে।
সাধিয়ো মুকুতি হৰিনামে॥

ঘোষা॥

ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি।
নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি।

নমো গোপৰূপী মেঘ সম শ্যামতনু।
গাৱে পীতবস্ত্ৰ হাতে শিঙ্গা বেত বেণু॥
কৰ্ণত গুঞ্জাৰ থোকা মাথে মৈৰা পাখী।
বন্য পুষ্পমালা পিন্ধি ধেনু আছা ৰাখি॥
এহি শৰীৰতে আছে যতেক মহিমা।
মনেয়ো কৰিবে পাৰে কোনে তাৰ সীমা॥

[ ২৫ ]

আছোক পৰম ব্ৰহ্ম স্বৰূপ তোমাৰ।
তাক জানিবাক আছে শকতি কাহাৰ॥
জ্ঞান পথ এড়ি প্ৰভূ তোমাৰ কথাক।
কায়বাক্য মনে সেৱে যিটো সাধুজাক॥
যদ্যপি অজিত তুমি তিনিয়ো জগতে।
তথাপি তোমাক জিনে সেহিসে ভকতে॥
মুকুতি ৰসকো স্ৰৱে তোমাৰ ভকতি।
তাক এড়ি যিটো জ্ঞান পথে কৰে ৰতি॥
ক্লেশ মাত্ৰ পাৱে সিটো নিস্ফল প্ৰয়াসে।
বাহানে পতান যেন তণ্ডুলক আশে॥
যিটো জনে ভুঞ্জে নিজ কৰ্ম্মৰ বিপাক।
অপেক্ষিয়া থাকে প্ৰভূ তোমাৰ কৃপাক॥
কায়বাক্য মনে মনে চৰণ তোমাৰ।
সিসি জন মুকুতি পদৰ অধিকাৰ॥
মই কেন দুৰ্ব্বোধ দেখিয়ো ভগৱন্ত!
মায়াদিৰো ঈশ তুমি অনাদি অনন্ত॥
তোমাক পৰীক্ষো মই মায়াক প্ৰকটি।
অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙ্গটি॥
অন্ধ ভৈল চক্ষু হেলা কৰিলো তোমাক।
মই ভিন্ন ঈশ্বৰ মানিলো আপোনাক॥

[ ২৬ ]

অজ্ঞৰ ক্ষমিয়ো দোষ জগত নিবাস।
এহি কৃপা কৰা যেন বোলাওঁ তযুদাস॥
গৰ্ভত থাকন্তে উদৰত ঘালে পাৱে।
তাৰ অপৰাধক নধৰে যেন মাৱে॥
তোমাৰ কুক্ষিতে আমি আছো চৰাচৰ।
হেন জানি ক্ষমিয়োক দোষ দামোদৰ॥
ইটো ব্ৰহ্মপদ প্ৰভু আমাক নলাগে।
কীট পতঙ্গত জন্ম হৌক কৰ্ম্ম ভাগে॥
তোমাৰ ভক্তৰ মাজে হুয়া একজন।
সেৱা কৰি থাকো প্ৰভু তোমাৰ চৰণ॥
কিনো ধন্য ধেনু গোপী ইটো গোকুলৰ।
যাৰ স্তনপানে তৃপ্ত ভৈল দামোদৰ॥
অশ্বমেধ আদি কৰি মহাযজ্ঞ যত।
তোমাক তুষিবে কেহো নুহিকে শকত॥
কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ
তুমি পূৰ্ণব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ॥
কিনো পুণ্য কৰি গোকুলৰ বৃক্ষ তৃণে।
তোমাৰ চৰণ ৰেণু পাৱে প্ৰতি দিনে॥
দেখা সৰ্ব্বলোক কেন অজ্ঞানী বৰ্ব্বৰ!
তুমি অন্তৰ্য্যামী তোমাকেসে বোলো পৰ

[ ২৭ ]

শৰীৰক মই বোলো বুদ্ধি ভৈল হত।
হিয়াত হৰাইলা তুমি খোজো বাহিৰত॥
বৃন্দাবনে তৃণ হৈবো তেবে মহাভাগ।
পাইবো ব্ৰজবাসীৰ চৰণ ৰেণু লাগ॥
আজিয়ো বিচাৰে পদৰজ দেৱগণ।
হেন হৰি ভৈল ব্ৰজবাসীৰ জীবন॥
মাৰিবাক দিল। স্তন পূতনা পাপিষ্ঠী।
দিলাহা মুকুতি তাইতো পড়িল সুদৃষ্টি॥
ব্ৰজবাসী তোমাতে অৰ্পিলে প্ৰাণ বিত্ত।
আক আবে কিবা দিবা খেদ কৰে চিত্ত॥
তাৱে ৰাগ লোভ ক্ৰোধ পুৰুষৰ চোৰ।
তাৱে গৃহবাস বন্দিশাল মহা ঘোৰ॥
মোহচয় ভৰিৰ নিহল ভৈল তাৱে।
তোমাত ভকতি নৰে নতু কৰে যাৱে॥
তোমাৰ আগত কিবা বোললা বহু বাক।
যিটো বোলে জাননা প্ৰভু জানোক তোমাক॥
কায়বাক্য মনে মই কৰিলোহে সাৰ।
তযু মায়া বিভবৰ নপাও কিছু পাৰ॥
জানিবাহা ভৈলো প্ৰভু! তোমাৰ কিঙ্কৰ।
তযু চৰণত সমৰ্পিলল কলেৱৰ॥

