পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০ )

কৰিলো, লক্ষ লক্ষ ৰাক্ষস মাৰিলো, তেহে তোমাক, আনিব পাৰিলো, তুমি নিনগৰ পৰা বহি থাকি কব পাৰা তোন।

সীতা।— প্ৰভু আপুনি মহা অগ্নি ৰাক্ষস বিলাক শুকান কাষ্ট কিন্তু এটা কথা আপুনি বাৰু শতস্কন্ধ ৰাৱণক মাৰগৈ তেহে ময় মুনি সাই আৰু বীৰত্ব বুজিব পাৰিম। আপোনাৰ কিমান প্ৰতাপ তাৰ হলে মোৰ হাতত হে মৃত্যু লেখিছে।

ৰাম।— তেনে হলে ময় কাইলৈ মাৰিম গৈ। সাৰথি তুমি বেগতে ৰথ খান আনা।

সাৰথি।— প্ৰভু আপোনাৰ বাক্য শিৰো ধাৰ্য্য। ধনু শৰ আনিব লাগিবনে।

ৰাম।— শৰ ধনু অলপ লবা।

সাৰথি।— প্ৰভু ৰথ আনিলো। ইতিমধ্যে লক্ষ্মণে দেখে।

লক্ষণ।— দদা আপুনি যুদ্ধৰ সাজেৰে ওলাল মোক এৰি কলৈবা যাই।

ৰাম।— ভাই মই আৰু এবেলি পৃথিবী ফুৰি আহো।

লক্ষ্মণ।— দদা তেনে হলে ময়ো যাও মোক নেৰিব।

ৰাম।— আৰু তুমিও ওলোৱা।

লক্ষ্মণ।— দদা কাৰণ জানিব খোজো।

ৰাম।— সীতাই আজি মোক বৰ উপহাস কৰিলে ৰাৱণৰ, সবংশে, মাৰিলো তেও সীতাৰ মানত বীৰ