শতস্কন্ধ ৰাৱণবধ

ৱিকিউৎসৰ পৰা
[  ]

শতস্কন্ধ ৰাৱণবধ।

পদ্য় ও গদ্য ছন্দে ৰচিত।

শ্ৰীঋষভচন্দ্ৰ অধিকাৰ গোসাইৰ,
দ্বাৰা সংগৃহীত।

শ্ৰীকমল চন্দ্ৰ ডেকা গোসাইৰ,
দ্বাৰা ৰচিত।

ধৰ্ম্ম পুস্তক এণ্ড কোং দ্বাৰা

প্ৰকাশিত।

প্ৰথম তাঙ্গৰণ।

[  ]

 

অসমীয়া ৰামায়ণ।

শতস্কন্ধ-ৰাৱণবধ।

পদ্য ও গদ্য ছন্দে
শ্ৰীকমল চন্দ্ৰ ডেকা, গোসাইৰ দ্বাৰা
ৰচিত।

ধৰ্ম পুস্তক এণ্ড কোং দ্বাৰা
প্ৰকাশিত।

আসাম যোৰহাট, পোঃ আঃ,চিনা মৰা।
⸻⸻
প্ৰথম তাঙ্গৰণ
⸻⸻
কলিকতা

১২২ নং আমহাৰ্ষ্ট ষ্ট্ৰীট, “ৰাধাৰমণ

শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তীৰ দ্বাৰা মুদ্ৰিত।

 

[  ]

 

পাতনি।


 আমি এই সৰু পুথি খনি বহু পৰিশ্ৰম কৰি ৰচনা কৰিলো এই পুথি পূৰ্ব্বেও ছপা আছিল, এইবাৰ আমি আগতকৈ কলেৱৰ কিছু ডাঙ্গৰ কৰা হল। দাম আগৰ ৵৹ আনাকে ৰাখিলো। তলত কিছু গদ্য কৰি দিয়া হৈ তাত, গোটেই খনি পুথিৰ সংক্ষেপ বিৰৰণ দিয়া হল, পাছ বাৰ ছপা কৰোতে ই আত কও কলেৱৰ আৰু বেছি কৰিবৰ মন আছে। আসা কৰো, জ্ঞানী গুণী সকলে যেন ই আৰ একো খনি হাটত লয় তেনে হলে আমা যত্ন ও পৰিশ্ৰম সিদ্ধি হল বুলি মানিম। ইতি


১৯০৭
সন।
শ্ৰীকমলচন্দ্ৰ ডেকা গোসাই
লেটুৰ গ্ৰাম সত্ৰ কৰাঙ্গা।
 

[  ]
 

শ্ৰীশ্ৰীৰামচন্দ্ৰায়ে নমঃ


শতস্কন্ধ ৰামায়ণ।


ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে।
ৰঘু নাথায় নাথায় সীতায় পতয়ে নমঃ॥


পদ।

জয় জয় ৰঘুবংশ দেৱ শিৰোমণি।
ভকত জনৰ গতি পাপৰ অগনি॥
চৰণ ধিৱাই যাৰ ব্ৰহ্মা মহেশ্বৰে।
ৰামৰ চৰিত্ৰ কথা শতস্কন্ধ মৰে॥
আন দেৱতাৰ কিছু নাহিকে বৰাই।
দণ্ড বিনে সংসাৰত কিছু আৰ নাই॥
ৰামৰ চৰিত্ৰ কথা শতস্কন্ধ মৰে।
এক মনে শুনলে পাতকী সবোতৰে॥

[  ]

ৰাৱণক মাৰি ৰামে সীতাক আনিলা।
অযোধ্যাত ৰাজ্য ভোগ কৰি মহালীলা॥
সীতা সমে ৰামে পাছে আছে ৰঙ্গ কৰি।
অসংখ্য নৃপতি থাকে যোগানক ধৰি॥
এক দিনা ৰামদেৱ প্ৰভু ভগৱন্ত।
ৰতিৰস কালে দুয়ো কথা কহিলন্ত॥
ৰামে বোলে শুনা প্ৰিয়া আমাৰ বচন।
ৰাৱণক মাৰিলোহো তোমাৰ কাৰণ॥
তাহাক মাৰিলে পাও তোমাক সাক্ষাত
অদ্যাপি থাকিলা হন্তে লঙ্কা নগৰত॥
এহি বুলি বীৰত্ব কহিলা নাৰায়ণ।
শুনি সীতা গোঁসানীৰ নসহে পৰাণ॥
কোন গৰ্ব্ব কৰা তুমি দেৱ নাৰায়ণ।
পূৰ্ব্বে লিখিয়াছে যাৰ যাহাত মৰণ॥
পৰাক্ৰম কহা প্ৰভু মোহোৰ আগত।
ইন্দ্ৰজিত বধ নকৰিলা কেন মত॥
লক্ষ্মণে মাৰিলে তাক তুমি নেমাৰিলা।
ইয়ো দন্দ সালি মোৰ “মনত ৰহিলা”॥
ৰামে হেন বাণী শুনি সীতাৰ সাক্ষাত।
স্ত্ৰীজাতি পুৰুষত না পাই সঞ্জাত॥
ৰাক্ষসৰ মাজে থাকিলাহা আজি ধৰি।
নানা পৰাক্ৰম কৰি আনিলো উদ্ধাৰি॥

[  ]

