পৃষ্ঠা:শিশু লীলা.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিশু লীলা।

গুণন্ত শুনি ত্ৰিজগতপতি।
বিষ্ণু হেন মোক জানিল সতী॥
কৰিল বৈষ্ণবী মায়া বিস্তাৰ।
গুচিল বিষ্ণু জ্ঞান যশোদাৰ॥
কৃষ্ণত পুত্ৰ বুদ্ধি ভৈল জাত।
ধূলা জাৰি তুলি লৈল কোলাত॥
পাড়ন্ত চুমা মুখে স্তন দিয়া।
মোৰ আয়ু লৈ পুতাই জীয়া॥
ব্ৰহ্মায়ো নজানে যাৰ মহিমা।
চাৰি বেদে কহি নপাৱে সীমা
হেন মাধৱক তনয় পাইল।
যশোদা নন্দে কিনো তপসাইল॥
সুনন্দ আদি যত যোগীগণ।
চিন্তিয়ো নেদেখে যাৰ চৰণ॥
হেন পৰমব্ৰহ্ম যশোদা সুত।
ভৈলন্ত কিনো অতি অদভূত॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
শুনা শিশুলীলা সমস্ত জনে॥
যেবে সুখে যাইবা বৈকুণ্ঠপুৰী।
সদায় ডাকিয়া ঘুষিয়ো হৰি॥