  [ ২৮ ]

সমস্তৰে বুদ্ধি সাক্ষী সবে তুমি জানা।
আজি ধৰি প্ৰভু!মোক দাস বুলি মানা॥
নমো কৃষ্ণ বৃষ্ণি কুল প্ৰকাশ নায়ক।
দেৱ দ্বিজ পৃথিবীৰ বুদ্ধি প্ৰদায়ক॥
দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ।
তোমাৰ চৰণে প্ৰভু! প্ৰণাম আমাৰ॥
কৰিল অনেক স্তুতি আৰু সৃষ্টি কৰে।
তাক নকহিলো পদ বাহুল্যক ডৰে॥
এহি বুলি প্ৰজাপতি ভৈল মোহে হীন
কৃষ্ণক কৰিল তিনিবাৰ প্ৰদক্ষিণ॥
প্ৰণাম কৰিল চৰণত পড়ি পড়ি।
মেলানি মাগিয়া নিজ স্থানে গৈল লড়ি
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥

——————

ঘোষা।

গোপাল ৰাম কৃষ্ণ বনমালী।
মাৰিলা অসুৰ দমিলা কালী॥

গোপশিশু সঙ্গে গৈল বজাই।
আগত গোধন বংশী বজাই॥

[ ২৯ ]

চাৰন্তে ফুৰন্তে গৰু গোৰক্ষ।
পাইলা যমুনাৰ তীৰৰ লক্ষ॥
কালীৰ হ্ৰদক তাক নজানি।
তৃষাত-সবে পীলে বিষ পানী॥
দাৰুণ বিষৰ লাগিল জ্বাল।
মৰিল সবে বৎস বৎসপাল॥
দেখিয়া কৃষ্ণ অসন্তোষ পাইল।
অমৃত নয়নে চায়া জীয়াইল॥
কালীক দমিবে কৰি যতন।
কটিত বান্ধিলা পীত বসন॥
উঠিলা উচ্চ কদম্বৰ গাছে।
হ্ৰদৰ মাজে জাম্পদিলা পাছে॥
ঢউ উথিলল খলকি হ্ৰদ।
দশোদিশে গৈল তাৰ শবদ॥
জলক্ৰীড়া কৰা বাহু আস্ফালি।
ক্ৰোধে খেদি আসি দেখিলে কালী॥
তনু সুকুমাৰ জলদ শ্যাম।
প্ৰকাশে পীতবস্ত্ৰে অনুপাম॥
কমল লোচন মুখ প্ৰসন্ন।
মুকুতাৰ সাৰি সম দশন॥

[ ৩০ ]

উন্নত নাসা মুখে মন্দ হাস।
কণ্ঠত কৌস্তুভে কৰে প্ৰকাশ॥
হিয়াত জিলিমিলি কৰে কান্তি।
মধ্যত জ্বলে শ্ৰীবৎসৰ পান্তি॥
আজানুলম্বিত বাহু দুখান।
চাৰু উৰু কৰ কটি সুঠান॥
জঙ্ঘা দুইক দেখি মিলে সন্তোষ।
দুখানি পাৱ নৱপদ্ম কোষ॥
আনন্দে জলক ফুৰা আস্ফালি।
মৰ্ম্মস্থলে আসি দংশিলে কালী॥
নজানি তোমাৰ পাপী প্ৰভাৱ।
লাঞ্জে মেড়াইলেক সমস্তে গাৱ॥
বিষ লাগি পড়ি থাকিলা ঘুমি।
মনুষ্যৰ চেষ্টা দেখায়া তুমি॥
দেখি শিশু সব মৰিল প্ৰায়।
ধেনুগণে আউৰ তৃণ নাখায়॥
কৃষ্ণক চাহিয়া থাকিল ৰহি।
চক্ষুৰ লোহ ধাৰে যায় বহি॥
আতি উতপাত দেখি গোকুলে।
গোপগোপী জাক সমস্তে বোলে॥

[ ৩১ ]

জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল।
কৃষ্ণক আজি তৈতে কিবা ভৈল॥
নন্দ যশোদা বিয়াকুল মনে।
কৃষ্ণক চাহিয়া পশিল বনে॥
লগতে চলে গোপগোপী জাক।
হা কৃষ্ণ! বুলি ছাড়ন্তে ডাক॥
ধ্বজ বজ্ৰ যব অঙ্কুশ চাই।
কৃষ্ণৰ খোজত নিহলন্তে যায়॥
পুত্ৰ পুত্ৰ বুলি যশোদা চান্ত।
কৃষ্ণৰ খোজত পড়ন্তে যান্ত॥
বেড়িয়া গোপীগণে নেয় ধৰি।
দেখিল পাছে পড়ি আছা হৰি॥
জলৰ মাজে মৃতকৰ বেশ।
নকৰন্ত আৰ চক্ষু নিমেষ॥
দেখি গোপ গোপী সম্যক্ মৰিল।
প্ৰাণ অন্তৰীক্ষ চেতন হৰিল॥
কৃষ্ণ কৃষ্ণ বুলি দিলেক গেড়ি।
কান্দে যমুনাৰ তীৰক বেড়ি॥
যশোদা সুন্দৰী নন্দ গোৱালে।
পাড়ন্ত লোটাৰি পড়ি নিটালে॥

[ ৩২ ]

কি ভৈল পুত্ৰ বুলি উকি দিয়া।
দুহাতে জৱাঁ‌লে ধাকুৰে হিয়া॥
কৃষ্ণৰ সুন্দৰ বদন চাই।
যশোদা কান্দন্ত গুণ বৰ্ণায়॥
গোধূলি কোনে যাইবে বংশী বাই।
কোনে মোক গৈয়া বুলিবে আই॥
ধূলা জাৰি কাক কৰাইবে স্নান।
কোনে কৰিবেক গোৰস পান॥
কাক বিছাই দিবো শীতল তুলী।
ডাকিবো কাক জাগ কৃষ্ণ বুলি॥
সুন্দৰ বদনে বজায়া বেণু।
প্ৰভাতে কোনে চৰাইবেক ধেনু॥
কি ভৈল আজি কৃষ্ণ মোৰ বাপ।
মৰিয়ো নেড়াইবো তোৰ সন্তাপ॥
এহি বুলি কান্দে কৃষ্ণক চাই।
যশোদা নন্দে জাম্প দিবে যায়॥
দেখি বলভদ্ৰে বাধিল হাসি।
এখনে আসিব কালীক নাশি॥
কৃষ্ণক লাগিয়া এড়া ক্ৰন্দন।
হেন শুনি সবে যুড়াইল মন॥

[ ৩৩ ]

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥

⸻⸻

ঘোষা।

 প্ৰণামো ৰাম দেৱ দয়াশীল।
আবেসে কৃষ্ণৰ কৃপা মিলিল॥

ভকতৰ দুঃখ দেখি গোপাল।
আস্ফোট কৰি দিলা উৰুফাল॥
সৰ্পৰ বন্ধ এড়াই জগন্নাথে।
ডেৱে চড়িলন্ত কালীৰ মাথে॥
শতেক শিৰত নাচন্ত হৰি।
বাৱে বিদ্যাধৰে মৃদঙ্গ ধৰি॥
গন্ধৰ্ব্বে গীত গায়া বাৱে তাল।
পৰম আনন্দে নাচা গোপাল॥
জগত আধাৰ তোমাৰ ভীৰে।
নাকে মুখে সিটো ছাদে ৰুধিৰে॥
স্বামী মৰে দেখি নাগিনী লোকে।
শিশু আগকৰি আসিলা শোকে॥
পড়িল ভূমিত কৃষ্ণৰ আগে।
কৰিয়া স্তুতি স্বামী দান মাগে॥

[ ৩৪ ]

কৰিলে দোষ স্বামী ইটো চণ্ড।
বিহিলা ইহাৰ উচিত দণ্ড॥
দুৰ্জ্জন জনৰ চিন্তিবা মাৰ।
এহিসে কায্যে তযু অৱতাৰ॥
পাতকী সৰ্পজাতি দুৰাশয়।
তোমাৰ দণ্ডে পাপ ভৈল ক্ষয়॥
কৰিলা দয়া দয়াশীল হৰি।
তোমাৰ ক্ৰোধ বৰে এবে সৰি॥
পূৰ্ব্বত কিনো তপ আছে কৰি।
যাহাত তুমি তুষ্ট ভৈলা হৰি॥
সি হেতু হেন ভৈল ভাগ্যোদয়।
তোমাৰ পাইলে পদ বৃলাচয়॥
যাহাক লক্ষ্মীদেবী বাঞ্ছা কৰি।
আচৰিল তপ ব্ৰতক ধৰি॥
যিটো পদৰজ ভকতে পাই।
এৰি সাৰ্ব্বভৌম পদতো দাই॥
স্বৰ্গ ব্ৰহ্মপদে নকৰে বাঞ্ছা।
নকৰন্ত যোগ সিদ্ধিকো ইচ্ছা॥
মোক্ষতো অভিলাষ নাহি হৰি।
তোমাৰ চৰণ ৰেণুক এড়ি॥