সীতা বোলে শুনা ৰঘুবংশ শিৰোমণি।
ৰাক্ষস শুকান বন তুমিসি অগনি॥
কিন্তু এক পুৰুষাৰ্থ দেখায়ো আমাক।
বধিয়োক শতস্কন্ধ বীৰ ৰাৱণাক॥
তাৰ বধ লিখিয়াছে মোহোৰ হাতত।
তাহাক সংহৰা লোক নাহি জগতত॥
সীতাৰ শুনিয়া বাণী দেৱৰঘুৰায়।
প্ৰভাতত মাতলিক আনিলা মতাই॥
শুনিয়ো মাতলি ৰথ সাজ এতিক্ষণ।
একবাৰ পৃথিবীক কৰো প্ৰযতন॥
প্ৰণাম কৰিয়া সাৰথিয়ে বোলে বাক।
ধনুশৰ কিবা লাগে কহিয়ো আমাক॥
ৰামে বোলে নলাগয় বহুত অস্ত্ৰক।
শীঘ্ৰ কৰি ৰথখান সাজি “আনিয়োক”॥
তেতিক্ষণে ৰথ আনি ত্বৰিতে যোগাইলা।
প্ৰণাম কৰিবে আসি লক্ষ্মণে দেখিলা॥
প্ৰণাম কৰিয়া বোলে দাদা দেৱ হৰি।
কোন স্থানে যোৱা তুমি মোক ছদ্ম কৰি॥
ৰামে বোলে শুনা বাপু প্ৰাণৰ ভয়াই।
পৃথিবীক পৰ্য্যতন কৰিবো লীলাই॥
লক্ষ্মণে বোলয়, দদা কহিৱো সকাল।
একস্বৰে যাইবা তুমি নেদেখোঁজা ভাল॥

[  ]

ৰামচন্দ্ৰে কহিলেক ৰহি কতোক্ষণ।
উপহাসে সীতা মোক বুলিলে বচন॥
ৰাৱণৰ যত বংশ মাৰিলোঁ লীলাই।
তথাপি সাতাৰ মনে নোহো মূণিষাই॥
শতস্কন্ধ বাৱণক পাৰোঁ মাৰিবাক।
তেবে সীতা পুৰুষাৰ্থ বুজাই আমাক॥
এনেকতে যুদ্ধ কৰি মাৰিবোহো তাক।
শুনিয়ো লক্ষ্মণে কিছু নুবুলিলা বাক॥
ৰথে চৰি গৈলা দুয়ো উত্তৰ দিশক।
ছয় মাসে পাইলা দেশ সিংহলাদ্বীপক॥
পশু মৃগ আদি যত যত আছে তাত।
দুই তিনি শিৰ সিটো দেখিলা সাক্ষাত॥
এক মুণ্ড নাহি একো পশু পিপৰাৰ।
মনুষ্যৰ চাৰি চয় শিৰ অনিৰ্ব্বাৰ॥
দ্বাৰপাল আগে ৰথ ৰাখিয়া বোলয়।
আমা সাৰ বাৰ্ত্তা আগে কহ দ্বাৰিতয়॥
দ্বাৰপালে বলে কহ তই কোন জন।
নৃপতিত কৈবো কিবা কহিয়ো বচন॥
শুনি ৰামে কহে দ্বাৰি শুনা মন কৰি।
অযোধ্যাৰ ৰাজা আমি ফুৰোঁ ৰণ কৰি॥
তোমাৰ ৰাজাৰ লগে আইলো যুজিবাৰ।
শীঘ্ৰ কৰি কহ কথা বিলম্ব নকৰ॥

[  ]

খল খলি হাসি দ্বাৰি বুলিয়া ৰুষিলা।
এটি মুণ্ড লৈয়া যুদ্ধ কৰিবে আসিলা॥
হাসিবেক নৰ নাৰী যাওক তুমি ঘৰ।
নমৰিবি প্ৰাণ ৰাখি পলাও সত্বৰ॥
দেখিয়ো মোহোৰ মুণ্ড আছে ষোলখন।
দুই তিনি সাৰি মুণ্ড দেখা বিদ্য মান॥
ৰামে বোলে দ্বাৰি তোৰ কিছু হানি নাই
মাৰিবোহো আমি, তই বাৰ্ত্তাক জনাই॥
হাসি চলি গৈলা দ্বাৰি ৰাজাৰ নিলয়।
প্ৰণাম কৰিয়া পাছে বোলন্ত বিনয়॥
অযোধ্যাৰ ৰাজা আসে এটি এটি শিৰ।
যুজিবে আসিছে সিটো কহে বৰ বীৰ॥
শীঘ্ৰ কৰি আসিয়োক শতস্কন্ধ ৰায়।
আমাসাৰ আগে বাৰ্ত্তা পঠাইছে জনাই॥
শুনি ৰাজা আসনৰ উঠি তেতিক্ষণ।
দ্বাৰ হন্তে আসি দেখে শিশু দুইজন॥
কৈৰ পৰা আইলা তুমি থাকা কোন থাই
আমাৰ ভুবনে আইলা কি বা মুণিযাই॥
ৰামে বোলে শুনা ৰাজা আমাৰ কাৰণ।
অযোধ্যাৰ ৰাজা দশৰথৰ নন্দন॥
আমা সাৰ নাম জানা ৰাম যে লক্ষ্মণ।
বিলম্ব নকৰি যুদ্ধ দেহ এতিক্ষণ॥

[ ১০ ]

