পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৫ )


সীতা।—হনু মোক বেগতে প্ৰভুৰ গুৰিলৈ লোৱা।

হনুমান।—ভাল মাতৃ যি আজ্ঞা।

 সীঙ্গল দ্বীপ পাই, সীতা গোসাণীয়ে ৰাম লক্ষ্মণক, নিৰীক্ষণ কৰি, অনেক কান্দে পাছ মহাকাল মূৰ্ত্তি ধাৰণ কৰি, শতস্কন্ধ ৰাৱণৰ লগত, মহা যুদ্ধ আৰম্ভ কৰি, শতস্কন্ধক ৰাৱণৰ পছকা মাৰী ধৰি দিঙ্গি চিঙ্গি পেলালে গোসাণীৰ ঘোৰ মূৰ্ত্তি দেখি, সকলো বিস্ময় হয়, গোসা- ণীৰ ঘোৰ ৰূপ দেখিবলৈ ব্ৰহ্মা, বিষ্ণু, ইন্দ্ৰ চন্দ্ৰ, আদি দশ দিগপাল, দেৱতা সকল আহে, গোসাণীৰ ৰূপ দেখি, সকলো বিশ্ৰুতি হয়, পাছে বিষ্ণুয়ে হনুক কলে তুমি গোসাণীৰ কোপ শান্ত কৰা, হনুমন্তে বিষ্ণুৰ বাক্য শিৰতলৈ গোসা- ণীৰ পাৱত পৰি, কাকুতি কৰি কোপ শান্ত কৰিলে।

বিষ্ণু।— প্ৰজাপতি তুমি ৰাম লক্ষ্মণক জিৱ প্ৰদান কৰা।

 ব্ৰহ্মাই ৰাম লক্ষ্মণৰ ওচৰ চাপি স্তুতি কৰি ৰাম লক্ষ্মণৰ প্ৰাণ ধাৰণ কৰালে। গোসাণী কাল মূৰ্ত্তি দেখি ৰাম লক্ষ্মণ নিৰুৎসাহ হৈ থাকে। গোসাণীয়ে, ৰাম লক্ষ্মণক জীবিত দেখি কোপ শান্ত হল। সকলো দেৱতা বিলাক নিজ স্থানলৈ গল। ৰাম, লক্ষ্মণ, সীতা, হনুমান, আদি সকলো অযোধ্যালৈ আহিল।

ইমানতে আমাৰ কথা শেষ হল। সকলোয়ে ভাবী চাব।

 কিমৰ্থং মিহ মা গত॥

১৯০৭ সন।
প্ৰকাশক।
শ্ৰীকমলচন্দ্ৰ ডেকা গোসাই।