পৃষ্ঠা:শিশু লীলা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিশু লীলা।

ছলে হামি তুলি তুমি দেখাইলা মাৱত।
গৰ্ভৰ ভিতৰে আছে সমস্তে জগত॥
কম্পিল শৰীৰ যশোদাৰ হেন দেখি।
পৰম বিস্ময় হুয়া মুদিলন্ত আখি॥
বসুদেৱে পঠাইল আসিল গৰ্গ ঋষি।
গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি॥
কহিল নন্দৰ আগে যত গুণগ্ৰাম।
বিধিৱতে থৈলন্ত তোমাৰ কৃষ্ণ নাম॥
আণ্ঠু কাঢ়ি ৰিঙ্গ পাড়ি ফুৰা ব্ৰজ মাঝে।
সোণাৰ ঘুঙ্গুৰচয় কঙ্কালত বাজে॥
বৃষৰ শুনিয়া নাদ চমকি উলটি।
আথেবেথে ধৰা গৈয়া মাৱক সাবটি॥
থিয় দঙ্গা দিয়া পাছে তুমি দামোদৰ।
অনৰ্থ কৰি ফুৰা গোৱালীৰ ঘৰ॥
আনন্দতে সমস্ত গোৱালীগণ আসি।
কৃষ্ণৰ অকীৰ্ত্তি যশোদাত দেন্ত হাসি॥
কি ভৈল তোমাৰ ইটো তনয় দুৰ্জ্জন।
কৃষ্ণৰ নিমিত্তে আৰ নৰহে জীৱন॥
গাই নতু দোহন্তে দামুৰী মেলে গৈ।
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দৈ॥