শতস্কন্ধে বোলে জানো তোমাৰ প্ৰতাপ।
ৰাৱণক মাৰি তুমি আনিলা সীতাক॥
নোহোতিৰী চোৰ দশ মূৰীয়া ৰাৱণ।
আমা সাৰ সঙ্গে তুমি কিক কৰা ৰণ॥
আপোনা নগৰে চলি যাহ ৰঙ্গ কৰি।
আপোনাক ৰাখি যাহ ইহাত নমৰি॥
ৰামে বোলে কপট চাৰিয়া দেহ ৰণ।
যুদ্ধ অভিলাষে আইলো তোমাৰ ভবন॥
শতস্কন্ধে হাসি হাত খান মেলি দিলা।
ৰথে ধৰি তৈৰ পৰা অযোধ্যাত থৈলা॥
পাছে ৰামে পাইল দেখা আপোন নগৰ।
অদ্ভূত দেখিয়া কৰ্ম্ম ভৈল থৰমৰ॥
লক্ষ্মণক বোলে বাপু হেলা পৰিহৰ।
ৰথধ্বজ সেনাগণ আনা বহুত্বৰ॥
ৰামৰ আদেশে সেনা অনেক আনিলা।
দুই মাস পথ যুৰি সেনায়ো লৰিলা॥
পুনৰপি দুইৰো আগে বুলিলা বচন।
শীঘ্ৰে যুদ্ধ দেহ পুনৰপি কৰোঁ ৰণ॥
আসি দ্বাৰি ৰাজাত কহিলা কথা যত।
বাজ ভৈল শতস্কন্ধ সচল পৰ্ব্বত॥
হাসি বোলে কিনো তুমি পৰম দন্দুৰ।
নাহিকয় চক্ষু তোৰ দেখোঁ দুৰাচাৰ॥

[ ১১ ]

ৰামে বোলে বীৰ তুমি যুদ্ধত প্ৰধান।
শৰ প্ৰহাৰোহোঁ মই হোৱা সাবধান॥
এহি বুলি ধনুশৰ ধৰি ৰঘুৰাই।
গাৱে শৰ মাৰে তাৰ ভ্ৰুভঙ্গ নাই॥
স্বৰ্গত লাগিল দেহ মুণ্ড দানৱৰ।
নপৰয় শৰ তাৰ আঠুৰ উপৰ॥
পাছে শতস্কন্ধ বীৰে হাতে ধৰি গদা।
সমস্তে সেনাক নাশ কৰিলে সৰ্ব্বদা॥
ৰথধ্বজ পদাতি কৰিলে সবে চন্ন।
হাতে পাৱে ধৰি নিল ৰাম যে লক্ষ্মণ॥
ডাঙ্গি ধৰি পুনৰ্ব্বাৰ অযোধ্যাত থৈলা।
বজ্ৰ হাতে আঁটিলেক চেতন হৰিলা॥
কতো বেলি সুস্থ ভৈল ৰঘুবংশ নাথ।
লাজে অধোমুখ হুয়া ছপৰাইলা মাথ॥
লক্ষ্মণক বোলে বাপু কিবা চাস আৰ।
দূত পঠাই বীৰ বাপু অনাও আমাৰ॥
বিভীষণ, অঙ্গদ, সুগ্ৰীৱ, হনুমান।
সমস্তে আসোক অস্ত্ৰ শস্ত্ৰও প্ৰধান॥
তেতিক্ষণে দূত পঠাই দিলন্ত লক্ষ্মণ।
তিনি অক্ষৌহিণী সেনা নিশানৰগণ॥
ৰঙ্গ কৰি আসিলেক বিভীষণ ৰায়।
সুগ্ৰীৱ অঙ্গদ আইল ৰাঘৱৰ ঠাই॥

[ ১২ ]

দুই অক্ষৌহিনী সেনা ভালুক বানৰ।
পঞ্চ অক্ষৌহিনী সেনা ধানুকি নৃপবৰ॥
হনুমান বীৰ আসি আদেশে ৰামৰ।
কিনো অপমান প্ৰভু ভৈল আপোনাৰ॥
ব্ৰহ্মা বিষ্ণু মহেশ কুবেৰ যমৰায়।
কোন দিশে অপমান ধৰি আনো যায়॥
ৰামে বোলে শুনা মোৰ দুখৰ সহায়।
শতস্কন্ধে অপমান দিছে মোৰ ঠাই॥
পাছে হনুমন্তে কোপে আতাসেক দিল।
স্বৰ্গ মৰ্ত্ত্য পাতালত “খলক” লাগিল॥
সৰ্ব্ব সৈন্য যোৰাইলেক চমাহৰ পথ।
নাকলয় একোদিশ যুৰি যায় ৰথ॥
শতস্কন্ধ অসুৰৰ নগৰক পাইলা।
দ্বাৰপাল বীৰ সবে বাৰ্ত্তাক জনাইলা॥
শুনি খঙ্গে দেখি আইলা শতস্কন্ধ ৰায়।
পুনৰ্ব্বাৰ আইলি ৰাম তোৰ লাজ নাই॥
যমপুৰে যাইবি তয় সৈন্য সমন্নিতে।
এহি বুলি গদা গোট ডাঙ্গিলা ত্বৰিতে॥
সবাহাৰ উপৰত কোব এক মাৰি।
সুগ্ৰীৱ অঙ্গদ বিভীষণক সংহাৰি॥
ৰাম লক্ষ্মণ মৰি ঢলিয়া পৰিলা।
দেৱতাৰ বৰে হনুমান যে থাকিলা॥

[ ১৩ ]

মৃতকৰ বেশে বায়ুসুত আছে পৰি।
জানো শতস্কন্ধ পাপি মোক নেই ধৰি॥
অসুৰ চলিয়া পাছে নিজ গৃহে গৈলা।
চাপ চোপ কৰি হনুমন্ত যে উঠিলা॥
ৰামক বিচাৰি পাইলা সৈন্যৰ মাজত।
পড়ি আছে দুই ভাই মৰা যেন মত॥
পাৱে পৰি হনুমন্তে কৰন্ত বিলাপ।
কৈক গৈলা প্ৰাণ প্ৰভু জগতৰ বাপ॥
দেখা সামাজিক কেন লীলা গোবিন্দৰ।
আপুনি মৰিলা কথা ৰাখিলা সীতাৰ॥
ভকতবৎসল তুমি জানিবাহা সাৰ।
বোলা ৰাম হৰি হোৱা সংসাৰৰ পাৰ॥

⸻⸻

হনুমানৰ বিলাপ।

খন্দ-লেছাৱি।

বৈকুণ্ঠৰ পৰা আইলা দেৱ,   নাহিকেৱ,
তোমাত বিনাই দেৱ নাহি নাহি আন।
লক্ষীৰ নায়ক তুমি হৰি,   আচাপৰি,
জগত জীৱন কৰিয়োক পৰিত্ৰাণ॥
ৰাৱণক মাৰি সীতা আনি,   চক্ৰপাণী,
অযোধ্যাত ৰাজা হৈয়া আছা কতকাল।

[ ১৪ ]

অসুৰৰ হাতে গৈল প্ৰাণ,   প্ৰভু ৰাম,
হে প্ৰভু তুমি কৰি আচামায়া ভাল॥
কৈয়ো বাৰ্ত্তা সীতা গোঁসানীত,   সলোকত,
কৈত এৰি আইলা মোৰ স্বামী দেৱনাথ।
এহি বুলি মাৱ ভগৱতী,   শোকঅতি,
কোপ কৰিবেক ভৈলোহো মই অনাথ॥
এহি বুলি পাৱে পৰি বীৰ,   নুহি থিৰ,
প্ৰভু ৰঘুনাথ কেনে নেদা সমিধান॥
তোমাৰ চৰণ উপৰত,   অবিকলে,
নানা পৰাক্ৰম আচৰিলো থানে থান॥
অনুগ্ৰহ কৰাঁ ৰামদেৱ,   নাহিকেৱ,
মোহোৰ সহায় অৱশ্যেকে আন নাই।
বল নাহি মোৰ শৰীৰত,   আশকত,
শত মুণ্ড হাতে বীৰত্ব ভৈলেক ঠাই॥
সিংহলা দ্বীপত অসুৰৰ,   সাগৰত,
মোৰ মনে প্ৰভু উভাৰি দিও পেলাই।
শৰীৰক মোৰ নিজিজ্ঞাসী,   আলছিয়া,
সূৰ্য্য অবিহনে চক্ষুৰ তৃপিতি নাই॥
জগত জননী আছা লক্ষ্মী,   অৱতৰি,
স্বামীৰ কাৰ্য্যক সাধিবাহা “তুমি আই।”
এহি বুলি হুনুপাৱ এৰি,   গৈলালৰি,
নিমিসেকে গৈয়া অযোধ্যা নগৰ নাই॥

[ ১৬ ]

তেতিক্ষণে মাথা পাতি গোঁসানীক গৈল।
সিংহ দ্বাপ নগৰত প্ৰবেশ কৰিলা॥
দেখিলেক মৃতপ্ৰায় ৰাম যে লক্ষ্মণ।
শোকানল ক্ৰোধে দেবী তবধ নয়ন॥
ঘোৰ মূৰ্ত্তি ধৰি পাছে শৰীৰ বঢ়াইলা।
স্বৰ্গত লাগিল শিৰ ভয়ঙ্কৰ ভৈলা॥
লহ লহ জিহ্বাখান আটাসেক দিলা।
সিংহলা দ্বীপক সবে পুৰি চাই কৈলা॥
থাকিল জীৱাই শতস্কন্ধ দুৰাচাৰ।
দেখিলেক নৰ নাৰী ভৈল চাৰখাৰ॥
গোঁসানীৰ সমুখ ভৈলেক তেতিক্ষণ।
গঙ্গা মুদ্গৰ অন্য অন্য শৰগণ॥
মহাখঙ্গে প্ৰহাৰয় পৰম দুৰ্জ্জন।
শৰীৰত পৰি অস্ত্ৰ সবে ভৈল চন্ন॥
জগত জননী শ্যামা ৰূপ আছে ধৰি।
প্ৰভাৱ নজানি পাপিতাঙ্ক গৈলাবাঢ়ি।
যিটো গদা গোটে ৰাম লক্ষ্মণ মাৰিল।
সেহি গদা গোট পাছে হানিয়া পঠাইল॥
শৰীৰৰ শোক অগ্নি দূৰতে পুৰিলা।
অস্ত্ৰ এৰি শতঃস্কন্ধ গুণিতে লাগিলা॥
পূজি আছোঁ দুৰ্গামাৱ মই আজি ধৰি।
কাতোহন্তে মৃত্যু নৌক কৈলে নিস্তকৰি॥

