পৃষ্ঠা:শিশু লীলা.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শিশু লীলা।

ময়ৰ তনয় ব্যোম গোপৰূপ ধৰি।
গোপ শিশুগণক নিলেক চুৰি কৰি॥
গহ্বৰত থৈলে নিয়া চাকিয়া শিলায়।
তাক মাৰি শিশুসব আনিলা লীলায়॥
গোপ গৰুঝাকক বেড়িলে বন জুই।
কৃষ্ণত শৰণ সবে লৈল ত্ৰাস হুই॥
চক্ষু মুদাই সবাকো ক্ষণেক যোগ বলে।
গোকুলক লাগিয়া আনিলা অবিকলে॥
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি।
তোমাৰ প্ৰসাদে হৰি দিব্য ৰূপ ধৰি॥
শাপ এড়াই গৈল বিদ্যাধৰৰ নিলয়।
দেখি গোপগণ ভৈল পৰম বিস্ময়॥
শয়ন সময়ে সব গোপ গোপীগণ।
যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ॥
বৈকুণ্ঠ বাসীৰ সবে মহিমা দেখাই।
গোকুলক লাগি প্ৰভু আনিলা দুনাই॥
নন্দক নিলেক বৰুণৰ দূতে ধৰি।
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি॥
কৃষ্ণৰ মহিমা নন্দে কহিলা ব্ৰজত।
শুনিয়া বিস্ময় ভৈল সবাৰ মনত॥