পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫ )


সীতা বোলে শুনা ৰঘুবংশ শিৰোমণি।
ৰাক্ষস শুকান বন তুমিসি অগনি॥
কিন্তু এক পুৰুষাৰ্থ দেখায়ো আমাক।
বধিয়োক শতস্কন্ধ বীৰ ৰাৱণাক॥
তাৰ বধ লিখিয়াছে মোহোৰ হাতত।
তাহাক সংহৰা লোক নাহি জগতত॥
সীতাৰ শুনিয়া বাণী দেৱৰঘুৰায়।
প্ৰভাতত মাতলিক আনিলা মতাই॥
শুনিয়ো মাতলি ৰথ সাজ এতিক্ষণ।
একবাৰ পৃথিবীক কৰো প্ৰযতন॥
প্ৰণাম কৰিয়া সাৰথিয়ে বোলে বাক।
ধনুশৰ কিবা লাগে কহিয়ো আমাক॥
ৰামে বোলে নলাগয় বহুত অস্ত্ৰক।
শীঘ্ৰ কৰি ৰথখান সাজি “আনিয়োক”॥
তেতিক্ষণে ৰথ আনি ত্বৰিতে যোগাইলা।
প্ৰণাম কৰিবে আসি লক্ষ্মণে দেখিলা॥
প্ৰণাম কৰিয়া বোলে দাদা দেৱ হৰি।
কোন স্থানে যোৱা তুমি মোক ছদ্ম কৰি॥
ৰামে বোলে শুনা বাপু প্ৰাণৰ ভয়াই।
পৃথিবীক পৰ্য্যতন কৰিবো লীলাই॥
লক্ষ্মণে বোলয়, দদা কহিৱো সকাল।
একস্বৰে যাইবা তুমি নেদেখোঁজা ভাল॥