[ ১৭ ]

ৰাম লক্ষণ দুই হৰি অৱতাৰ।
দেবীৰ কপটে মই ভৈলো বুণ্ডামাৰ॥
মোৰ সম জগতত জানো “আন” নাই।
কৈৰ শ্যামা ৰূপ ধৰি আসিলেক ঠাই॥
এহি বুলি জাম্প দিয়া গলত ধৰিলা।
যেন গিৰি শিখৰত ফৰিঙ্গ পৰিলা॥
শতস্কন্ধ মাংস সব কামুৰিয়া খাই।
সেহি তেজে ঘোৰ এক নদী বহিযাই॥
সাত দিন শতস্কন্ধ গাৱত আছয়।
ক্ৰোধানলে দেবীগাৱে শ্ৰুতি নপাৱয়॥
উৰ্দ্ধমুখে জাম্পদিয়া প্ৰকৃতি ফুৰই।
দেৱতাগণৰ মধ্যে প্ৰলয় মিলই॥
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কুবেৰ প্ৰভৃতি।
আসিল সমস্ত ঋষিগণ, নিগদতি॥
সৃষ্টি নষ্ট যায় সসাগৰা বসুমতী।
সবে কহে বিষ্ণু আগে কৰিয়া প্ৰণতি॥
বিষ্ণু বোলে ব্ৰহ্মা শুনা মোহোৰ বচন।
জীৱায়ো সত্বৰ কৰি ৰাম যে লক্ষ্মণ॥
পাছে ব্ৰহ্মা ৰাঘৱত স্তুতি আৰম্ভিলা।
সমস্তে সংসাৰ প্ৰভু কটাক্ষে স্ৰজিলা॥
জীৱন মৰণ তযু কিছু নাহি কয়।
অগতিৰ গতি তুমি দেৱ কৃপাময়।

[ ১৮ ]

দানৱ দলন দুষ্ট সব বিনাশন।
ভকত জনৰ গতি দাতা নাৰায়ণ॥
সৃষ্টি নষ্ট যাই দেখা মৰে দেৱগণ॥
পূৰ্ব্বে আমাসাক কেনে কৰিলা সৃজন॥
তোমাৰেসে ভাৰ্য্য সীতাদেবী ভগৱতী।
তোমাৰ বিহনে নষ্ট কৰয় সম্প্ৰতি॥
এহি বুলি সবে দেৱে কৰি কৃতাঞ্জলি॥
উঠিলা লক্ষ্মণ ৰামদেৱ “মহাবলি’’॥
সমস্তে দেৱক পাছে প্ৰণাম কৰিলা।
হনুমন্তে আগে পাছে কাৰ্য্য নিয়মিলা॥
হনুমন্তে বোলে প্ৰভু দেৱ ৰঘুপতি।
তোমাৰ বিহনে সীতা হৈছে বিসঙ্গতি॥
শ্যামাৰূপ ধৰি শতস্কন্ধ সংহাৰিলা।
সমস্তে জগতে ঘোৰ প্ৰলয় মিলিলা॥
পাছে ৰামচন্দ্ৰে সেহি ৰূপক দেখিলা।
দেৱতাগণৰ মাজে উঠিলৰ দিলা॥
ভয়ঙ্কৰ ৰূপ স্বৰ্গ চুই আছে কায়।
ৰিঙ্গপাৰি দশন প্ৰকটি ফুৰে ধাই॥
পাছে আলচিয়া সবে কথা গুণি পাইলা।
হনুক চাহিয়া সবে বচন বুলিলা॥
শুনা বাপু শান্ত কৰা সীতাৰ “কোপক
সীতাৰ দুৰ্ঘোৰ ৰূপ গুচাওক তাক॥

[ ১৯ ]

পাছে হনু সবাহৰ পাৱে প্ৰণামিলা।
দেবীৰ পাৱত দুই হাত আৰোপিলা॥
পাৱেপৰি বায়ুসুতে আছে স্তুতি কৰি।
মহাক্ৰোধে সীতা দেবী ফুৰয় লৱৰি॥
অসংখ্যাত স্তুতি কৰি আছে হনুমান।
শান্ত হৈয়া সীতা পাছে দিলা সমিধান॥
স্বামী বধিকৈক গৈল কহ নিষ্ট কৰি।
হনু বোলে শুনামাৱ সিটো গৈলমৰি॥
দেখা ৰাম লক্ষ্মণ, সুগ্ৰীব, বিভীষণ।
জীৱন্তে আছয় দেখা বালিৰ নন্দন॥
দেৱতাগণক প্ৰতি বুলিলাত হিত।
অধোমুখ হৈয়া মাৱ ভৈলেক লজ্জিত॥
সমস্তে দেৱতা গৈল নিজ নিজ স্থান।
ৰামৰ চৰণ সেবি কৰিলা পয়ান॥
অযোধ্যাক গৈল “ৰামচন্দ্ৰ ৰঙ্গমন”।
শুনা সমাজিক ইটো কথা ৰামায়ণ॥
দেখা দেখা নৰলোক গোবিন্দৰ লীলা।
সীতাপতি ভৰ্ত্তা প্ৰভু আপুনি ৰাখিলা॥
ভকত বৎসল “ৰাম” দেৱ নাৰায়ণ।
জানিয়া সত্বৰে সেৱা ৰামৰ চৰণ॥
মিচা ধনজন পুত্ৰ ভাৰ্য্যা অকাৰণ॥
চাইমাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥

