পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬ )


ৰামচন্দ্ৰে কহিলেক ৰহি কতোক্ষণ।
উপহাসে সীতা মোক বুলিলে বচন॥
ৰাৱণৰ যত বংশ মাৰিলোঁ লীলাই।
তথাপি সাতাৰ মনে নোহো মূণিষাই॥
শতস্কন্ধ বাৱণক পাৰোঁ মাৰিবাক।
তেবে সীতা পুৰুষাৰ্থ বুজাই আমাক॥
এনেকতে যুদ্ধ কৰি মাৰিবোহো তাক।
শুনিয়ো লক্ষ্মণে কিছু নুবুলিলা বাক॥
ৰথে চৰি গৈলা দুয়ো উত্তৰ দিশক।
ছয় মাসে পাইলা দেশ সিংহলাদ্বীপক॥
পশু মৃগ আদি যত যত আছে তাত।
দুই তিনি শিৰ সিটো দেখিলা সাক্ষাত॥
এক মুণ্ড নাহি একো পশু পিপৰাৰ।
মনুষ্যৰ চাৰি চয় শিৰ অনিৰ্ব্বাৰ॥
দ্বাৰপাল আগে ৰথ ৰাখিয়া বোলয়।
আমা সাৰ বাৰ্ত্তা আগে কহ দ্বাৰিতয়॥
দ্বাৰপালে বলে কহ তই কোন জন।
নৃপতিত কৈবো কিবা কহিয়ো বচন॥
শুনি ৰামে কহে দ্বাৰি শুনা মন কৰি।
অযোধ্যাৰ ৰাজা আমি ফুৰোঁ ৰণ কৰি॥
তোমাৰ ৰাজাৰ লগে আইলো যুজিবাৰ।
শীঘ্ৰ কৰি কহ কথা বিলম্ব নকৰ॥