[ ৩৫ ]

পৰম ক্ৰোধী হুয়া ক্ৰুৰমতি।
হেন পদধূলা পাইলেক পতি॥
নপান্ত ব্ৰহ্মা আদি দেৱে যাক।
হেনজানি নাথ ৰাখা ইহাক॥
চৰণে প্ৰণামো হুয়ো সন্তোষ।
বাৰেক আৰ মৰষিয়ো দোষ॥
কৰিয়ো দয়া প্ৰভু এড়ে প্ৰাণ।
অনাথ স্ত্ৰীক দিয়ো স্বামী দান॥
কৰিল অনেক স্তুতি ভকতি।
শুনি তুষ্ট ভৈল জগতপতি॥
প্ৰাণে নমৰিল তাতে সে থাকি।
কালীক খেদাইলা হ্ৰদৰ ডাকি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
হৰি হৰি বোলা সমস্ত জনে॥

ঘোষা।

ৰাম গোবিন্দ মুকুন্দ মুৰাৰি॥

ভৈল হ্ৰদ সিটো নিৰ্ম্মল জল।
দেখিয়া সবে ভৈল কৌতুহল॥

[ ৩৬ ]

সপুত্ৰ বান্ধৱে খেদায়া কালী।
তীৰক পাছে গৈলা বনমালী॥
দেখিয়া যশোদা ধৰিলা গলে।
পুত্ৰ পুত্ৰ বুলি নেত্ৰৰ জলে॥
তিয়াইল কৃষ্ণৰ সবে শৰীৰ।
নন্দো ধৰি আসি ঘ্ৰাণিল শিৰ॥
কৃষ্ণক আলিঙ্গি আনন্দ পাইল।
নাছিল প্ৰাণ দুনাই যেন জীল॥
বেঢ়ি গোপ গোপী চাৱে নিৰীক্ষি।
জুড়াইল শৰীৰ কৃষ্ণক দেখি॥
ভাই বুলি বলো সাবটি আসি।
প্ৰভাৱ জানিয়া তুলিলা হাসি॥
এহিমতে সবে এড়ায়া শোক।
ৰজনী ভৈল জানি সবে লোক॥
যমুনা তীৰত বঞ্চিল ৰাতি।
ক্ষুধায়ে তৃষায়ে পীড়িলে আতি॥
ঘূমতি গৈল হৰাশাস্তি হুই।
বেঢ়িয়া বনত লাগিল জুই॥
অগণিৰ তাপে পাইলেক গাক।
জাগিল সবে গোপ গোপী জাক॥

[ ৩৭ ]

বহ্নিক দেখি ভৈল সবে ত্ৰাস।
ত্ৰাহি কৃষ্ণ বুলি পাড়ে আটাস॥
বহ্নিত সবে পুড়ি মৰো আমি।
প্ৰাণদান দিয়া জগত স্বামী॥
তুমি বিনা আন নাই বান্ধৱ।
ভকত জনক ৰাখা মাধৱ॥
এহি বুলি সবে কৰে কল্লোল।
বান্ধৱৰ দুঃখ দেখি গোপাল॥
ভয় নাই বুলি আপোন মুখে।
পীলা বনাগ্নিক পৰম সুখে॥
এড়াইল সমস্তে দুৰ্ঘোৰ ভয়।
অনন্তৰে ভৈল সূৰ্য উদয়॥
কৃষ্ণৰ কৰ্ম্ম অতি আচৰিত।
বিস্ময় দেখি সমস্তৰে চিত্ত॥
নোহন্ত মানুষ নন্দ তনয়।
পৰম পুৰুষ জানি নিশ্চয়॥
পাছে গোপ গোপী কৃষ্ণক বেড়ি।
গোষ্ঠক লড়িল কৰন্তে খেড়ি॥
কৃষ্ণগীত গান্ত বজায়া বেণু।
কৰিলেক আগ যতেক ধেনু॥

[ ৩৮ ]

গোপগণে কৃষ্ণ চৰিত্ৰ গাইল।
পৰম আনন্দে ব্ৰজক পাইল॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায়।
কেতিক্ষণে পড়ে ক্ষণিক কায়॥
জানিয়া কৃষ্ণৰ চৰণে ধৰি।
সমস্ত সমাজে ঘোষিয়ো হৰি॥

  ইতি শিশু লীলা সমাপ্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )