পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪ )


তেতিক্ষণে মাথা পাতি গোঁসানীক গৈল।
সিংহ দ্বাপ নগৰত প্ৰবেশ কৰিলা॥
দেখিলেক মৃতপ্ৰায় ৰাম যে লক্ষ্মণ।
শোকানল ক্ৰোধে দেবী তবধ নয়ন॥
ঘোৰ মূৰ্ত্তি ধৰি পাছে শৰীৰ বঢ়াইলা।
স্বৰ্গত লাগিল শিৰ ভয়ঙ্কৰ ভৈলা॥
লহ লহ জিহ্বাখান আটাসেক দিলা।
সিংহলা দ্বীপক সবে পুৰি চাই কৈলা॥
থাকিল জীৱাই শতস্কন্ধ দুৰাচাৰ।
দেখিলেক নৰ নাৰী ভৈল চাৰখাৰ॥
গোঁসানীৰ সমুখ ভৈলেক তেতিক্ষণ।
গঙ্গা মুদ্গৰ অন্য অন্য শৰগণ॥
মহাখঙ্গে প্ৰহাৰয় পৰম দুৰ্জ্জন।
শৰীৰত পৰি অস্ত্ৰ সবে ভৈল চন্ন॥
জগত জননী শ্যামা ৰূপ আছে ধৰি।
প্ৰভাৱ নজানি পাপিতাঙ্ক গৈলাবাঢ়ি।
যিটো গদা গোটে ৰাম লক্ষ্মণ মাৰিল।
সেহি গদা গোট পাছে হানিয়া পঠাইল॥
শৰীৰৰ শোক অগ্নি দূৰতে পুৰিলা।
অস্ত্ৰ এৰি শতঃস্কন্ধ গুণিতে লাগিলা॥
পূজি আছোঁ দুৰ্গামাৱ মই আজি ধৰি।
কাতোহন্তে মৃত্যু নৌক কৈলে নিস্তকৰি॥