[ ২০ ]

যমৰ মূৰ্ত্তিক দেখি হইব চেতন।
“ঘোৰ” নৰকত পেলাই ভুঞ্জাইব যাতনা॥
প্ৰকাশিৱা আছে তৈতে দেৱতা ঈশ্বৰ!
দেখিয়ো নেদেখা কেনে অধম পামৰ॥
যাগে যোগে নলাগে ব্ৰততো কাৰ্য্য নাই।
কেৱল কহিছে ভক্ত সমে গতি পাই॥
মহন্তৰ মুখে কথা শুনা পূৰ্ব্বাপৰ।
লভিবা মুকুতি, পথ বিফল নকৰ॥
এতেকতে ধৰা সবে মাধৱৰ নাম।
আলাশ তেজিয়া ডাকি বোলা ৰাম ৰাম॥

[ ২১ ]


ৰাম আৰু সীতাৰ কথোপকথন।

ৰাম।— প্ৰিয়া, মই তোমাৰ কাৰণেহে, ৰাৱণক, মাৰিলো। ৰাৱণক নমৰা হলে তুমি, কেতিআও, আহিব নোৱাৰা, এতি আও, লঙ্কাত থাকিলা হেতেন।

সীতা।— প্ৰভু আপোনাৰ কৃপাত, এই শ্ৰীচৰণ সেৱা কৰিবলৈ পালোঁ।

ৰাম।— বহুত পৰিযত্ন কৰিহে, মাৰিলো, অন্যেহলে কেতি আও, নো আৰে।

সীতা।— প্ৰভু আপুনি, মিছা কথা কৈছে। যাৰ হাতত, যিমৰিব লাগে, অৱশ্যে, মৰিব। ইন্দ্ৰজিতক, আপুনি কিয়, নেমাৰিলে, লক্ষ্মণে যে মাৰিলে, এই কথা মোৰ মনত, বৰ আশঙ্কা হৈছে, মোক উত্তৰ কক।

ৰাম।— তুমি স্ত্ৰী জাতি, একো নেজানা, মোমায়ে কাঠ কাতে, ময়ে পাণী যেন দেখে, ছোৱা চোন, মই ৰাৱণক, নমৰা হলে তুমি, কেনে কৈ আহিলা হেতেন, মই ৰাৱণক মাৰিবলৈ ক’ত, পৰি যত্ন কৰি, সাগৰত, সেতু বান্ধিলো, লঙ্কা নগৰ চৰ্ণ [ ২২ ] কৰিলো, লক্ষ লক্ষ ৰাক্ষস মাৰিলো, তেহে তোমাক, আনিব পাৰিলো, তুমি নিনগৰ পৰা বহি থাকি কব পাৰা তোন।

সীতা।— প্ৰভু আপুনি মহা অগ্নি ৰাক্ষস বিলাক শুকান কাষ্ট কিন্তু এটা কথা আপুনি বাৰু শতস্কন্ধ ৰাৱণক মাৰগৈ তেহে ময় মুনি সাই আৰু বীৰত্ব বুজিব পাৰিম। আপোনাৰ কিমান প্ৰতাপ তাৰ হলে মোৰ হাতত হে মৃত্যু লেখিছে।

ৰাম।— তেনে হলে ময় কাইলৈ মাৰিম গৈ। সাৰথি তুমি বেগতে ৰথ খান আনা।

সাৰথি।— প্ৰভু আপোনাৰ বাক্য শিৰো ধাৰ্য্য। ধনু শৰ আনিব লাগিবনে।

ৰাম।— শৰ ধনু অলপ লবা।

সাৰথি।— প্ৰভু ৰথ আনিলো। ইতিমধ্যে লক্ষ্মণে দেখে।

লক্ষণ।— দদা আপুনি যুদ্ধৰ সাজেৰে ওলাল মোক এৰি কলৈবা যাই।

ৰাম।— ভাই মই আৰু এবেলি পৃথিবী ফুৰি আহো।

লক্ষ্মণ।— দদা তেনে হলে ময়ো যাও মোক নেৰিব।

ৰাম।— আৰু তুমিও ওলোৱা।

লক্ষ্মণ।— দদা কাৰণ জানিব খোজো।

ৰাম।— সীতাই আজি মোক বৰ উপহাস কৰিলে ৰাৱণৰ, সবংশে, মাৰিলো তেও সীতাৰ মানত বীৰ [ ২৩ ] বোলাব নোৱাৰিলো শতস্কন্ধ ৰাৱণক মাৰিব পাৰি লেহে সীতাই আমাক বীৰ বুলি জানিব, এতেকে শতস্কন্ধ ৰাৱণক মাৰিবলৈ যাও।

 এই বুলি ৰথত উথি দুই ভাই উত্তৰ দিসলৈ প্ৰস্থান। সিহাঁল দ্বীপ পাই দ্বাৰিক যি বোলে।

ৰাম।— দ্বাৰি ৰাজাৰ আগত কোৱাগৈ আমি দেখা পাওঁ।

দ্বাৰি।— মই কি কম পৰিচয় দিয়া।

ৰাম।— আমি অযোধ্যাৰ ৰাজা যুদ্ধ কৰিবৰ ইস্যাৰে আহিলো।

দ্বাৰি।— ( হাহি পেলাই)। এতা মুৰলৈ তুমি যুদ্ধলৈ আহিলা আমাৰ সেনা বোৰে তোমাক দেখিলে হাহিবহে চোৱা মোৰে ষোলেতা মুৰ তুমি উলতি ঘৰলৈ যোৱা যুদ্ধ কৰিলে নিশ্চয় মৰিবা।

