পৃষ্ঠা:শিশু লীলা.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিশু লীলা।

আসিলেক পূতনা মোহিনী নাৰী বেশে।
স্তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে॥
কোলে ধৰি তোমাক দিলেক স্তন দান।
স্তন পানে পূতনাৰ শুষিলন্ত প্ৰাণ॥
শকটৰ তলে থৈল যশোদা শুৱাই।
লাথি হানি পেলাইলা শকট ওভোটাই॥
হেন দেখি যশোদা সুন্দৰী মহা দুঃখে।
আথে বেথে কোলে লৈয়া স্তন দিল মুখে॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুকুতি।
ৰামনাম বিনা কাৰো নাহিকে মুকুতি॥
হেন জানি নিৰন্তৰে এড়ি আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

ঘোষা।

ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে।

চক্ৰবাত অসুৰে কৃষ্ণক নিলে হৰি।
আকাশক মাৰিল গলত চিপি ধৰি॥
কৃষ্ণক হিয়াত লৈয়া পড়িল ভূমিত।
জুড়াইল তোমাক পায়া যশোদাৰ চিত্ত॥