পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৭ )


খল খলি হাসি দ্বাৰি বুলিয়া ৰুষিলা।
এটি মুণ্ড লৈয়া যুদ্ধ কৰিবে আসিলা॥
হাসিবেক নৰ নাৰী যাওক তুমি ঘৰ।
নমৰিবি প্ৰাণ ৰাখি পলাও সত্বৰ॥
দেখিয়ো মোহোৰ মুণ্ড আছে ষোলখন।
দুই তিনি সাৰি মুণ্ড দেখা বিদ্য মান॥
ৰামে বোলে দ্বাৰি তোৰ কিছু হানি নাই
মাৰিবোহো আমি, তই বাৰ্ত্তাক জনাই॥
হাসি চলি গৈলা দ্বাৰি ৰাজাৰ নিলয়।
প্ৰণাম কৰিয়া পাছে বোলন্ত বিনয়॥
অযোধ্যাৰ ৰাজা আসে এটি এটি শিৰ।
যুজিবে আসিছে সিটো কহে বৰ বীৰ॥
শীঘ্ৰ কৰি আসিয়োক শতস্কন্ধ ৰায়।
আমাসাৰ আগে বাৰ্ত্তা পঠাইছে জনাই॥
শুনি ৰাজা আসনৰ উঠি তেতিক্ষণ।
দ্বাৰ হন্তে আসি দেখে শিশু দুইজন॥
কৈৰ পৰা আইলা তুমি থাকা কোন থাই
আমাৰ ভুবনে আইলা কি বা মুণিযাই॥
ৰামে বোলে শুনা ৰাজা আমাৰ কাৰণ।
অযোধ্যাৰ ৰাজা দশৰথৰ নন্দন॥
আমা সাৰ নাম জানা ৰাম যে লক্ষ্মণ।
বিলম্ব নকৰি যুদ্ধ দেহ এতিক্ষণ॥