ৰাম।— মই মৰিলে তোৰ একো হানি নহই ৰাজাৰ আগত কগৈ।

( দ্বাৰিৰ প্ৰস্থান ৰজাৰ ওচৰত )।

দ্বাৰি।— স্বৰ্গ দেউ এত এতা মুৰেৰে অযোধ্যাৰ ৰাজা আহিছে।

শতস্কন্ধ।— ৰামৰ ওচৰলৈ গৈ। তোমা লোক কৰপৰা আহিলা কাৰ তনয় কত থাকা অহাৰবা কাৰণ কি জানিব খোজো। [ ২৪ ]

ৰাম।— অযোধ্যাৰ ৰাজাধিৰাজ, দশৰথৰ তনয় আমাৰ নাম, ৰাম, লক্ষ্মণ। আমি যুদ্ধ কৰি কাৰণ, তোমাৰ গুৰিলৈ আহিলো।

শতস্কন্ধ। মই তোমাৰ কথা ইতিপূৰ্ব্বে শুনিছো, তুমি দশাননক, মাৰি সীতাক উদ্ধাৰ কৰিলা। মই স্ত্ৰীছোৱ, দশমুৰিয়া ৰাৱণ নহও। মোৰ লগত কিয় যুদ্ধ কৰিবলৈ আহিলা। তুমি উলতি ঘৰলৈ যোৱা।

ৰাম।— তুমি কপত নকৰিবা। মোৰ লগত আজি নিতান্ত যুদ্ধ কৰিব লাগিব তুমি সাৰিব নোআৰা। ৰামৰ কথাত শতস্কন্ধ সদ্য নকৰি ৰাব লক্ষ্মণক ৰথে সমন্নিতে হাট মেলি অযোধ্যাত থলে। কি আচৰি কথা, চমাহৰ বাত, হাত মেলি থলে, সামান্য বীৰ নহই।

ৰাম।— ভাই লক্ষ্মণ অতি আচৰিত ই সামান্য বীৰ নহই ৰথধ্বজ সেনা সকলো লোৱ দাঙ্গৰ যুদ্ধ হব সামান্য বীৰ নহই।

লক্ষ্মণ।— যি আজ্ঞা আপোনাৰ বাক্য শিৰোধাৰ্য্য। নগ- ৰলৈ প্ৰস্থান। লক্ষ্মণে সকলো যুদ্ধৰ আয়োজন কৰি আনে দেখি ৰামে আকৌ শতস্কন্ধৰ দেশলৈ যাই।
[ ২৫ ] ৰাম।— দ্বাৰি ময় আকৌ যুদ্ধলৈ আহিলে ৰজাৰ আগত কগৈ।

( দ্বাৰিৰ প্ৰস্থান ) শতস্কন্ধৰ ওচৰ চাপি।

দ্বাৰি।— মহাৰাজ যুদ্ধৰ সাজেৰে ৰাম আকৌ আহিল।

শতস্কন্ধ।— ৰামৰ ওচৰলৈ গৈ। শতস্কন্ধ ( ৰামক চাই ) এনে নিলাজ ৰাম তোমাক এবাৰ খেদিলো আকৌ আহিলি চি, চি,।

ৰাম।— সেই কথা কব নেলাগে ময় শৰ কৰো এই সাৱধান হবি।

শতস্কন্ধ।— তোৰ মহত এতিয়া মই বুজিব পাৰিম। ৰামে শৰ মাৰে শতস্কন্ধে হাত মেলি ধৰি আকৌ অযোধ্যাত পেলাই দিলে সকলো দেখি আচৰিত হল।

আছৰিত কথা॥— সকলোৱে ভাবী চানে এতাই বোৰ, মিছা, জগতৰ ঈশ্বৰ ৰামচন্দ্ৰে এনে কাম কৰে বুলি কোনে জানিব। এতিয়া এনে কাম কৰিলে, আমাক সকলোয়ে, মন্দ বুলিব, নহয় জানো। শতস্কন্ধ ৰাৱণে, ৰামচন্দ্ৰক এবাৰকৈ নহয় দুবাৰ অযোধ্যাত হাট মেলি থলে। একি সামান্য কাম, ছমাহৰ বাত। তেও যে ৰাম ঘুৰি আহি আকৌ যুদ্ধ খোযে, শতস্কন্ধ অতি সভ্য বাবে, তেওৰ প্ৰাণ বধ নকৰি, দুবাৰ ক্ষেমিলে। প্ৰথম [ ২৬ ] বাৰ বিবেচনা কৰিলে যে এক মাৰিলে নো মোৰ কি লাভ হব। দ্বিতীয় বাৰতো ক্ষেমি, আকৌ অযোধ্যাত থলে, ৰামচন্দ্ৰকো বেয়া বুলিব নোয়াৰো কাৰণ সীতাৰ বাক্যত নিৰুস্মাহ বাবে এই ঘটনা হই। ৰামে আকৌ ডাঙ্গ ডাঙ্গ বীৰ ভালে মানেৰে আহি যুদ্ধ কৰিবলৈ আহিল। ৰামেৰে এই কথা নেজানে সেইতো নহই মাত্ৰ ঈশ্বৰৰ ইস্যা মত কাম। তৃতীয় বাৰ বিভীষণ অঙ্গদ হনুমন্ত জাম্বৱন্ত সকলোৱে আহি যুদ্ধ খোজাত সেই বাৰ শতস্কন্ধৰ নিজৰ মনক সহ্য কৰিব নোৱাৰী! আগ পাচ একো বিচাৰ নকৰি ৰাম লক্ষ্মণ আদি সকলো বীৰবোৰ গদাৰে কোবাই মাৰি পেলালে। দেৱতাৰ বৰ পোৱা হনুমন্ত নমৰিল মৰ ভাৱ যুৰি পৰি থাকিল, সকলোকে নিধন কৰি নিজৰ ঘৰলৈ উলতি গল। ঈশ্বৰৰ ইস্যা কোনে গুচাব পৰিশেষত, হনুমন্তৰ যি বৃত্তান্ত আৰু শতস্কন্ধ কেনেকৈ মৰে তাক কোৱা হব।

