পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪)


ৰাৱণক মাৰি ৰামে সীতাক আনিলা।
অযোধ্যাত ৰাজ্য ভোগ কৰি মহালীলা॥
সীতা সমে ৰামে পাছে আছে ৰঙ্গ কৰি।
অসংখ্য নৃপতি থাকে যোগানক ধৰি॥
এক দিনা ৰামদেৱ প্ৰভু ভগৱন্ত।
ৰতিৰস কালে দুয়ো কথা কহিলন্ত॥
ৰামে বোলে শুনা প্ৰিয়া আমাৰ বচন।
ৰাৱণক মাৰিলোহো তোমাৰ কাৰণ॥
তাহাক মাৰিলে পাও তোমাক সাক্ষাত
অদ্যাপি থাকিলা হন্তে লঙ্কা নগৰত॥
এহি বুলি বীৰত্ব কহিলা নাৰায়ণ।
শুনি সীতা গোঁসানীৰ নসহে পৰাণ॥
কোন গৰ্ব্ব কৰা তুমি দেৱ নাৰায়ণ।
পূৰ্ব্বে লিখিয়াছে যাৰ যাহাত মৰণ॥
পৰাক্ৰম কহা প্ৰভু মোহোৰ আগত।
ইন্দ্ৰজিত বধ নকৰিলা কেন মত॥
লক্ষ্মণে মাৰিলে তাক তুমি নেমাৰিলা।
ইয়ো দন্দ সালি মোৰ “মনত ৰহিলা”॥
ৰামে হেন বাণী শুনি সীতাৰ সাক্ষাত।
স্ত্ৰীজাতি পুৰুষত না পাই সঞ্জাত॥
ৰাক্ষসৰ মাজে থাকিলাহা আজি ধৰি।
নানা পৰাক্ৰম কৰি আনিলো উদ্ধাৰি॥