পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১ )


বোলাব নোৱাৰিলো শতস্কন্ধ ৰাৱণক মাৰিব পাৰি লেহে সীতাই আমাক বীৰ বুলি জানিব, এতেকে শতস্কন্ধ ৰাৱণক মাৰিবলৈ যাও।

 এই বুলি ৰথত উথি দুই ভাই উত্তৰ দিসলৈ প্ৰস্থান। সিহাঁল দ্বীপ পাই দ্বাৰিক যি বোলে।

ৰাম।— দ্বাৰি ৰাজাৰ আগত কোৱাগৈ আমি দেখা পাওঁ।

দ্বাৰি।— মই কি কম পৰিচয় দিয়া।

ৰাম।— আমি অযোধ্যাৰ ৰাজা যুদ্ধ কৰিবৰ ইস্যাৰে আহিলো।

দ্বাৰি।— ( হাহি পেলাই)। এতা মুৰলৈ তুমি যুদ্ধলৈ আহিলা আমাৰ সেনা বোৰে তোমাক দেখিলে হাহিবহে চোৱা মোৰে ষোলেতা মুৰ তুমি উলতি ঘৰলৈ যোৱা যুদ্ধ কৰিলে নিশ্চয় মৰিবা।

ৰাম।— মই মৰিলে তোৰ একো হানি নহই ৰাজাৰ আগত কগৈ।

( দ্বাৰিৰ প্ৰস্থান ৰজাৰ ওচৰত )।

দ্বাৰি।— স্বৰ্গ দেউ এত এতা মুৰেৰে অযোধ্যাৰ ৰাজা আহিছে।

শতস্কন্ধ।— ৰামৰ ওচৰলৈ গৈ। তোমা লোক কৰপৰা আহিলা কাৰ তনয় কত থাকা অহাৰবা কাৰণ কি জানিব খোজো।