⸻⸻

[ ২৭ ]


হনুৰ বিলাপ।
ৰামৰ শোকত কান্দে।

হা’ হৰি হৰি,   কিকৰিলা বিধি,
  এভো প্ৰাণ নেজাই মৰি।
কোন দোষে মোক,   এৰিলাহা নাথ,
  আমাক অনাথ কৰি॥
ৰাৱণক মাৰি,   সবংশে সংহাৰি,
  আনিলা সীতা গোসাণী।
আসি অযোধ্যাত,   লৈলা ৰাজ্য পাত,
  সেৱে সযাগৰ প্ৰাণী।
এবে মই আজি,   কিকৰিবো বুন্ধি,
 অযোধ্যা অনাথ কৈলা।
শতস্কন্ধ হাতে,   মৰিলা সবংশে
  অযোধ্যা শ্মশান কৈলা॥
উঠ। প্ৰভু দেৱ,   চৰণত সেৱ,
  কৰো তিনি সাত বাৰ।
কমল চন্দ্ৰ দীন,   ভকতি বিহিন;
  গুৰুপদে নমস্কাৰ॥


হনু।—মই আত কান্দি থাকিলে কি হব মাতৃৰ গুৰিলৈ যাও।

 জাপ মাৰী আযোধ্যা পাই সীতাক সকলো বৃত্তান্ত কয় সীতাৰ মৰিল দগধ হল হনুমানৰ দিঙ্গিও ধৰি বহুত কান্দিলে। [ ২৮ ]

সীতা।—হনু মোক বেগতে প্ৰভুৰ গুৰিলৈ লোৱা।

হনুমান।—ভাল মাতৃ যি আজ্ঞা।

 সীঙ্গল দ্বীপ পাই, সীতা গোসাণীয়ে ৰাম লক্ষ্মণক, নিৰীক্ষণ কৰি, অনেক কান্দে পাছ মহাকাল মূৰ্ত্তি ধাৰণ কৰি, শতস্কন্ধ ৰাৱণৰ লগত, মহা যুদ্ধ আৰম্ভ কৰি, শতস্কন্ধক ৰাৱণৰ পছকা মাৰী ধৰি দিঙ্গি চিঙ্গি পেলালে গোসাণীৰ ঘোৰ মূৰ্ত্তি দেখি, সকলো বিস্ময় হয়, গোসা- ণীৰ ঘোৰ ৰূপ দেখিবলৈ ব্ৰহ্মা, বিষ্ণু, ইন্দ্ৰ চন্দ্ৰ, আদি দশ দিগপাল, দেৱতা সকল আহে, গোসাণীৰ ৰূপ দেখি, সকলো বিশ্ৰুতি হয়, পাছে বিষ্ণুয়ে হনুক কলে তুমি গোসাণীৰ কোপ শান্ত কৰা, হনুমন্তে বিষ্ণুৰ বাক্য শিৰতলৈ গোসা- ণীৰ পাৱত পৰি, কাকুতি কৰি কোপ শান্ত কৰিলে।

বিষ্ণু।— প্ৰজাপতি তুমি ৰাম লক্ষ্মণক জিৱ প্ৰদান কৰা।

 ব্ৰহ্মাই ৰাম লক্ষ্মণৰ ওচৰ চাপি স্তুতি কৰি ৰাম লক্ষ্মণৰ প্ৰাণ ধাৰণ কৰালে। গোসাণী কাল মূৰ্ত্তি দেখি ৰাম লক্ষ্মণ নিৰুৎসাহ হৈ থাকে। গোসাণীয়ে, ৰাম লক্ষ্মণক জীবিত দেখি কোপ শান্ত হল। সকলো দেৱতা বিলাক নিজ স্থানলৈ গল। ৰাম, লক্ষ্মণ, সীতা, হনুমান, আদি সকলো অযোধ্যালৈ আহিল।

ইমানতে আমাৰ কথা শেষ হল। সকলোয়ে ভাবী চাব।

 কিমৰ্থং মিহ মা গত॥

১৯০৭ সন।
প্ৰকাশক।
শ্ৰীকমলচন্দ্ৰ ডেকা গোসাই।


This work is in the public domain in the United States because it was published before January 1, 1923.


The author died in {{{1}}}, so this work is also in the public domain in countries and areas where the copyright term is the author's life plus 70 years or less. This work may also be in the public domain in countries and areas with longer native copyright terms that apply the rule of the shorter term to foreign works.